“বৈঞ্জানিকভাৱে প্রমাণিত বিশ্ব নবীৰ(দঃ) স-শৰীৰে মে’ৰাজ ভ্রমণ”
-ছ’গুড ইছলাম, গুৱাহাটী-
———————————————————————–
আৰবী ৰজৱ(ৰযব্) মাহৰ ২৭ তাৰিখৰ ৰাতি আল্লাহ-তা’লাই বিশ্ব নবী হজৰত মহম্মদক(দঃ)ক্ষন্তেক সময়ৰ ভিতৰতে মক্কাৰ মছজিদে হাৰামৰ পৰা সুদূৰ জেৰুজালেমৰ মছজিদে আকছালৈ(বয়তুল মকাদ্দচলৈ)আৰু তাৰ পৰা মহাকাশৰ উর্দ্ধতম স্থানলৈ লৈ গৈছিল।ইছলামী ভাষাত এই ঘটনাকেই “মে’ৰাজ”বুলি কোৱা হয়।
বিশ্ব নবী হজৰত মহম্মদৰ(দঃ)মে’ৰাজৰ এই ভ্রমণ সশৰীৰে নে আধ্যাত্মিক ভাৱে সংঘটিত হৈছিল,তাক লৈ বহু মতভেদ হোৱা দেখা যায়। বিঞ্জানৰ দৃষ্টিকোণৰ অবিহনে এই ঘটনাক আধ্যাত্মিক বুলিয়েই ভাবি লোৱা হয়।কিন্তু বিঞ্জানৰ আলামত কোৰআন আৰু হাদিছ শ্বৰিফৰ প্রমাণে স্পষ্ট কৰি দিয়ে যে বিশ্বনবীৰ(দঃ)মে’ৰাজ আছিল সশৰীৰে । কোৰআন মজিদত বয়তুল্লাহৰ(মছজিদে হাৰাম)পৰা বয়তুল্ মুকাদ্দাছ(মছজিদে আক্ছা)লৈকে যোৱাৰ কথা আৰু হাদিছসমূহত বয়তুল্লাহৰ পৰা উর্দ্ধ জগতৰ সর্বোচ্চ উচ্চতালৈ যোৱাৰ কথা বিস্তৃতভাৱে উল্লেখিত হৈছে।
কোৰআন মজিদৰ দৰে এখন মহান গ্রন্থতেই স্থান পাইছে বিশ্বনবীৰ(দঃ)মে’ৰাজৰ ঘটনা ।
“তেওঁৰেই মহিমা যিজনে তেওঁৰ দাসক [হঃমহম্মদক(দ :)]পৱিত্র মছজিদে হাৰামৰ (কা’বাৰ)পৰা দূৰৱর্তী সেই মছজিদে আকছালৈ,যাৰ চতুস্পার্স(চতুর্পাশ=চাৰিওফালে)তেওঁ অনুকম্প কৰিছে,পৰিভ্রমণ কৰাইছিল,কাৰণ তেওঁক তেওঁৰ নিদর্শন বিলাকৰ কিছু দেখুৱাৰ অভিপ্রায় আছিল।তেওঁ নিশ্চয় শুনোতা আৰু দেখোঁতা[১৭:১]। . কোৰআনত উক্ত আয়াতটো আৰম্ভ হৈছে”চুবহানাল্লাজি”বুলি।অর্থাৎ তেওঁৰেই মহিমাৰ দ্বাৰা উক্ত ঘটনা সংঘটিত হৈছিল।গতিকে মে’ৰাজ আধ্যাত্মিক বা সপোন হিচাপে হোৱাৰ প্রশ্নই নুঠে।
মে’ৰাজৰ ঘটনাৰ সময়ৰ ক্ষেত্রত উক্ত আয়াতত “লাইলাম”ব্যৱহাৰ হৈছে। অর্থাৎ অলপ সময়ৰ ভিতৰতে বুজাইছে।(ৰাতিৰ ভিতৰতে)।যিটো অসম্ভৱ যেন লাগিলেও কিন্তু ইয়াক বিঞ্জানে মানি লৈছে।(বিশ্লেষণ পিছত)।
বিশ্ব নবী হজৰত মহম্মদ(দঃ)স-শৰীৰে মে’ৰাজ ভ্রমণত দূৰৱর্তী মছজিদলৈ(দূৰৱর্তী মছজিদ সাত আচমানৰ বহু ওপৰত অৱস্থিত বায়তুল মামুৰ)যোৱাৰ কথা চুৰা বনী ইস্রাঈলৰ দ্বাৰা প্রমাণিত হোৱাৰ উপৰিও চিদৰাতুলমন্তাহালৈ যোৱাৰ আৰু আল্লাহ-তা’লাৰ নিচেই ওচৰ পোৱাৰ কথা চুৰাই নজমৰ দ্বাৰা প্রমাণিত হৈছে।
মে’ৰাজ ভ্রমণ দুটা অংশত বিভক্ত।প্রথম ভাগত মক্কাৰ পৰা জেৰুজালেমলৈ আৰু দ্বিতীয় ভাগত জেৰুজালেমৰ পৰা উর্দ্ধতম জগতলৈ যাত্রা।প্রথম অংশত ব্যৱহাৰ হৈছিল বোৰাকৰ দ্বাৰা আৰু দ্বিতীয় অংশতব্যৱহাৰ হৈছিল মে’ৰাজ অর্থাৎ জখলা। লগত আছিল শক্তিশালী ফিৰিস্তা জিব্রাইল(আ:)।যিজনে হজৰত মহম্মদ(দ:)ৰ লগত থাকি মহাকাশ ভ্রমণৰ সময়ত মহম্মদ(দ:)ক সকলো দিহা-পৰামর্শ তথা সুৰক্ষিত ৰাখিছল।
[Al-Burāq (Arabic: البُراق al-Burāq “lightning”) is a mythological steed, described as a creature from the heavens which transported the prophets. The most commonly told story is how in the 7th century, Al-Buraq carried the Islamic prophet Muhammad from Mecca to Jerusalem and back during the Isra and Mi’raj or “Night Journey”, which is the title of one of the chapters (sura), Al-Isra, of the Qur’an.]
-ক্রমশঃ-কিন্তু আজিয়েই অন্ত হব। in sha Allah..