ফতোৱায়ে দেওবন্দ , তবলীগ জমাতৰ বিৰুদ্ধে দেওবন্দৰ ফতোৱা

☞☞ ফতোৱায়ে দেওবন্দ ☜☜

    বিগত সময়চোৱাত ৰাষ্ট্ৰীয় ও আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ উপৰিও এই ফেচবুকৰ মজিয়াতেই প্ৰচলিত তবলীগ জামাত সম্পৰ্কত সীমাহীন বিতৰ্ক চলি আহিছে ! সম্পূৰ্ণ নিজস্ব পদ্ধতি অৱলম্বনেৰে দিল্লীৰ নিজামুদ্দিন মৰকজৰ পৰা সাম্প্ৰতিক সময়ত যি তবলীগ চাৰিওদিশে বিয়পি পৰিছে , উক্ত মৰকজৰ মূখ্য জিম্মাদাৰ শ্বা’দ কান্ধলবী চাহাবৰ বিৰুদ্ধে ভাৰতবৰ্ষৰ অন্যত্বম ইছলামীক শিক্ষানুষ্ঠান হিচাবে খ্যাত উত্তৰ প্ৰদেশৰ দাৰুল উলুম দেওবন্দে কঠোৰতকৈ কঠোৰত্বম ফতোৱা জাৰি কৰিছে । সংবাদ মাধ্যমত প্ৰচাৰিত উক্ত বাতৰিৰ সত্যা-সত্যতা বিচাৰি যোৱা ১১/১২/১৬ তাৰিখে দাৰুল উলুম দেওবন্দলৈ লিখা এক ই-মেইলৰ ৯ পৃষ্ঠা জোৰা প্ৰতোত্তৰত দেওবন্দ কতৃপক্ষই এই বিষয়ে স্পষ্ট কৰি দিয়ে ।

অভিযোগ অনুসৰি শ্বৰীয়তৰ জ্ঞানৰ অভাৱৰ বাবেই মৰকজৰ মূখ্য শ্বাদ কান্ধলবী চাহেৱে কোৰআন আৰু হাদীছৰ অপবাখ্যাৰে তবলীগ জামাতক গুমৰাহীৰ দিশলৈ গতি কৰাইছে ! বিগত সময়ত এনে বহুতো শ্বৰীয়ত বিৰোধী বক্তব্য তথা কাৰ্য্যকলাপৰ বিষয়ে উলেমায়ে দেওবন্দে সতৰ্ক কৰি আহিছে যদিও মুখিয়াল গৰাকীয়ে কোনো কথাই গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই বুলি অভিযোগ আনিছে !!

বিলম্ব নকৰাকৈ অনতিপলমে শ্বাদ কান্ধলবী চাহেৱে আল্লাহৰ ওচৰত তৌবাহ কৰি সমস্ত শ্বৰীয়ত অমান্য কৰা ভূল সমূহৰ সংশোধন নকৰিলে, ইতিমধ্যে ৰঘুমলাৰ দৰে চাৰিওফালে বিয়পি পৰা জামাতে তবলীগ গুমৰাহীৰ দিশেৰে গতি কৰি এক আচুতীয়া ফিৰকাত পৰিণত হোৱাৰ সম্ভাৱনা অধিক বুলি ফতোৱা সুত্ৰে প্ৰকাশ কৰিছে ।

বিষয়টিৰ গুৰুত্ব উপলব্ধি কৰি এই সতৰ্কতা মূলক ফতোৱা যাতে সাধাৰণ ৰাইজৰ বাবে সহজলভ্য হয় , সেই উদ্দেশ্যৰে দেওবন্দ কতৃপক্ষই তেখেতসকলৰ ব্যক্তিগত ৱেব চাইট্ www.darululoom.deoband.com ত সকলোৰে বাবে মুকলি কৰি দিছে । লিখনীৰ সত্যতা অনুসন্ধান কৰিবলৈ info@darululoom.deoband.com লৈ ই-মেইল বা ০১৩৩৬-২২২৪২৯ নম্বৰত ফোন কৰাৰো সুবিধা উপলব্ধ আছে ।

            ☞☞ প্ৰচাৰাৰ্থে ☜☜

✍✍.. মোক্তাবুল হুছেইন 

Leave a comment