প্ৰিয় নবী (ছ:) য়ে প্ৰত্যেক পুৰুষ-মহিলা, সৰু-ডাঙৰ, গোলাম-আজাদক ফিতৰাৎ দিবলৈ হুকুম (আদেশ) কৰিছে।
বি:দ্ৰ:- কোনো ল’ৰা বা ছোৱালী ঈদৰ ছালাত (নামাজ) ৰ আগত জন্ম পালে সিহঁতৰো ফিতৰাৎ আদায় দিয়াটো মাক-বাপেকৰ দায়িত্ব।
#নবীজীয়ে_কিমান_পৰিমাণৰ_ফিতৰাৎ_দিবলৈ_কৈছে_চাওঁ_আহক:
চহীহ বোখাৰীৰ হাদীছ এটা লৈছো————————
১৫০৩. ইবনু ‘উমার (রাঃ) হতে বর্ণিত। তিনি বলেন, প্রত্যেক গোলাম, আযাদ, পুরুষ, নারী, প্রাপ্ত বয়স্ক, অপ্রাপ্ত বয়স্ক মুসলিমের উপর আল্লাহর রাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সদাকাতুল ফিতর হিসেবে খেজুর হোক অথবা যব হোক #এক_সা’ পরিমাণ আদায় করা ফারয করেছেন এবং লোকজনের ঈদের সালাতের বের হবার পূর্বেই তা আদায় করার নির্দেশ দিয়েছেন। (১৫০৪, ১৫০৭, ১৫০৯, ১৫১১, ১৫১২, মুসলিম ১২/৪, হাঃ ৯৮৪, আহমাদ ৫১৭৪) (আধুনিক প্রকাশনীঃ ১৪০৬, ইসলামিক ফাউন্ডেশনঃ ১৪১২)
#নবী(ছ:) ৰ জামানাত ১ ছাঁ পৰিমাণৰ #খেজুৰ, #যব আদি দিছিল।
এতিয়া আমি আমাৰ মূখ্য খাদ্য #চাউল,#আটা আদিৰ ১ #ছাঁ পৰিমাণৰ ফিতৰাৎ দিব লাগিব।
১ #ছাঁ হৈছে প্ৰায় ৩ কেজি।
১৬৩৩ #গ্ৰামৰ কোনো চহীহ হাদীছ নাই।
#ফিতৰাৰ_উদ্দেশ্যে_আৰু_লাভ
ফিতৰাৎ এইকাৰণেই দিব লাগে যে #ঈদৰ দিনা কোনো লঘণে থাকিব লগীয়া নহয়। ফিতৰাৎ দিলে ছিয়াম (ৰোজা) ৰ মাজত হোৱা ভূল-ভ্ৰান্তি আল্লাই মাফ কৰি দিয়ে।
#ফিতৰাৎ_কেতিয়া_দিব
#নবী (ছ:) য়ে ফিতৰাৎ ঈদৰ চাঁন (জোন) দেখাৰ পিছত দিছিল যাতে ঈদৰ দিনা কোনো লঘণে থাকিবলগীয়া নহয়। আন এটা হাদীছত ওমৰ (ৰা:) ৰ বৰ্ণিত আছে যে নবী (ছ:) ঈদৰ ২ দিন আগত ফিতৰাৎ দিছিল।
নবী (ছ:) য়ে কৈছে যে ফিতৰাৎ ঈদৰ ছালাত (নামাজ) ৰ আগত আদায় দিব লাগিব। ঈদৰ ছালাত (নামাজ) ৰ পিছত দিলে ফিতৰাৎ আদায় নহ’ব, চদকাহে হ’ব।
#ফিতৰাৎ_কোনে_দিব
ফিতৰাৎ দিবলৈ ৭.৫ তোলা সোণ বা ৫২.৫ তোলা ৰূপৰ অধিকাৰী মানে #চাহাবে_নিচাব হোৱা জৰুৰী নহয়। যাৰ যাৰ দিয়াৰ সম্বল আছে সিহঁতে ফিতৰাৎ দিব লাগিব।
#ফিতৰাৎ_কাক_দিব
প্ৰথমতে নিজৰ আত্মীয়-স্বজন দুখীয়া-গৰীব থাকিলে সিহঁতক আগতে ফিতৰাৎ দিয়ক। নিজৰ আত্মীয়-স্বজনত দুখীয়া মানুহ নাথাকিলে বেলেগ দুখীয়া মানুহ বিচাৰি বিচাৰি উলিয়াই হলেওঁ ফিতৰাৎ আদায় কৰিব লাগিব।
#ঈদুল_ফিতিৰ_কিয়_কোৱা_হয়
এই ঈদত ফিতৰাৎ দিব লাগে বাবেই ইয়াক ঈদুল ফিতিৰ বোলে। আমি সকলোৱে ১ #ছাঁ কৈ ফিতৰাৎ দিওঁ আহক।