বিতিৰৰ কুনূতৰ ছহীহ দোৱা

বিতিৰৰ কুনূতৰ ছহীহ দোৱা:-

মহানবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে হযৰত হাছান বিন আলী ৰাদ্বিয়াল্লাহু আনহুক তলৰ দুআ বিত্‌ৰ নামাযত ক্কিৰাআত শেষ কৰাৰ পিছত (ৰুকূৰ আগত) পঢ়িবলৈ শিকাইছিল:-

اَللّهُمَّ اهْدِنِيْ فِيْمَنْ هَدَيْتَ وَعَافِنِيْ فِيْمَنْ عَافَيْتَ وَتَوَلَّنِيْ فِيْمَنْ تَوَلَّيْتَ وَبَارِكْ لِيْ فِيْمَا أَعْطَيْتَ وَقِنِيْ شَرَّ مَا قَضَيْتَ  فَإِنَّكَ تَقْضِيْ وَلاَ يُقْضى عَلَيْكَ إِنَّهُ لاَ يَذِلُّ مَنْ وَّالَيْتَ وَلاَ يَعِزُّ مَنْ عَادَيْتَ تَبَارَكْتَ رَبَّنَا وَتَعَالَيْتَ لاَ مَنْجَا مِنْكَ إِلاَّ إِلَيْكَ (وَصَلَّى اللهُ عَلى نَبِيِّنَا مُحَمَّدٍ)।

উচ্চাৰণ:- আল্লা-হুম্মাহ্‌দিনী ফী মানহাদাইত। অআ-ফিনী ফীমান আ ফাইত। অতাওৱাল্লানী ফী মান তাওৱাল্লাইত। অবা-ৰিকলী ফী মা আ’ত্বাইত। অকি¸নী শ্বৰ্ৰামা ক্কবাযাইত। ফাইন্নাকা তাক্কয্বি অলা ইউক্কযা আলাইক। ইন্নাহু লা য়্যাযিল্লু মাঁ উওৱা-লাইত। অলা য়্যাইযযু মান আ’-দাইত। তাবা-ৰাকতা ৰাব্বানা অতাআ’-লাইত। লা মানজা মিনকা ইল্লা ইলাইক।

অর্থ – হে আল্লাহ! তুমি মোক হিদায়াত কৰি সিহঁতৰ দলভুক্ত কৰা যিসকলক তুমি হিদায়াত কৰিছা। মোক নিৰাপদে ৰাখি সিহঁতৰ দলভুক্ত কৰা যিসকলক তুমি নিৰাপদে ৰাখিছা, মোৰ সকলো কামৰ তত্ত্বাৱধান কৰি মোক সিহঁতৰ দলভুক্ত কৰা যিসকলক তুমি তত্ত্বাৱধান কৰিছা। তুমি মোক যি কিছু দান কৰিছা তাতে বৰকত দিয়া। মোৰ ভাগ্যত তুমি যি ফায়চালা কৰিছা তাৰ বেয়াৰ পৰা ৰক্ষা কৰা। কাৰণ তুমিয়েই ফায়চালা কৰি থাকা আৰু তোমাৰ ওপৰত কাৰো ফায়চালা নচলে। নিশ্চয় তুমি যাক ভালোপোৱা সি লাঞ্ছিত নহয় আৰু যাক বেয়া পোৱা সি সন্মানিত নহয়। তুমি বৰকতময় হে আমাৰ প্রভু আৰু তুমি চুমহান। তোমাৰ আযাবৰ পৰা তোমাৰ বাহিৰে কোন আশ্রয়স্থল নাই। (আবূদাঊদ, ছুনান, তিৰমিযী, ছুনান, নাছাঈ, ছুনান, আহমাদ, মুছনাদ, বায়হাকী, ইবনে মাজাহ্‌, ছুনান, মিশকাত ১২৭৩নং, ইৰ: ২/১৭২)

বিঃদ্ৰঃ  প্ৰচলিত “আল্লাহুম্মা ইন্না নাস্তায়িনুকা¸¸¸¸¸¸¸¸¸” এইটো বিতিৰৰ কুনুত নহয়। এইটো কুনুতে নাযেলা। তাৰোপৰি এইটো জয়ীফ কুনুত।

Leave a comment