পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান

পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান

 

পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান

 

পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান

(নকল জাতি ধ্বংসৰ এক নেপথ্য কাৰিকৰ)

 

(✒️পোষ্টটো প্ৰতিজন সচেতন‌ ব্যক্তিৰ বাবে গুৰুত্বপূৰ্ণ আৰু বিশেষকৈ শিক্ষাৰ্থীসকলৰ বাবে।‌ সকলোৱে পঢ়িব আৰু #শ্বেয়াৰ কৰিব )

প্রশ্ন:  পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান  কি? পৰীক্ষা হলত কোনোবাই যদি মোক প্রশ্নৰ উত্তৰ সোধে মই তেতিয়া কি কৰিম?

 

উত্তৰ: বর্তমান আমাৰ সমাজত নকল এটা ওপেন চিক্রেট(open secret) বিষয়। আমাৰ সমাজ ব্যৱস্থা অসততা আৰু দুর্নীতিত ইমানেই কলুষিত যে, নকলৰ বিৰুদ্ধে কথা কোৱাও যেন বৰমতালি। নকল যে এটা মহা প্রতাৰণা সেইটো যেন আমাৰ অধিকাংশ শিক্ষার্থী, শিক্ষক, অভিভাৱক, শিক্ষা কর্মকর্তা আৰু প্রশাসনৰ মূৰৰ পৰা আঁতৰি গৈছে। যাৰ কাৰণে আমাৰ শিক্ষা ব্যৱস্থাৰ প্রাথমিক স্তৰৰ পৰা আৰম্ভ কৰি সর্বোচ্চ পর্যায় লৈকে চলিছে নকলৰ মহোৎসৱ।

এই মহোৎসৱত হেৰাই গৈ আছে প্রকৃত জ্ঞান চর্চা, সৃজনশীলতা আৰু উদ্ভাৱনী শক্তি। যাৰ কাৰণে আমি এটা অদৃঢ়/অনিশ্চিত ভিত্তিৰ ওপৰত থিয় দি ক্রমান্বয়ে হৈ পৰিছো এটা পৰনির্ভৰ আৰু নকলবাজ জাতি। আল্লাহ তা’আলাই আমাক ৰক্ষা কৰক। আমিন।

যিয়ে নহওঁক, এনেকুৱা এটি হতাশাজনক অৱস্থাত ইছলামৰ দৃষ্টিত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান সম্পর্কে তলত সংক্ষেপে আলোচনা কৰা হল:

◈◈ পৰীক্ষাত নকল কৰাৰ বিধান:   ( পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰাৰ বিধান)

পৰীক্ষাত নকল কৰা হাৰাম আৰু কবিৰা গুনাহ। লাগিলে সেয়া আন কাৰোবাৰ পৰা চাই লিখা হওঁক বা কাৰোবাৰ পৰা শুনি লিখা হওঁক বা গোপনে চাই চাই লিখা হওঁক অথবা এই ক্ষেত্রত আন কোনো অসৎ উপায় অৱলম্বন কৰা হওঁক। কিয়নো, এইটো প্রতাৰণা, আৰু ইছলামত প্রতাৰণা কৰা হাৰাম আৰু কবিৰা গুনাহ।

ৰাছূলুল্লাহ ﷺ কৈছে:
مَنْ حَمَلَ عَلَيْنَا السِّلاَحَ فَلَيْسَ مِنَّا ، وَمَنْ غَشَّنَا فَلَيْسَ مِنَّا -رواه مسلم
“যি ব্যক্তি আমাৰ বিৰুদ্ধে অস্ত্র ধাৰণ কৰে, তেওঁ আমাৰ দলভুক্ত নহয়; আৰু যি ব্যক্তি আমাৰ সৈতে প্রতাৰণা কৰে, তেওঁ আমাৰ দলভুক্ত নহয়।” (ছহীহ মুছলিম)

হাদিছ বিশাৰদ সকলে কৈছে, যি কোনো কাম-কাজত প্রতাৰণা কৰা ৰাছূল ﷺৰ উক্ত হাদিছৰ অন্তৰ্ভুক্ত। পৰীক্ষাত প্রতাৰণাৰ আশ্রয় লোৱাৰ বিষয়টোও সেইবোৰৰ মাজত এটা।

