বিদ‘আতী / বিদআতী আৰ পথভ্ৰষ্ট দল*

*বিদ‘আতী আৰ পথভ্ৰষ্ট দল*

যি কর্ম বা বিশ্বাস ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু তেওঁৰ চাহাবীসকলে দ্বীন বা ইবাদত হিচাবে পালন কৰা নাই তাক দ্বীন, ইবাদত বা চওৱাবৰ কর্ম বুলি ভৱাটোৱেই বিদ‘আত। ইয়াত সংক্ষেপে বিদ‘আতৰ কিছু বৈশিষ্ট্য উল্লেখ কৰিম ইন শ্বা আল্লাহ।

#ক. বিদ‘আত একান্তই ধার্মিকসকলৰ পাপ। ধার্মিকসকলৰ বাহিৰে আন কোনেও বিদ‘আতত লিপ্ত নহয়। বিদ‘আতেই একমাত্র পাপ যাক মানুহে পূণ্য বুলি ভাৱি পালন কৰে।

#খ. কোনো কর্ম বিদ‘আত বুলি গণ্য হোৱাৰ চর্ত তাক ইবাদত বুলি ভৱা। যেনে- এজন মানুহে থিয় হৈ, জপিয়াই বা নাচি-বাগি যিকৰ বা দৰূদ-চালাম পঢ়ে। এনেদৰে থিয় হোৱা, জপিওৱা বা নৃত্য কৰা শ্বৰীয়তত মূলতঃ নিষিদ্ধ নহয়। কোনোবাই যদি জাগতিক কাৰণত এনে কৰে সেয়া পাপ নহয়। থিয় হৈ থকা বা নৃত্য কৰাৰ সময়ত যিকৰ বা দৰূদ-চালাম পাঠ পাপ নহয়। দৰূদ-চালাম বা যিকৰৰ সময়ত কোনো কাৰণত বা অনিয়ন্ত্রিত আবেগত থিয় হোৱা বা জপিওৱা পাপ নহয়। কিন্তু যেতিয়া কোনোবাই ‘থিয় হোৱা’, ‘জপিওৱা’ বা ‘নৃত্য কৰা’-ক দ্বীন, ইবাদত বা ইবাদতৰ অংশ হিচাবে বিশ্বাস কৰিব তেতিয়া সেইটো বিদ‘আতত পৰিণত হ’ব।

ইবাদত হিচাবে বিশ্বাস কৰাৰ অৰ্থ:

১। যিকৰ বা দৰূদ-চালাম থিয় হোৱা বা জপিওৱা অবিহনে পালন কৰাতকৈ থিয় হৈ বা জপিয়াই পালন কৰা উত্তম, অধিক আদব, অধিক চওৱাব বা অধিক বৰকত বুলি ভৱা বা

২। থিয় হোৱা বা জপিওৱা অবিহনে যিকৰ বা দৰূদ-চালাম পালন কৰোঁতে অস্বস্তি অনুভৱ কৰাৰ কাৰণে এই পদ্ধতিত এইবোৰ ইবাদত পালনক ৰীতিত পৰিণত কৰা।

#গ. সাধাৰণভাৱে বিদ‘আতক পাপ বুলি বুজি পোৱা নাযায়; কাৰণ অধিকাংশ ক্ষেত্রতেই কর্মটো ইছলামত নিষিদ্ধ নহয়। তাক ইবাদত বনাই লোৱা বা ইবাদত বুলি বিশ্বাস কৰাটোহে পাপ। বহু সময়ত শ্বৰীয়তত নিষিদ্ধ কর্মও বিদ‘আতত পৰিণত হয়। যেনে- মদ্যপান, ব্যভিচাৰ, গানবাদ্য, আল্লাহক বাদে অইনক চিজদা কৰা, কবৰ পকা কৰা, কবৰত অগ্নি প্ৰজ্বলন কৰা ইত্যাদি। কোনোবাই যদি সাধাৰণভাৱে মদ্যপান, ব্যভিচাৰ, গানবাদ্য ইত্যাদি কৰে তেন্তে সেইটো হাৰাম। আৰু যদি কোনোবাই এইবোৰ কর্মক ইবাদত বা আল্লাহৰ নৈকট্য লাভৰ কর্ম হিচাবে পালন কৰে তেতিয়া সেইটো হাৰামৰ লগতে বিদ‘আত। বাস্তৱতে বহু ফকীৰ, মাৰফতী বা ছূফী নামধাৰী ব্যক্তিয়ে ধর্ম বা ইবাদতৰ নামত এনে ধৰণৰ মহাপাপত লিপ্ত হয়।

