বিচাৰ দিৱসৰ এটি চমু বৰ্ণনা
আব্দুল্লাহ ইবনে আমৰ, আবু হুৰাইৰা ৰাদিয়াল্লাহু আনহুমাৰ পৰা বৰ্ণিত যে, কিয়ামতৰ দিনা সমগ্ৰ ভূপৃষ্ঠ এক সমতল ভূমি হৈ যাব। আৰু মানৱ জিন, গৃহপালিত জন্তু আৰু বন্য প্ৰাণী সকলোকে একত্ৰিত কৰা হ’ব। জীৱ-জন্তুৰ মাজত যদি কোনোবাই পৃথিৱীত আন জন্তুৰ ওপৰত অন্যায় কৰিছে তেন্তে তাৰ পৰা প্ৰতিশোধ লোৱা হ’ব। আনকি যদি কোনো শিংবিশিষ্ট ছাগলী এটাই কোনো শিংবিহীন ছাগলীক মাৰিছিল সেই দিনা তাৰো প্ৰতিশোধ লোৱা হ’ব। এই ফয়ছালা সমাপ্ত হোৱাৰ পিছত সকলো জন্তুক আদেশ কৰা হ’ব মাটিত ৰূপান্তৰিত হৈ যোৱা। তেতিয়া সকলো মাটি হৈ যাব। এই দৃশ্য দেখি কাফিৰ সকলে আকাঙ্ক্ষা কৰিব – হায়! আমিও যদি মাটি হৈ গলোহেঁতেন। এনে হ’লে আমি হিচাব-নিকাচ আৰু জাহান্নামৰ শাস্তিৰ পৰা মুক্তি পালোহেঁতেন। (মুস্তাদৰাক হাকিম ২/৩৪৫, ৪/৫৭৫ মুছনাদে ইছহাক্ব ইবনে ৰাহৱাই ৩২২ ছিলছিলা ছহীহাঃ ১৯৬৬)