➤ পৰীক্ষাত নকল সম্পৰ্কে শ্বাইখ বিন বায. ৰহ. ৰ ফতোয়া:

তেওঁ কৈছে:

“পৰীক্ষাত নকল কৰা মানুহৰ লগত লেনদেনৰ ক্ষেত্রত কৰা প্রতাৰণাৰ দৰেই হাৰাম। বৰঞ্চ সাধাৰণ লেনদেনতকৈ পৰীক্ষাত নকল কৰা বেছি ভয়ানক হ’ব পাৰে। কাৰণ নকলৰ মাধ্যমত সি হয়তো ডাঙৰ ডাঙৰ চাকৰি লাভ কৰিব। তদুপৰি পঢ়া-শুনাৰ সকলো ক্ষেত্রত নকলৰ আশ্রয় লোৱা হাৰাম। কাৰণ ছহীহ হাদিছত ৰাছূল ﷺ য়ে কৈছে,
مَنْ غَشَّنَا فَلَيْسَ مِنَّا
“যি ব্যক্তি আমাৰ সৈতে প্রতাৰণা কৰে তেওঁ আমাৰ দলভুক্ত নহয়।”

ইয়াৰোপৰি  পৰীক্ষাত নকল কৰা আৰু তাত সহযোগিতা কৰা   এটা খিয়ানত বা

বিশ্বাসঘাতকতা।

আৰু আল্লাহ তা’আলাই কৈছে,
يَا أَيُّهَا الَّذِينَ آمَنُوا لا تَخُونُوا اللَّهَ وَالرَّسُولَ وَتَخُونُوا أَمَانَاتِكُمْ وَأَنْتُمْ تَعْلَمُونَ
“হে ঈমানদাৰসকল, তোমালোকে জানি-শুনি খিয়ানত/বিশ্বাসঘাতকতা নকৰিবা আল্লাহ আৰু ৰাছূলৰ সৈতে আৰু খিয়ানত নকৰিবা নিজৰ পাৰস্পৰিক আমানতৰ ক্ষেত্রত।” (ছূৰা আনফাল: ২৭)

গতিকে শিক্ষার্থীসকলৰ বাবে আৱশ্যক হ’ল, সিহঁতে যাতে কোনো পাঠ্য বিষয়তেই নকলৰ আশ্রয় নলয় বৰং সিহঁতে যাতে প্রস্তুতি লোৱাৰ ক্ষেত্রত কঠোৰ অধ্যৱসায় আৰু পৰিশ্রম কৰে যাতে বৈধভাৱে উত্তীর্ণ হয়।” (শ্বাইখৰ অফিচিয়াল ওয়েব ছাইট)

◈◈ নকলত সহযোগিতাৰ বিধান:

নকল কৰা যেনেকৈ হাৰাম তেনেকৈ নকলত সহযোগিতা কৰাও হাৰাম। ছাত্র-ছাত্রীসকলে যেনেকৈ নকল কৰিলে গুনাহগাৰ হ’ব তেনেকৈ পৰীক্ষা হলত নিয়োজিত গার্ড, শিক্ষক, পৰিদর্শক অথবা তৃতীয় কোনো পক্ষই যদি নকল কৰাত সহায় কৰে বা নকলৰ পৰিৱেশ সৃষ্টি কৰে তেনেহ’লে সিহঁতো গুনাহগাৰ হ’ব।

আল্লাহ তা’আলাই কৈছে,
وَتَعَاوَنُوا عَلَى الْبِرِّ وَالتَّقْوَىٰ ۖ وَلَا تَعَاوَنُوا عَلَى الْإِثْمِ وَالْعُدْوَانِ ۚ وَاتَّقُوا اللَّـهَ ۖ إِنَّ اللَّـهَ شَدِيدُ الْعِقَابِ
“সৎকর্ম আৰু আল্লাহৰ ভীতিত এজনে আনজনক সহায় কৰা। পাপ আৰু সীমালঙ্ঘনৰ ক্ষেত্ৰত এজনে আনজনক সহায় নকৰিবা। আল্লাহক ভয় কৰা। নিশ্চয় আল্লাহ তা’আলা কঠোৰ শাস্তি দাতা।” (ছূৰা মায়িদাহ: ২)