#ঘ. বিদ‘আতৰ পাপ কেইবা পর্যায়ৰ:

১। ই প্রত্যাখ্যাত। অর্থাৎ এই কর্ম আল্লাহে কবুল নকৰে আৰু ইয়াৰ বাবে চওৱাবো নহয়।

২। ই বিভ্রান্তি। কাৰণ তেওঁ জানি বা নাজানি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবীসকলৰ ইবাদতক অসম্পূর্ণ বুলি ভাৱে।

৩। বিদ‘আত অন্যান্য ইবাদত কবুল হোৱাৰ প্রতিবন্ধক।

৪। গানবাদ্য, মদ্যপান, কবৰত চিজদা ইত্যাদি মহাপাপক ইবাদতৰ লগত সংযুক্ত কৰিলে তাৰ বাবে এইবোৰ মহাপাপৰ শাস্তি আৰু বিদ‘আতৰ শাস্তিৰ লগতে ঈমান বিনষ্ট হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে।

#ঙ. বিদ‘আতৰ সকলোতকৈ ভয়ঙ্কৰ দিশ হ’ল- বিদ‘আতে ছুন্নাতৰ প্রতি অৱজ্ঞাৰ সৃষ্টি কৰে। বিদ‘আতত লিপ্ত ব্যক্তিয়ে নিজকে ছুন্নী বা আহলূছ ছুন্নাত বুলি ভাৱে। যিবোৰ ছুন্নাত তাৰ বিদ‘আতৰ প্রতিপক্ষ নহয় সেইবোৰ সি পালন বা মহব্বত কৰে। কিন্তু তাৰ পালিত বিদ‘আত সংশ্লিষ্ট ছুন্নাতক সি গ্রহণ কৰিব নোৱাৰে।

ওপৰৰ উদাহৰণটো বিবেচনা কৰক। যি ব্যক্তিয়ে থিয় হৈ বা জপিয়াই যিকৰ বা চালাম পালন কৰিছে তেও স্বীকাৰ কৰিব যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম বা ছাহাবীসকলে থিয় হৈ বা জপিয়াই যিকৰ, দৰূদ বা চালাম পালন কৰিছিল বা কৰিবলৈ উৎসাহ দিছিল বুলি সি ক’তো দেখা নাই। সি স্বীকাৰ কৰিব যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবীসকলে বহি-বহি যিকৰ, দৰূদ আৰু চালাম পাঠ কৰিছিল বুলি সি বহু হাদীছৰ পৰা জানিব পাৰিছে। তাৰ পিছতো সি বহি যিকৰ বা দৰূদ-চালাম পালনত অস্বস্তিবোধ কৰিব। বিভিন্ন ‘দলীল’ দি এইবোৰ ইবাদত বহি পালন কৰাতকৈ থিয় হৈ বা নাচি পালন কৰা উত্তম বুলি প্রমাণ দিয়াৰ চেষ্টা কৰিব।

তাৰ বিদ‘আতক প্রমাণ কৰিবলৈ সি বহু অপ্রাসঙ্গিক দলীল পেচ কৰিব আৰু ছুন্নাত-প্রমাণিত পদ্ধতিক অৱজ্ঞা কৰি সি কব: ‘সকলো বস্তুৱেই ছুন্নাত মতে হয় নেকি? ফ্যান, মাইক… কিমানবোৰ বস্তুৱেই দেখোন নতুন। ইবাদতো অলপ নতুন পদ্ধতিত কৰিলে সমস্যা কি? ইয়াৰোপৰি ছুন্নাতৰ হুবহু অনুসৰণ কৰি বহি-বহি দৰূদ, চালাম আৰু যিকৰ পালনকাৰীৰ প্রতি কম বা বেছি অৱজ্ঞা অনুভৱ কৰিব।

