বিদাতক দুটা ভাগ কোনে কৰিলে ???

বিদাতক দুটা ভাগ কোনে কৰিলে ???
তথাকথিত কেইজনমান আলিমক প্ৰশ্ন কৰা হৈছিল — ফজৰ, জহুৰ, আছৰ, মগৰীব আৰু ঈছাৰ চালাতৰ আগত আৰু পিছত পঢ়া চুন্নতসমূহ জামাতত পঢ়াৰ ব্যৱস্থা কৰিলে কেনে হব ? তেওঁলোকৰ উত্তৰ — নাই । এনেকুৱা নিয়ম কৰিব নোৱাৰি । কাৰণ ৰছুলুল্লাহ ছঃ এ কেতিয়াও এইবোৰ চালাত জামাত কৰি পঢ়াৰ কথা কুৰআন আৰু হাদীছত নাই । এইটো বিদাত হব । তেতিয়া মই কলো যে — সন্মিলিত জিকিৰ, সন্মিলিত দৰূদ, কুৰআন খতম, ফৰজ চালাতৰ পিছত সন্মিলিত মুনাজাত এইবোৰ ও ৰছুলুল্লাহ ছঃ এ কোনোদিন কৰা নাই । এইবোৰ কেনেকৈ বিদাতে হাছনা হ’ল ? তেওঁলোকৰ কোনো জবাব নাই । ৰছুলুল্লাহ ছঃ এ সকলো বিদাতকে পথভ্ৰষ্টতা আৰু পথভ্ৰষ্টতাৰ স্থান জাহান্নাম বুলি কৈ গৈছে । বিদাতক দুই ভাগ কৰাৰ অনুমতি কোনে দিলে ? চাৰি ইমামৰ কোনোবাই নে অইন কোনোৱে ? কাৰোবাৰ যদি জনা আছে জনাবলৈ অনুৰোধ কৰিলোঁ । মই জনামতে যিমান ইবাদাত আছে সকলো ৰছুলুল্লাহ ছঃ ৰ তৰীকা বা পদ্ধতিত হব লাগিব । নহ’লে কবুল নহয় । খেয়াল খুচি বা আন কাৰোবাৰ তৰীকাত কৰিলে শ্বিৰ্ক হোৱাৰ সম্ভাৱনা আছে । ৰছুলুল্লাহ ছঃ এ কৈছে যে — “যি ব্যক্তিয়ে এনে কিছুমান আ’মল কৰিলে য’ত মোৰ অনুমতি নাই সেইটো প্ৰত্যাখ্যাত” ( মুছলিম – ১৭১৮) “জানি শুনি বিদাত কৰি থাকিলে তেওঁৰ কোনো আ’মল কবুল নহয় যেতিয়ালৈকে তোৱাহ কৰি ছহীহ পথত ঘূৰি নাহে” (বুখাৰী – ৩১৭২) বিদাতে হাচনা নকৰি ৰছুলুল্লাহ ছঃ ৰ চুন্নত মোতাবেক আ’মল কৰিলে আমাৰ কি অসুবিধা হয় ? মহান আল্লাহে কৈছে — আল্লাহ আৰু তেওঁৰ ৰছুল ছঃ এ কোনো কামৰ আদেশ কৰিলে কোনো ঈমানদ্বাৰ পুৰুষ ও ঈমানদ্বাৰ নাৰীৰ সেই বিষয়ে ভিন্ন ক্ষমতা নাই যে, আল্লাহ ও তেওঁৰ ৰছুল ছঃ ৰ আদেশ অমান্য কৰি তেওঁ প্ৰকাশ্যে পথভ্ৰষ্টতাই পতিত হয় (আহজাব – ৩৬) । বিদাতৰ কেতিয়াও দুটা ভাগ হব নোৱাৰে । জাহান্নামৰ যিমানেই ভাগ নহওঁক জাহান্নাম সদায় জাহান্নামে হৈ থাকিব । বেয়া বস্তুৰ ভাগ কৰিলেও সি ভাল হৈ নাযায় । গু সদায় গু । ভাল গু হলেও গু আৰু বেয়া গু হলেও গু ।

Leave a comment