গতিকে পৰীক্ষাৰ হলত কোনোবাই যদি আপোনাৰ পৰা উত্তৰ জানিব বিচাৰে বা আপোনাৰ বহী চাই লিখিব বিচাৰে, তেন্তে তাক সেই সুযোগ দিয়া নাযাব। অন্যথা অন্যায় কামত সহায়ৰ কাৰণে আপুনিও গুনাহগাৰ হ’ব।

◈◈ নকলত সহায়তা এটা জাতি ধ্বংসৰ সহায়তাৰ নামান্তৰ:

নকলত সহায় কেৱল এটা প্রতাৰণা ও অন্যায় কামত সহযোগিতা নহয় বৰঞ্চ এইটো এটা বিশ্বাসঘাতকতা আৰু জাতি ধ্বংস সহযোগিতাত জড়িত হোৱা। কিয়নো, ইয়াৰ ফলত দেশৰ শিক্ষা, সংস্কৃতি আৰু আন্তঃগাথঁনিৰ ভীত দুৰ্বল হৈ পৰে,যিটো কোনো জাতিৰ অধঃপতনৰ পূর্বচর্ত।

আমি জানো, আজিৰ শিক্ষার্থীসকলেই কাইলৈ দেশ পৰিচালনাৰ দায়িত্ব পালন কৰিব। সেয়ে সিহঁতে যদি এতিয়া ভালদৰে পঢ়া-শুনা নকৰে আৰু ভালদৰে পৰীক্ষাৰ প্রস্তুতি নলয় আনকি নকল কৰি পাছ কৰাৰ অপেক্ষাত অতিৰিক্ত খেলা-ধূলা, আড্ডাবাজি, ৰং-তামাচা, মস্তানি, ধেমালি, প্রেম-পৰকীয় আৰু নানা কু-কামত সময় অপচয় কৰে তেনেহ’লে সেয়া জাতিৰ বাবে এক ভয়ঙ্কৰ পৰিণতি মাতি আনিব। যাৰ দায়িত্বভাৰ নকলক প্রশ্রয় প্ৰদানকাৰী আৰু সহায়কাৰী ব্যক্তিবর্গই এৰাব নোৱাৰিব।

দুর্নীতিৰ মাধ্যমত পৰীক্ষাত পাছ কৰা ছাত্র-ছাত্রীসকলে যেতিয়া ভৱিষ্যতে দেশৰ বিভিন্ন ছেক্টৰত দায়িত্ব গ্রহণ কৰিব তেতিয়া সিহঁতেই অন্যায় আৰু দুর্নীতিৰ মাধ্যমত আৰু যথোপযুক্ত সেৱা নিদিয়াকৈ দেশ আৰু দেশৰ মানুহৰ ‘বাৰটা বজাই এৰিব’।

এই সকল প্রতাৰক আৰু ভূৱা চার্টিফিকেট ধাৰী অযোগ্য ব্যক্তিসকলে দুর্নীতিগ্রস্ত কর্মকর্তাসকলৰ সহায়ত দেশৰ গুৰুত্বপূর্ণ সকলো বিভাগত ৰাজত্ব কৰে আৰু সৎ আৰু যোগ্য ব্যক্তিসকলে তাত অযোগ্য বিবেচিত হয়। ইয়াৰ ফলত ক্ষতিগ্রস্ত হয় দেশ আৰু জাতি সকলোয়ে। এইটো একধৰনে মানুহৰ অধিকাৰ হৰনৰো অন্তৰ্গত।

ইহঁতৰ কাৰণে সমাজত প্রকৃত গুণীসকলে যথোপযুক্ত স্থান আৰু সন্মান নাপায়। বৰং সমাজ খন চাটুকাৰ, দুর্নীতিবাজ, ধান্ধাবাজ আৰু প্রতাৰক চক্রৰে জয়জয়কাৰ।