#চ. তাওহীদৰ বিশ্বাসৰ ঘাটিৰ পৰা শ্বিৰ্কৰ উৎপত্তি আৰু ৰিছালাতৰ বিশ্বাসৰ ঘাটিৰ পৰা বিদ‘আতৰ উৎপত্তি। বিদ‘আত মূলতঃ মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ৰিছালাতৰ লগত অইন কাৰোবাক শ্বৰীক কৰা বা ৰিছালাতৰ পূর্ণতাত অনাস্থা। শ্বিৰ্কত লিপ্ত ব্যক্তিয়ে যেনে- শ্বিৰ্ক সংশ্লিষ্ট বিষয়ে ‘গাইৰুল্লাহ’ (আল্লাহক বাদে অইন)-ৰ প্রতি হৃদয়ৰ আস্থা অধিক অনুভৱ কৰে তেনে বিদ‘আতত লিপ্ত ব্যক্তিয়ে বিদ‘আতৰ ক্ষেত্রত ‘গাইৰুন্নবী’ (নবীক বাদে অইন)-ৰ অনুসৰণ-অনুকৰণত অধিক স্বস্তি বোধ কৰে। সি সর্বদা সংশ্লিষ্ট বিষয়ত ‘সকলো বস্তু কি নবীৰ তৰীকাত হয়?’ বুলি কয় আৰু নানাবিধ ‘দলীল’ দি ইত্তিবায়ে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামক গুৰুত্বহীন বা কম গুৰুত্বপূর্ণ বুলি প্রমাণ কৰিবলৈ সচেষ্ট থাকে। লগতে তাৰ ‘বিদআতী’ আমল বা পদ্ধতিক উত্তম বুলি প্রমাণ কৰিবলৈ ‘গাইৰুন্নবী’ অর্থাৎ বিভিন্ন বুজুর্গৰ কর্মৰ প্রমাণ প্রদান কৰে।

#ছ. মুশ্বৰিকসকলে আল্লাহৰ প্রতিপালনৰ একত্বত বিশ্বাস কৰিছিল আৰু তেওঁৰ ইবাদত কৰিছিল, কিন্তু কেৱল তেওঁৰ অকলশৰীয়া বন্দনাত তৃপ্তি পোৱা নাছিল। তেওঁৰ যিকৰ বা বন্দনাৰ লগতে ‘গাইৰুল্লাহ’-ৰ যিকৰ-বন্দনা হ’লে সিহঁতৰ হৃদয় তৃপ্ত হৈছিল। আল্লাহে কৈছে:

“আৰু যেতিয়া কেৱল এক আল্লাহৰ কথা কোৱা হয় তেতিয়া যিসকলে আখিৰাতৰ প্ৰতি বিশ্বাস নকৰে সিহঁতৰ অন্তৰ বিতৃষ্ণাত সংকুচিত হয়। কিন্তু আল্লাহৰ পৰিৱৰ্তে আন উপাস্যবোৰৰ কথা উল্লেখ কৰা হ’লে তেতিয়াই সিহঁতে আনন্দত উৎফুল্লিত হয়।” (ছুৰা ৩৯-যুমাৰ: আয়াত ৪৫)

আমি দেখো যে, বিদ‘আতত লিপ্ত মানুহৰ হৃদয়ৰ অৱস্থা মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ক্ষেত্রতো ঠিক একেই ৰূপ হৈ যায়। সিহঁতে তেওঁক মানে। কিন্তু যেতিয়া কেৱল তেওঁৰেই অনুসৰণ অনুকৰণৰ কথা কোৱা হয় তেতিয়া সিহঁতে বিৰক্তি অনুভৱ কৰে। কিন্তু তেওঁৰ লগতে অন্যান্য বুজুর্গৰ কথা কোৱা হ’লে সিহঁতে তৃপ্তি বোধ কৰে।

