১) বিদাতক বিদাত হিচাপে চিনি পোৱাৰ কোনো নিৰ্দিষ্ট দলীল পোৱা নাযায়। তথাপি নিষিদ্ধ হোৱা সংক্ৰান্তত সাধাৰণ দলীল পোৱা যায়।
২) সকলো সময়তে বিদাতে শ্বৰীয়তৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিপৰীত অৱস্থানত থাকে, এই কাৰণেই বিদাত নিকৃষ্ট আৰু বাতিল হোৱাৰ ডাঙৰ কাৰণ যাৰ বাবে হদীছত বিদাতক ভ্ৰষ্টতা বুলি অভিহিত কৰিছে।
৩) অধিক ক্ষেত্ৰত বিদাত এনে কাৰ্যৰ দ্বাৰা কৰা হয় যিটো ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম বা চাহাবাসকলৰ সময়ত প্ৰচলিত নাছিল।
৪) বিদাতৰ লগত শ্বৰীয়তী কোনো ইবাদতৰ মিল নাথাকে। এই মিল দুই ধৰণে লক্ষ্য কৰা হয়, প্ৰথমতঃ দলিলৰ ফালৰ পৰা দেখা যায় কোনো এক সাধাৰণ দলিলৰ ওপৰত সংশয় বা ধাৰণাৰ ভিত্তিত বিদাত প্ৰচলিত হয় আৰু প্ৰকৃত দলীল সামান্য সলনি কৰি সঠিক দলিলৰ ৰূপ দিয়া হয়। দ্বিতীয়তে শ্বৰীয়ত প্ৰণিত ইবাদতৰ ৰূপ-ৰেখা আৰু পদ্ধতিৰ সৈতে বিদাতক মিলাই একে কৰা হয়। এই মিলসমূহ সংখ্যা, আকাৰ-আকৃতি, সময় বা স্থান তথা নিৰ্দেশৰ সতে কৰা হয়, সেয়ে বহুতে বিদাতক ইবাদত হিচাপে গণ্য কৰে । আয়িশ্বা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বৰ্ণিত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱছাল্লামে কৈছে – দ্বীনত অন্তৰ্ভুক্ত নোহোৱা নতুন আবিষ্কাৰ সমুহ পৰিত্যাজ্য (বুখাৰী ২৫১২, মুছলিম ৩২৪৮)।