বহু দলত বিভক্ত মুছলিম সমাজত নৱ আলোকপ্রাপ্ত মুছলিম বা ন-মুছলিমসকল কোন দলত অন্তৰ্ভুক্ত হব?

* বহু দলত বিভক্ত মুছলিম সমাজত নৱ আলোকপ্রাপ্ত মুছলিম বা ন-মুছলিমসকল কোন দলত অন্তৰ্ভুক্ত হব?*
 ➖〰➖〰➖〰 ➖〰➖〰➖〰
🍃মহানবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “ইয়াহুদি এসত্তৰ দলত আৰ খ্রীষ্টান বাসত্তৰ দলত বিভক্ত হৈছে। আনহাতে এই উম্মত তেসত্তৰ দলত বিভক্ত হ’ব। যাৰ মাজত এটি দলৰ বাহিৰে বাকী সকলোটি জাহান্নামত যাব।” ইয়াৰ পিছত সেই এটি দল প্রসঙ্গত প্ৰশ্ন কৰাত তেওঁ ক’লে, “তেওঁলোক হ’ল জামাআত, আমি আৰু আমাৰ চাহাবাসকল যি মতাদর্শৰ ওপৰত আছোঁ তাৰ ওপৰত যিটো জামাআত প্রতিষ্ঠিত থাকিব।” (ছুনান আৰবাআহ, মিশকাত ১৭১-১৭২। চিলচিলাহ ছহিহাহ ২০৩, ১৪৯২ নং)

গতিকে নৱ আলোকপ্রাপ্ত মুছলিম বা ন-মুছলিমসকল সেই দলত বা জামাআতত চামিল হ’ব, যিটো দল নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু তেওঁৰ চাহাবাসকলৰ মতাদর্শৰ ওপৰত প্রতিষ্ঠিত আছে। সকলো দলৰ দাবী একেই হলে, জ্ঞান ও বিবেকক কামত লগাই সঠিক দল অনুসন্ধান কৰা ওৱাজীব।

যিটো দলে সকলো কথাৰ ওপৰত নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথাক প্রাধান্য দিয়ে,

যিটো দলে কোনো মাজহাবী তাকলিদত বন্দী নহয় আৰু কোনো বুজুর্গৰ তাজিম আৰু তাকলিদত বাৰাবাৰি নকৰে,

যিটো দলে কোনো বিদ‘আত নকৰে আৰু বিদ‘আতিক প্রশ্রয় নিদিয়ে,

যিটো দলে কোনো শ্বিৰ্কৰ মৌন সমর্থনও নকৰে,

যিটো দলে গাদীৰ লোভত কোনো ৰাজনীতি নকৰে,

যিটো দলে কিতাব আৰু ছহীহ ছুন্নাহৰ ওপৰত আমল কৰে,

কোনো জাল জইফ হাদীছক ভিত্তি কৰি আমল নকৰে ইত্যাদি।
আকৌ সেই হকপন্থী দলটোৰ যি নিদর্শন আছে, জ্ঞানী আৰু উদাৰ মানুহে তাক চিনি পোৱাত ভুল নকৰে। মহান আল্লাহে কৈছে,
 ➖〰➖〰➖〰

“যিসকলে চয়তানী শক্তিৰ পূজা-অর্চনাৰ পৰা দূৰত থাকে আৰু আল্লাহ অভিমুখী হয়, তেওঁলোকৰ কাৰণে আছে সুসংবাদ। এতেকে, সুসংবাদ দিয়া আমাৰ বান্দাসকলক।” (ছূৰা যুমাৰ- ১৭)

“যিসকলে মনোযোগ সহকাৰে কথা শুনে, ইয়াৰ পিছত যি উত্তম, তাৰ অনুসৰণ কৰে। তেওঁলোককেই আল্লাহে সৎপথ প্রদর্শন কৰে আৰু তেওঁলোকেই বুদ্ধিমান। (ছূৰা যুমাৰ- ১৮)

Leave a comment