বহুতেই কয়: ‘মই কেৱল অমুক বুজুর্গক অনুসৰণ কৰিম। অইন কাৰো প্ৰতি মোৰ অভিযোগ নাই। কিন্তু মই অনুসৰণ কৰিম কেৱল তেওঁকেই। তেওঁ যি কৰিছে সেইটো কৰিম আৰু যি কৰা নাই সেইটো নকৰোঁ। তেওঁ জান্নাতত গ’লে ময়ো যাম। …।’ বর্তমান যুগৰ পৰা অতীতৰ যিকোনো ‘গাইৰুন্নবী’ আলিম, ইমাম বা বুজুর্গৰ নামত এই কথাটি কোৱা হ’লে তাত সাধাৰণতে আপত্তি কৰা নহয়। কিন্তু যদি এই কথাটিকেই মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ক্ষেত্ৰত কোৱা হয় বিদ‘আতত আক্রান্ত মুমিনসকলে সেইটো পছন্দ নকৰে।

সকলো বিদ‘আতৰ ক্ষেত্রতেই এয়া সুস্পষ্ট। মুমিনৰ কাৰণে ইয়াতকৈ ডাঙৰ অধঃপতন আন একোৱেই হ’ব নোৱাৰে যে, তাৰ হৃদয় ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাত গ্রহণ কৰোতে অস্বস্তি বা অৱজ্ঞা বোধ কৰে। বিভিন্ন হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বাৰে বাৰে কৈছে: “তেওঁৰ ছুন্নাত যিয়ে অপছন্দ বা অৱজ্ঞা কৰিব সি তাৰ উম্মাত নহয়।”

#জ. অন্যান্য পাপ যিমানেই ভয়ঙ্কৰ নহওঁক কিয়, মুমিনসকলে সাধাৰণতে সেইবোৰৰ পৰা তাওবা কৰিব পাৰে, কিন্তু বিদ‘আতৰ পৰা তাওবা কৰা খুবেই কঠিন। কাৰণ সকলো পাপৰ ক্ষেত্রতে মুমিনসকলে জানে যে তেওঁ পাপ কৰিছে; ফলত তাওবাৰ এটি সম্ভাৱনা থাকে। পক্ষান্তৰত বিদ‘আত পালনকাৰীয়ে তেওঁৰ বিদ‘আতক নেক আমল বুলি ভাৱি পালন কৰে। গতিকে ইয়াৰ কাৰণে তাওবাৰ কথা তেওঁ কল্পনাই কৰিব নোৱাৰে।

এই কাৰণে তাবেঈসকলে কৈছিল: কাৰোবাক সাধাৰণ পাপত লিপ্ত কৰাতকৈ বিদ‘আতত লিপ্ত কৰাব পাৰিলে ইবলীছে বহু বেছি আনন্দিত হয়। সম্ভৱতঃ এই কাৰণেই বিদ‘আত যিমান সাধাৰণেই নহওঁক কিয় তাৰ প্রতি আকর্ষণ সর্বদা খুবেই বেছি হয়। যেনে- থিয় হৈ, জপিয়াই বা নাচি যিকৰ, দৰূদ বা চালাম পালনকাৰীয়ে দাবী কৰিব যে, থিয় হোৱা, জপিওৱা বা নৃত্য কৰা মুস্তাহাব বা মুস্তাহাছান; জৰুৰী নহয়। কিন্তু অইন বহু ফৰয-ৱাজিবতকৈ ইয়াৰ প্রতি তাৰ আকর্ষণ বেছি থাকে। ইয়াৰ পৰা তাওবা তো দূৰৈৰ কথা ইয়াৰ কাৰণে সি জীৱন দিবলৈও প্রস্তুত থাকে।

#ঝ. বিদ‘আতৰ আন এটি অপৰাধ হ’ল ই ছুন্নাতৰ হত্যাকাৰী। ছুন্নাত বহির্ভুত কোনো কর্ম বা পদ্ধতি ইবাদতত পৰিণত হোৱাৰ অর্থ সংশ্লিষ্ট মাছনূন ইবাদত বা পদ্ধতিৰ মৃত্যু। যিয়ে থিয় হৈ বা জপিয়াই যিকৰ বা ছালাম পাঠ উত্তম বুলি গণ্য কৰে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু চাহাবীসকলৰ পদ্ধতিত বহি যিকৰ বা ছালাম কৰা তাৰ জীৱনৰ পৰা হেৰাই যাব। এনেদৰে সমাজৰ অন্যান্য মানুহে যেতিয়া এনেদৰে ইবাদতটি পালন কৰি থাকিব তেতিয়া সমাজৰ পৰাও ছুন্নাতটো অপসাৰিত হ’ব।

