নবী চল্লাল্লাহু আলাইহি অছাল্লামে , আমাৰ ইবাদতত লব লগা সতৰ্কতাৰ বিষয়ে কি ঘোষণা কৰিছে , সেই সম্পৰ্কে ধ্যান দিছেনে ?? অনিবাৰ্য্য বিপদ ” বিদআত ” মানেনো কি , তাৰ প্ৰকৃত সংঞ্জা কেতিয়াবা বুজিবলৈ চেষ্টা কৰিছেনে ?? যদি সঁচাকৈয়ে ইয়াৰ মূল অৰ্থ কোনোবাই বুজিবলৈ সক্ষম হোৱা নাই , তেন্তে –
कृपया ध्यान दिजिये , বা অনুগ্ৰহ কৰি মন কৰিব ☞☞
আমি গৰিষ্ঠ সংখ্যকেই বিদআত মানে বেয়া কাম আৰু বিদআত কৰিলে গুণাহ হয় , এই ধাৰণাহে বুজি পাওঁ !! হয়, ইছলামীয় দৃষ্টিত এনে বহুতো বেয়া কাম আছে , যেনেকৈ মদ্যপান কৰা, জুৱা খেলা, চালাত আদায় নকৰা , চিয়াম পালন নকৰা , যাকাত আদায় নকৰা ইত্যাদি ইত্যাদি । এতিয়া প্ৰশ্ন হয় এনেধৰণৰ সকলো বেয়া কাম আৰু বিদআতৰ দ্বাৰা কৰা বেয়া কামে একেই অৰ্থ বহন কৰে নেকি ?? সেই পাৰ্থক্য আমি বুজিবলৈ চেষ্টা কৰা উচিত !!
নিশ্চিত ভাবে এই দুই প্ৰকাৰৰ বেয়া কামে দুই সম্পূৰ্ণ পৃথক অৰ্থ বহন কৰে !! মদ্যপান কৰা, জুৱা খেলা ইত্যাদি প্ৰকাৰৰ সকলো বেয়া কামক সকলো মানুহেই বেয়া বুলিয়েই গন্য কৰে বা বেয়া বুলি বুজি পায় । সেয়েহে এনে বেয়া কামত লিপ্ত লোকে জীৱনত অনুতপ্ত হোৱাৰ স্হল থাকে । সেয়েহে এনে ব্যক্তিয়ে যেতিয়াই আন্তৰিকতাৰে নিজে কৰা এনে ভূল সমূহৰ বিষয়ে অনুতাপ কৰিব , তেতিয়াই আল্লাহৰ ওচৰত বাৰাম্বাৰ মাফ বিচাৰি এনে বেয়া কাম সমূহ ভবিষ্যতে ত্যাগ কৰি সঠিক পথলৈ অহাৰ চেষ্টা কৰাৰ সম্ভাৱনা থাকে । ইন শ্বা আল্লাহ এনে লোকক আল্লাহে মাফ কৰি দিয়াৰ বিষয়ে কোৰআনত ঘোষণা কৰিছে ।
কিন্তু মন কৰিব লগা বিষয় যে বিদআতত লিপ্ত হৈ থকা লোকে তেতিয়ালৈকে বেয়া কাম কৰাৰ বিষয়ে অনুতপ্ত হোৱাৰ স্হল নাথাকে , যেতিয়ালৈকে বিদআত মানেনো কি বুজিবলৈ চেষ্টা নকৰে । কিয়নো এই “বিদআত” নামৰ ভয়ঙ্কৰ অপৰাধটি একমাত্ৰ আমি কৰা আমলৰ সৈতে জড়িত হৈ থাকে । বাহ্যিক বা সামাজিক দৃষ্টিত এনে “বিদআত” আমল হিচাবে আত্মপ্ৰকাশ কৰি থাকে , সেয়েহে স্বাভাৱিক দৃষ্টিত সাধাৰণ মানুহে ইয়াক বেয়া কাম বুলি গন্য নকৰে ! যাৰ পৰিণতিত তেনে লোকে জাহান্নামলৈ যোৱা কাম কৰিও অনুতপ্ত হোৱাৰ স্হল নাথাকে বা তেনে কৰ্মৰ বাবে আল্লাহৰ ওপৰত মাফ খুজাৰো প্ৰয়োজনবোধ নকৰে , কিয়নো তেওঁলোকে সেইয়া আমল কৰিছো বুলিয়েই ভাবি থাকে ।
সেয়েহে শ্বৰীয়তৰ দৃষ্টিত বিদআত মানেনো কি আমি প্ৰত্যেকেই বুজি পোৱাৰ প্ৰয়োজন । বিদআত ভৰা আমল আল্লাহৰ দৃষ্টিত প্ৰকৃততে আমলেই নহয় !! যিহেতু বিদআত হৈছে চুন্নতৰ হত্যাকাৰী আৰু ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামক কাৰ্য্যৰে অস্বীকাৰ কৰা বুজায় । আমাৰ জীৱনৰ তেনে প্ৰত্যেকটো আমলেই বিদআত হিচাবে বিবেচিত হব , যি আমল নবী চল্লাল্লাহু আলাইহি অছাল্লাম বা চাহাবী সকলে কৰি গৈছে বুলি স্পষ্টকৈ চহীহ হাদীছৰ মাধ্যমত প্ৰমাণিত নহব । কিয়নো চহীহ হাদীছ বিহীন সকলো আমলেই দ্বীনৰ নৱ সংযোজন , আৰু এনে প্ৰত্যেকটো নৱ সংযোজনকেই চহীহ হাদীছে বিদআত বুলি সংঞ্জা দিছে । আল্লাহে পবিত্র কোৰআনত নিয়ামতৰ দ্বীনে ইছলাম পৰিপূৰ্ণ হোৱা বুলি ঘোষণা কৰিছে আৰু নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ মাধ্যমেৰে উম্মতলৈ হুকুম জাৰি কৰি কৈছে যে –
” দ্বীনত কোনো নৱ সংযোজন নকৰিবা !!