ইয়াৰ মূল কাৰণ হ’ল, ইহঁত পৰিশ্রম, অধ্যৱসায়, কষ্ট-সাধনা, ত্যাগ, আল্লাহ ভীতি, ঈমান, সততা-সৎচৰিত্র আৰু নীতি-নৈতিকতাৰ ওপৰত গঢ়ি উঠা নাই। বর্তমানে যাৰ কু পৰিণতি আমাৰ জাতিয়ে হাড়ে-হাড়ে বুজি আছে। আল্লাহ তা’আলাই আমাক হিফাজত কৰক। আমিন।

গতিকে পৰীক্ষাৰ হলত, কোনোবাই যদি আপোনাৰ বহী চাই লিখিব খোজে বা কোনো প্রশ্নৰ উত্তৰ জানিব বিচাৰে তেন্তে আপোনাৰ কাৰণে আৱশ্যক হ’ল, তাক সহযোগিতা নকৰা। কাৰণ সেয়া প্রতাৰণাত সহযোগিতাৰ চামিল-যি ইছলামৰ দৃষ্টিত হাৰাম আৰু প্রচলিত আইনত: দণ্ডনীয় অপৰাধ।

 

তলৰ আয়াতসমূহ পঢ়ি চাওকঁ! আল্লাহ ছূবহানাহু তা’আলাই কুৰআন অর্থ বুজি পঢ়াৰ কাৰণে কেনেদৰে মানৱজাতিক বুজাই দিছে

◈◈ নকল প্রৱণতাৰ কাৰণ:

ছাত্র-ছাত্রীসকলৰ মাজত পৰীক্ষাত প্রতাৰণা আৰু জালিয়াতিৰ অসংখ্য উপায়-উপকৰণ প্রচলিত। ইয়াৰ বিভিন্ন কাৰণ আছে। সেইবোৰৰ ভিতৰত অন্যতম হ’ল-দ্বীনি পৰিৱেশৰ অনুপস্থিতি ও ঈমানী দুর্বলতা।

‘‘মহান আল্লাহ আমাৰ গোপন আৰু প্রকাশ্য সকলো দেখি আছে আৰু পর্যবেক্ষণ কৰি আছে”- এই অনুভূতি নথকাৰ কাৰণে শিক্ষার্থী, শিক্ষক, ব্যৱসায়ী, প্রশাসনৰ কর্মকর্তা, বিচাৰক, ৰাষ্ট্রীয় দায়িত্বশীল আৰু বিভিন্ন ছেক্টৰত কর্মৰত চৰকাৰী আৰু বে-চৰকাৰী আমলা সকল প্রতিনিয়ত অসংখ্য-অগণিত পদ্ধতিত দুর্নীতি, প্রতাৰণা আৰু জালিয়াতিৰ আশ্রয় লৈছে।

গতিকে আহক, এটা উন্নত, সভ্য, সৎ আৰু দুর্নীতিমুক্ত সমাজ গঠনৰ স্বার্থত আমি প্রত্যেকেই নকলৰ বিৰুদ্ধে গণ সচেতনতা তৈয়াৰ কৰো, শিক্ষার্থীসকলক প্রকৃত জ্ঞানচর্চাত উৎসাহিত কৰো আৰু ‘একমাত্র ৰিজাল্টেই যে ভাল-বেয়াৰ মাপকাঠি নহয়’ সেইটো নিজেও উপলব্ধি কৰো আৰু শিক্ষার্থীসকলৰ মাজতো এই দৃষ্টিভঙ্গি সিঁচাই দিও। সর্বোপৰি ঈমান, আল্লাহ ভীতি, সততা আৰু নীতি-নৈতিকতাৰ ওপৰত আমাৰ ভৱিষ্যত প্রজন্মক গঢ়ি তুলো। আল্লাহ তা’আলাই তাওফিক দান কৰক। আমিন।

উত্তৰ প্রদানত:
আব্দুল্লাহিল হাদী বিন আব্দুল জলীল
Abdullahil Hadi
দাঈ, জুবাইল দাওয়াহ ছেন্টাৰ, চৌদি আৰব

(ভূল হ’লে আঙুলিয়াই দিয়ে যেন ইনশ্বাআল্লাহ)

Leave a comment