বাস্তৱত ইছলাম কি? যিটো ধৰ্মৰ নামৰ অৰ্থই হ’ল “শান্তি”, সেইটো ধৰ্মই জানো প্ৰকৃততে অন্য ধৰ্মৰ ওপৰত জোৰ-জবৰদস্তি কৰি অশান্তি সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে..?? পৰধৰ্মসহিষ্ণুতা আৰু ইচলাম:

– বাস্তৱত ইচলাম কি?  যিটো ধৰ্মৰ নামৰ অৰ্থই হ’ল “শান্তি”, সেইটো ধৰ্মই জানো প্ৰকৃততে অন্য ধৰ্মৰ ওপৰত জোৰ-জবৰদস্তি কৰি অশান্তি সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছে..?? 
পৰধৰ্মসহিষ্ণুতা আৰু ইচলাম:
———————–

             ইচলাম ধৰ্মক (বা ইচলাম ধৰ্মৰ লোকক) বৰ্তমান সময়ত আটাইতকৈ বেছি উগ্রবাদী বা ধ্বংসকাৰী মনোভাৱৰ সাম্প্ৰদায়িক ধৰ্ম বুলি ভবা হয়। যিটো ভাৱৰ আৰম্ভণি কিছুমান ইচলাম ধৰ্মাৱলম্বী(?) লোকৰ বাবেই হৈছে।  ধৰ্মটোৰ কিছুমান ভুল ব্যাখ্যা লৈ আৰু লগাতকৈ বেছি গোড়া হৈ যিসকলে বিভিন্ন ধ্বংসকামী কূটাঘাত কৰি আহিছে, তাৰ বাবে আজিৰ সমাজত ইচলাম ধৰ্ম বা মুচলমান বুলি কলেই মানুহৰ মনত এটা শংকাবোধ সোমাই পৰিছে। 

            — ইচলাম ধৰ্মত পৰধৰ্মসহিষ্ণুতাৰ স্থান নিশ্চয়কৈ আছে।  নিজৰ ধৰ্মৰ বাহিৰৰ লোককো সমানেই সন্মান কৰাৰ নিৰ্দেশ ইচলাম ধৰ্মতো দিয়া আছে।

                       নবী (ছঃ) কৈছে, “কোনো অমুছলিম নাগৰিকক যিজনে অত্যাচাৰ কৰিলে বা তেওঁৰ অধিকাৰ ক্ষুন্ন কৰিলে বা তেওঁক সাধ্যাতীত পৰিশ্রম কৰালে বা তেওঁৰ অমতত তেওঁৰ পৰা কিবা লৈ ললে, কিয়ামতৰ দিনা আল্লাহৰ ওচৰত মই হম ইয়াৰ বিপক্ষে গোচৰ ৰুজু কৰোঁতা।”
           তেওঁ আৰু কৈছিল, “যিয়ে সংখ্যালঘুক (আৰবত অমুছলিম) দুৰ্ব্যৱহাৰ কৰিলে, তেওঁ মোক দুৰ্ব্যৱহাৰ কৰিলে, আৰু যিয়ে মোক দুৰ্ব্যৱহাৰ কৰিলে তেওঁ যেন আল্লাহকেই দুৰ্ব্যৱহাৰ কৰিলে।” (যিহেতু নবী ছঃ সকলোসময়তে আল্লাহৰ নিৰ্দেশেই পালন কৰিছিল)

           কোৰআনৰ একাধিক ঠাইত ধর্ম গ্রহণত জোৰ- জবৰদস্তি কৰাৰ ক্ষেত্রত নিষেধাজ্ঞা জাৰি কৰা হৈছে।

# চুৰা আল বাক্বাৰাৰ ২৫৬ নং আয়াতত কোৱা হৈছে –
        “ধর্মৰ ক্ষেত্রত কোনো জোৰ-জবৰদস্তি নাই।”

# চুৰা আল গাশ্বিয়াৰ ২১ আৰু ২২ নং আয়াতত নবী মহম্মদ (ছঃ) ক উদ্দেশ্য কৰি আল্লাহে কৈছে-
      “তুমি হ’লা মাথো এজন উপদেশক, এওঁলোকৰ ওপৰত বল প্রয়োগকাৰী নহয়।”

# চুৰা  ইউনুছৰ ৯৯ নং আয়াতত আল্লাহে কৈছে-
      “যদি তোমাৰ প্রভুৰ ইচ্ছা হ’লহেতেন, (যে পৃথিৱীত সকলোৱেই মুমিন বা অনুগত হ’ব লাগিব) তেতিয়াহলে গোটেই পৃথিৱীবাসীয়েই ঈমান আনিলেহেতেন। তাৰ পিছতো বাৰু তুমি মুমিন হোৱাৰ কাৰণে মানুহৰ ওপৰত জোৰ-জবৰদস্তি কৰিবানে?”

