__________________________________
পৱিত্ৰ কোৰআনত আধুনিক বিজ্ঞানৰ দ্বাৰা সমৰ্থিত ১,০০০ ৰ ওপৰত বৈজ্ঞানিক আয়াত আছে। কোৰআনৰ সেই বৈজ্ঞানিক আয়াতসমূহ যে বিজ্ঞানে প্ৰমাণ কৰি দিছে সেই কথা আজিৰ তাৰিখত ১০০% নিৰ্ভুল। আধুনিক বিজ্ঞানৰ দ্বাৰা সমর্থিত কোৰআনৰ মাত্ৰ কেইটামান আয়াত তলত উল্লেখ কৰা হ’ল-
১। কোৰআনৰ ছূৰা আল-আম্বিয়াৰ ৩০ নং আয়াতত (Big_Bang theory) ৰ কথা উল্লেখ আছে!!!
أَوَلَمْ يَرَ الَّذِينَ كَفَرُوا أَنَّ السَّمَاوَاتِ وَالْأَرْضَ كَانَتَا رَتْقًا فَفَتَقْنَاهُمَا ۖ وَجَعَلْنَا مِنَ الْمَاءِ كُلَّ شَيْءٍ حَيٍّ ۖ أَفَلَا يُؤْمِنُونَ
“যিসকলে কুফৰী কৰে সিহঁতে দেখা নাই নেকি যে, আকাশসমূহ আৰু পৃথিৱী ওতপ্ৰোতঃভাৱে মিলিত হৈ আছিল, তাৰ পিছত আমি উভয়ক পৃথক কৰি দিলোঁ; আৰু প্ৰাণৱান সকলো বস্তুকে পানীৰ পৰা সৃষ্টি কৰিলোঁ; তথাপিও সিহঁতে ঈমান পোষণ নকৰিব নে?”
এই Big_Bang theory ৰ কথা বিজ্ঞানে মাত্ৰ কেইবছৰমান আগতেহে জানিব পাৰিছিল। কিন্তু কোৰআনত এই কথা ১৪০০ বছৰ আগতেই কোৱা হৈছে।
২। বিজ্ঞানে মাত্ৰ কেইবছৰমান আগতে জানিব পাৰিছে যে চন্দ্ৰৰ নিজৰ কোনো পোহৰ নাই। কোৰআনত এই কথা প্ৰায় ১৪০০ বছৰ আগতে উল্লেখ আছে-
تَبَارَكَ الَّذِي جَعَلَ فِي السَّمَاءِ بُرُوجًا وَجَعَلَ فِيهَا سِرَاجًا وَقَمَرًا مُنِيرًا
“অতি বৰকতময় সেই সত্ত্বা যিজনে নভোমণ্ডলত সৃষ্টি কৰিছে বিশাল নক্ষত্ৰৰাজি আৰু তাত স্থাপন কৰিছে প্ৰদীপ আৰু আলো বিকিৰণকাৰী চন্দ্ৰ।’’ (ছূৰা ফুৰক্বান: ৬১)
৩। বিজ্ঞানে মাত্র দুশ বছৰ আগতে জানিব পাৰিছে যে চন্দ্ৰ আৰু সূৰ্য নিজ কক্ষপথত ওপঙি চলি আছে। কিন্তু কোৰআনত এই বিষয়ে উল্লেখ আছে-
وَهُوَ الَّذِي خَلَقَ اللَّيْلَ وَالنَّهَارَ وَالشَّمْسَ وَالْقَمَرَ ۖ كُلٌّ فِي فَلَكٍ يَسْبَحُونَ
“আৰু আল্লাহেই সৃষ্টি কৰিছে ৰাতি আৰু দিন, সূৰ্য আৰু চন্দ্ৰ; প্ৰত্যেকেই নিজ নিজ কক্ষপথত বিচৰণ কৰে।’’ (ছূৰা আল-আম্বিয়াৰ: ৩৩)
৪। প্ৰতিজন মানুহৰ আঙুলিৰ ছাপ (Fingure Print) পৃথক পৃথক আৰু সেই আঙুলিৰ ছাপৰ দ্বাৰা যে মানুহক বেলেগে বেলেগে চিনাক্ত কৰা সম্ভৱ যিটো আজিৰ দিনত প্ৰমাণিত, সেই বিষয়েও কোৰআনত আছে এনেদৰে-