প্ৰত্যেকটো নৱ সংযোজনেই বিদআত !!
প্ৰতিটো বিদআতেই পথভ্ৰষ্টতা !!
প্ৰত্যেক পথভ্ৰষ্টতাৰ পৰিণতি জাহান্নাম !!
এয়াই হৈছে চহীহ হাদীছত উল্লেখিত বিদআতৰ বিশুদ্ধ সংঞ্জা । বুজিবলৈ চেষ্টা কৰিলে কোনো কঠিনতা নাই , কোনো বক্ৰতা নাই । নিজে কৰি থকা আপোনাৰ প্ৰত্যেকটো আমল চহীহ হাদীছত উপলব্ধ হয় নে নহয় , তাৰ চহীহ হাদীছৰ ত্বথ্য আপোনাৰ নিকটৱৰ্ত্তী আলীমৰ পৰা দলীল বিচাৰক !! দলীল সহকাৰে নজনা মানুহক দ্বীন শিকাবলৈ তেখেত সকল দায়বদ্ধ , যিহেতু এইয়া আল্লাহে কোৰআনত দিয়া নিৰ্দেশ । চহীহ হাদীছত উল্লেখ থাকিলে , ইন শ্বা আল্লাহ তেনে আমল হব চুন্নত , চহীহ হাদীছত ত্বথ্য নথকা সকলো আমলেই হব বিদআত !! এই বিবেচনাত কাৰো মুখৰ কথা কেতিয়াও গ্ৰহণযোগ্য নহয় বা উপযুক্ত চনদ সহকাৰে হাদীছৰ মানদণ্ড চহীহ বা হাছান হোৱাটো বাধ্যতামূলক !! অৰ্থাৎ হাদীছৰ গ্ৰহণযোগ্যতা লাগিব !!
বিদআত শ্বৰীয়তৰ দৃষ্টিত ইমানেই ক্ষতিকাৰক যে বিদআতীৰ কোনো আমলেই আল্লাহে গ্ৰহণ নকৰে বুলি কৈছে আৰু পৰিণতি স্পষ্টকৈ জাহান্নাম বুলি সকিয়াই দিছে !! সেয়েহে আল্লাহৰ এনে ঘোষণাৰ প্ৰতি সকলোৱে ধ্যান দিয়াটো অতিকৈ প্ৰয়োজন , অন্যথা গোটেই জীৱনৰ আমল কোনো কামত নাহিব !!
প্ৰসংগক্ৰমে জনাব বিচাৰো যে সাধাৰণ ভাবে আমি চালাতত ঠিয় হৈ পঢ়া জাইনামাজ পাকৰ দো’আ , চালাতৰ শাব্দিক নিয়ত , ফৰজ চালাতৰ পাছত ইমামৰ সৈতে কৰা সন্মিলিত মোনাজাত আদি আমলৰ কোনো গ্ৰহণযোগ্য দলীল নাই , সেয়েহে নিশ্চিত ভাবে সংঞ্জা অনুসৰি এনে আমল বিদআতৰ অৰ্ন্তভূক্ত । বাহ্যিক দৃষ্টিত আমি ভাল দেখিলেই নহব , চহীহ হাদীছত উল্লেখ থাকিব লাগিব ।
সেয়েহে আমি পাহৰি যোৱাটো উচিত নহয় যে —
” উজ্জ্বল বস্তু মানেই সোণ নহয় ” ………….
Muktabul Hussain