               ইয়াৰ দ্বাৰা বুজিব পাৰি যে ইছলাম কাৰোবাৰ ওপৰত জোৰকৈ চাপি দিয়া ধর্ম নহয়। নবী আৰু তেওঁৰ চাহাবাসকল আছিল কোৰআনৰ এই বাণীবোৰৰ প্ৰচাৰক উপদেশক।

          মুৱায বিন জাবাল (ৰাঃ)ক য়েমেনৰ শাসক হিচাবে নিযুক্ত কৰাৰ সময়ত তেওঁক উদ্দেশ্য কৰি নবী (ছঃ) কৈছিল- ” ইহুদী বা খ্ৰীষ্টান ধৰ্মাৱলম্বী কাকোৱেই তেওঁৰ ধর্ম ত‍্যাগ কৰিবলৈ বাধ্য কৰা যাতে নহয়। ” এয়াই আছিল প্ৰকৃত মুছলমানৰ শিক্ষা।

             পৰধৰ্মৰ মানুহৰ প্রতি সহানুভূতিশীল হোৱাটো মুছলমানৰ একান্ত কর্তব্য। বিধর্মীসকলৰ প্রতি ব্যৱহাৰ সম্পৰ্কে আল্লাহৰ নির্দেশ- “আৰু যদি মুশ্বৰিকসকলৰ কোনো ব‍্যক্তিয়ে আশ্রয় প্রার্থনা কৰে, তেতিয়াহলে তেওঁক আশ্রয় দিয়া, তাৰপিছত তেওঁক তেওঁৰ নিৰাপদ ঠাইত পঠিয়াই দিয়া।” (চুৰা তাওবা: ৬ নং আয়াত)

              বৰ্তমান সময়ত চছিয়েল মিডিয়াৰ বহু কমেন্টতেই দেখা যায় যে এটা ধর্মৰ মানুহে অন্য এটা ধর্মৰ উপাস‍্যসকলৰ প্রতি যথেষ্ট কটু ভাষাৰে গালি বর্ষণ কৰি তৃপ্তি লাভ কৰি থাকে। সামাজিক জীৱনতো দেখা যায় যে,  বহু মানুহে কাৰণ-অকাৰণত পৰস্পৰে পৰস্পৰৰ ধর্মীয় বিশ্বাসত আঘাত হানে। ইছলামত ইয়াক কঠোৰ ভাবে নিষেধ কৰা হৈছে।
             আল্লাহে কৈছে- “হে ঈমানদাৰসকল! এওঁলোকে (অমুছলিম) আল্লাহক বাদ দি যিসকলক মাতে বা বিশ্বাস কৰে, তোমালোকে তেওঁলোকক গালি নিদিবা। হয়তো অজ্ঞানতাৰ অৱস্থাত তেওঁলোকেও আল্লাহক গালি পাৰি উঠিব।” (আনআম ১০৮)

      জাতিৰ পিতা মহাত্মা গান্ধীয়েও তেওঁৰ Essential writings ত এবাৰ লিখিছিলে- “Islam is not a false religion. Let hindu study it reverently and they will love it even as I do.”

             — গতিকে ভালদৰে হৃদয়ংগম কৰিলে বুজিব পাৰি যে ইচলাম ধৰ্ম এটা যথেষ্ট উদাৰ আৰু পৰধৰ্মসহিষ্ণু ধৰ্ম।  কিন্তু এচাম গোড়া আৰু ধৰ্মান্ধ উগ্রবাদীৰ জেহাদ নামৰ (যিটো প্ৰকৃততে জেহাদেই নহয়) অযুক্তিকৰ কাৰ্য্যকলাপৰ বাবে মূল ইচলাম ধৰ্মতো কৰবাত লুকাই পৰিছে।

Leave a comment