প্রাণীৰ ছবি আৰু মূর্তি কেবল সৌন্দর্য বর্ধনৰ বাবে ঘৰত স্থাপন কৰা বৈধ নে ?
ছবি আৰু মূর্তিত যিহেতু পৌত্তলিকতা আছে, গতিকে সেইটো ঘৰত বা ৰাস্তাৰ মোড়ত স্থাপন কৰা বৈধ নহয়। মূর্তিৰ পৰাই পৃথিবীৰ ইতিহাসত প্রথম মূর্তিপূজা আৰম্ভ হৈছে নূহ (আঃ) ৰ যুগত । গতিকে ইসলাম মূর্তি আৰু মূর্তিপূজাৰ ঘোৰ বিৰোধী। সেইকাৰণে চৰিয়তৰ নির্দেশ হ’ল, “ কোনো (বিচৰণশীল প্রাণীৰ) ছবি বা মূর্তি দেখিলেই সেইটো নিশ্চিহ্নকৰি দিব আৰু কোন ওখ কবৰ দেখিলে সেইটো সমান কৰি দিব ।” (মুছলিম ৯৬৯ নং )
ৰাছুলুল্লাহ (ছা:) য়ে কৈছে , “ কিয়ামতৰ দিন ছবি বা মূর্তি নির্মাতাসকলৰ সর্বাধিক কঠিন শাস্তি হব” (বুখাৰী ৫৯৫০, মুছলিম ২১০৯) ।
সেই ঘৰত (ৰহমতৰ ) ফিৰিস্তা প্রবেশ নকৰে , যি ঘঘৰত কুকুৰ থাকে আৰু সেই ঘৰতো নহয়, যি ঘৰত ছবি ও মূর্তি থাকে। (বুখাৰী ও মুছলিম )