সন্মানিত পাঠক! বিদ‘আতে শ্বিৰ্কৰ পথ উন্মুক্ত কৰে আৰু শ্বিৰ্কে আল্লাহৰ বেলায়াতৰ পথ চিৰৰুদ্ধ কৰে। মক্কাৰ কাফিৰসকল ইব্ৰাহীম (আ)-ৰ উম্মাত আছিল। সিহঁতে প্রথমে ইত্তিবায়ে ৰাছুল অৱহেলা কৰে। দ্বীনৰ বিভিন্ন বিষয়ে ইব্ৰাহীম (আ)-ৰ হুবহু অনুসৰণ নকৰি যুক্তি দি নতুন কর্ম কৰিবলৈ আৰম্ভ কৰে। যেনে- হজ্জৰ সময়ত আৰাফাত নগৈ মুযদালিফাত অৱস্থান, তাৱাফৰ সময়ত উলঙ্গ হোৱা, তালি বজাই যিকৰ কৰা ইত্যাদি। ইয়াৰ ধাৰাবাহিকতাত যুক্তি আৰু দলীলৰ পথ ধৰি সিহঁতৰ মাজত শ্বিৰ্ক প্রৱেশ কৰে। উম্মাতে মুহাম্মাদীৰ শ্বিৰ্কত লিপ্ত মানুহৰ পিনে দৃষ্টিপাত কৰিলে আপুনি একেই অৱস্থা দেখা পাব।

আল্লাহৰ বেলায়াত বা নৈকট্য অর্জনৰ অর্থ তো সর্বদা তেওঁৰেই নৈকট্য অনুভৱ কৰা। সর্বদা হৃদয়ত তেওঁৰেই ৰহমতৰ স্পর্শ, সকলো আনন্দ-বেদনাত কেৱল তেওঁৰেই কথা মনত পৰা, তেওঁৰেই লগত কথা কোৱা, তেওঁ লগতে আছে আৰু তেওঁৰ ৰহমতময় দৃষ্টিয়ে মোক আগুৰি আছে বুলি সর্বদা অনুভৱ কৰা। শ্বিৰ্কত লিপ্ত ব্যক্তিৰ অৱস্থা সম্পূর্ণ ভিন্ন। সি আল্লাহৰ ইবাদত কৰে। কিন্তু আনন্দ-বেদনাত তাৰ মনত আহে ‘গাইৰুল্লাহ’ৰ কথা। অর্থাৎ যি বুজুর্গক সি ‘ভক্তি’ কৰে তেওঁৰেই কথা তাৰ মনলৈ আহে, তেওঁকেই সি স্মৰণ কৰে, তেওঁৰেই দৰদভৰা দৃষ্টি অনুভৱ কৰে, আনন্দত তেওঁৰেই প্রতি কৃতজ্ঞতা আৰু বিপদত তেওঁৰেই প্রতি আকুতিয়ে তাৰ হৃদয় আলোড়িত কৰে। শ্বিৰ্কৰ এই বৃত্ত আল্লাহৰ বেলায়াতৰ পথ চিৰতৰে ৰুদ্ধ কৰে।

বিস্তাৰিত আলোচনা, তথ্য, তথ্যসূত্রৰ কাৰণে আচ-ছুন্নাহ পাবলিকেচন্স প্রকাশিত, ড. আব্দুল্লাহ জাহাঙ্গীৰ ৰহিমাহুল্লাহ ৰচিত ‘এহইয়াউচ ছুনান’ গ্রন্থখন চাওঁক।

মূল- ড. খোন্দকাৰ আব্দুল্লাহ জাহাঙ্গীৰ [ৰহিমাহুল্লাহ], অধ্যাপক, আল-হাদীছ বিভাগ, ইছলামী বিশ্ববিদ্যালয়, কুষ্টিয়া চেয়াৰম্যান, আচ-ছুন্নাহ ট্রাষ্ট (আচ-ছুন্নাহ ট্রাষ্ট, আগষ্ট ৮, ২০১৫)

ভাল লাগিলে শেয়াৰ কৰিব ইন শ্বা আল্লাহ।

Leave a comment