أَيَحْسَبُ الْإِنْسَانُ أَلَّنْ نَجْمَعَ عِظَامَهُ
‘মানুহে ভাৱে নেকি যে, আমি কেতিয়াও তাৰ অস্থিসমূহ একত্ৰিত কৰিব নোৱাৰিম?’ )ছূৰা আল-কিয়ামাহ: ৩)
بَلَىٰ قَادِرِينَ عَلَىٰ أَنْ نُسَوِّيَ بَنَانَهُ
‘কিয় নোৱাৰিম, আমি তাৰ আঙুলিৰ অগ্ৰভাগসমূহকো (পাববোৰকো) পুনৰ বিন্যস্ত কৰিবলৈ সক্ষম।’ )ছূৰা আল-কিয়ামাহ: ৪)
৫। বিজ্ঞানে পানী চক্ৰৰ কথা জানিবলৈ বেছি বছৰ হোৱা নাই। কিন্তু কোৰআনত এই বিষয়ে প্ৰায় ১৪০০ বছৰ আগতেই উল্লেখ আছে এনেদৰে-
أَلَمْ تَرَ أَنَّ اللَّهَ أَنْزَلَ مِنَ السَّمَاءِ مَاءً فَسَلَكَهُ يَنَابِيعَ فِي الْأَرْضِ ثُمَّ يُخْرِجُ بِهِ زَرْعًا مُخْتَلِفًا أَلْوَانُهُ ثُمَّ يَهِيجُ فَتَرَاهُ مُصْفَرًّا ثُمَّ يَجْعَلُهُ حُطَامًا ۚ إِنَّ فِي ذَٰلِكَ لَذِكْرَىٰ لِأُولِي الْأَلْبَابِ
“তুমি লক্ষ্য কৰা নাইনে আল্লাহে আকাশৰ পৰা পানী বৰ্ষণ কৰে, তাৰ পিছত সেয়া ভূমিত প্ৰস্ৰৱন হিচাপে প্ৰবাহিত কৰে তাৰ পিছত তাৰ জৰিয়তে নানা ধৰণৰ ফচল উত্পন্ন কৰে, অৱশেষত সেয়া শুকাই যায়। ফলত তুমি সেই ফচলক হালধীয়া বৰণত দেখিবলৈ পোৱা, শেষত তেওঁ তাক খেৰকুটাত পৰিণত কৰে? নিশ্চয় ইয়াত উপদেশ আছে বোধশক্তি সম্পন্ন ব্যক্তিসকলৰ বাবে।’’ (ছূৰা আজ-যুমাৰ: ২১)
وَمِنْ آيَاتِهِ يُرِيكُمُ الْبَرْقَ خَوْفًا وَطَمَعًا وَيُنَزِّلُ مِنَ السَّمَاءِ مَاءً فَيُحْيِي بِهِ الْأَرْضَ بَعْدَ مَوْتِهَا ۚ إِنَّ فِي ذَٰلِكَ لَآيَاتٍ لِقَوْمٍ يَعْقِلُونَ
“আৰু তেওঁৰ নিদৰ্শনাৱলীৰ মাজত আছে যে, তেৱেঁই তোমালোকক ভয় আৰু আশাৰ সঞ্চাৰকৰূপে বিদ্যুত দেখুৱায়, আৰু আকাশৰ পৰা পানী বৰ্ষায় আৰু তাৰ দ্বাৰা তেওঁ মৃত ভূমিক পুনৰ্জীৱিত কৰে। নিশ্চয় ইয়াত বহুতো নিদৰ্শন আছে সেই সম্প্ৰদায়ৰ বাবে যিসকলে অনুধাৱন কৰে।’’ (ছূৰা আৰ-ৰূম: ২৪)
اللَّهُ الَّذِي يُرْسِلُ الرِّيَاحَ فَتُثِيرُ سَحَابًا فَيَبْسُطُهُ فِي السَّمَاءِ كَيْفَ يَشَاءُ وَيَجْعَلُهُ كِسَفًا فَتَرَى الْوَدْقَ يَخْرُجُ مِنْ خِلَالِهِ ۖ فَإِذَا أَصَابَ بِهِ مَنْ يَشَاءُ مِنْ عِبَادِهِ إِذَا هُمْ يَسْتَبْشِرُونَ
“আল্লাহেই সেই সত্ত্বা যিজনে বতাহ প্ৰেৰণ কৰে, ফলত ই মেঘমালাক সঞ্চালিত কৰে, তাৰ পিছত তেওঁ ইয়াক যেনেকৈ ইচ্ছা আকাশত প্ৰসাৰিত কৰি দিয়ে, আৰু ইয়াক খণ্ড-বিখণ্ড কৰি দিয়ে, ফলত তুমি দেখিবলৈ পোৱা তাৰ মাজৰ পৰা ওলাই আহে বৰষুণৰ টোপাল, তাৰ পিছত যেতিয়া তেওঁ ইয়াক তেওঁৰ বান্দাসকলৰ মাজত যিসকলৰ ওচৰত ইচ্ছা পৌঁছাই দিয়ে, তেতিয়া সিহঁত আনন্দিত হয়।’’ (ছূৰা আৰ-ৰূম: ৪৮)
৬। লৱণযুক্ত পানী আৰু মিঠা পানী একেলগে মিহলি নহয়, সেইকথা বিজ্ঞানে সৌ সিদিনা জানিব পাৰিছে। কিন্তু কোৰআনত ইয়াৰ উল্লেখ আছে-
۞ وَهُوَ الَّذِي مَرَجَ الْبَحْرَيْنِ هَٰذَا عَذْبٌ فُرَاتٌ وَهَٰذَا مِلْحٌ أُجَاجٌ وَجَعَلَ بَيْنَهُمَا بَرْزَخًا وَحِجْرًا مَحْجُورًا
“আৰু তেৱেঁই দুখন সাগৰক সমান্তৰালভাৱে প্ৰবাহিত কৰিছে, এখনৰ (পানী) সুস্বাদু, মিঠা আৰু আনখনৰ লুণীয়া, কেহেটা; আৰু তেওঁ উভয়ৰ মাজত ৰাখি দিছে এটা অন্তৰায়, যিটো অনতিক্ৰম্য ব্যৱধান।’’ (ছূৰা আল-ফুৰকান: ৫৩)
৭। ইং ২০০৯ চনত সমগ্ৰ বিশ্ববাসীক আচৰিত কৰি প্ৰমাণ কৰি উলিয়ালে যে (Ants) পৰুৱাবোৰেও নিজৰ মাজত ইজনে সিজনৰ লগত বাৰ্তালাপত মিলিত হয়। কিন্তু কোৰআনৰ ২৭ নং ছূৰাৰ ১৮ নং আয়াতত এই কথা আগতেই উল্লেখ আছে-
حَتَّىٰ إِذَا أَتَوْا عَلَىٰ وَادِ النَّمْلِ قَالَتْ نَمْلَةٌ يَا أَيُّهَا النَّمْلُ ادْخُلُوا مَسَاكِنَكُمْ لَا يَحْطِمَنَّكُمْ سُلَيْمَانُ وَجُنُودُهُ وَهُمْ لَا يَشْعُرُونَ
“অৱশেষত যেতিয়া তেওঁলোক (এটা অভিযানত) পৰুৱা অধ্যুষিত উপত্যকাত উপনীত হ’ল, তেতিয়া এটা পৰুৱাই ক’লে, ‘হে পৰুৱা বাহিনী! তোমালোকে নিজ নিজ ঘৰত প্ৰৱেশ কৰা, যাতে ছুলাইমান আৰু তেওঁৰ সৈন্যবাহিনীয়ে অজানিতে তোমালোকক গচকি নামাৰে’।’’ (ছূৰা আন-নামল: ১৮)
ওপৰত উল্লেখ কৰা কোৰআনৰ এই বৈজ্ঞানিক আয়াতসমুহৰ কথা ১৪০০ বছৰ আগতেই কোনে কোৰআনত উল্লেখ কৰিলে? যিটো সময়ত পৃথিৱীত বিজ্ঞান, প্ৰযুক্তিবিদ্যা আদিৰ কোনো অস্তিত্বই নাছিল ।