প্ৰশ্ন:– ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম জীৱিত নে মৃত?

প্ৰশ্ন:– ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম জীৱিত নে মৃত?

উত্তৰ:– প্রত্যেক মানুহ মৰণশীল। আল্লাহে
কৈছে –

“কুল্লু নাফছিন যাইক্বাতুল মাউত” –
প্রত্যেক প্রাণীয়ে মৃত্যুৰ স্বাদ আস্বাদন কৰিব। ছুৰা আল ইমৰান, আয়াত ১৮৫।

ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আল্লাহৰ সর্বশেষ নবী হোৱাৰ লগতে তেখেতো এজন মানুহ আছিল। আল্লাহে কৈছে–

“ক্কুল ইন্নামা আনা বাশ্বৰুকুম মিচলুকুম” –
(হে নবী) ‘কোৱা, ময়ো তোমালোকৰ দৰেই এজন মানুহ’। ছুৰা কাহাফ, আয়াত ১০৯।

গতিকে, কুৰআনৰ দ্বাৰা এইটোৱেই প্রমাণিত হয় যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম এজন মানুহ আছিল আৰু তেখেতেও মৃত্যু বৰণ কৰিব।
আল্লাহে কয় –

“ইন্নাকা মায়্যিতুন ওৱা ইন্নাহুম-মায়্যিতুন” – (হে নবী) তুমিও মৃত্যু বৰণ কৰিবা
আৰু তেওঁলোকেও মৃত্যু বৰণ কৰিব। ছুৰা আল-যুমাৰ, আয়াত ৩০।

এই আয়াতত আল্লাহে স্পষ্টকৈ উল্লেখ
কৰিছে, নবী মুহাম্মাদ চাল্লাল্লাহু আলাইহি ৱাছাল্লামেও এদিন মৃত্যুবৰণ কৰিব।

গতিকে যিসকলে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক জীৱিত বুলি ভাৱে তেওঁলোকৰ আক্কীদা বা বিশ্বাস হ’ল ইছলাম বিৰোধী, কুৰআন বিৰোধী।
ইয়াৰোপৰি, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মৃত্যুৰ পিছত চাহাবীসকল আচৰিত হৈ পৰিল যে¸ এজন নবীৰ কেনেকৈ মৃত্যু হব পাৰে? উমাৰ
ৰাদ্বিয়াল্লাহু আনহুৱে খোলা তৰোৱাল হাতত লৈ ঘোষণা কৰিলে, যি ব্যক্তিয়ে কব, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে মৃত্যুবৰণ কৰিছে মই তাৰ গলৰ পৰা মাথা পৃথক কৰি পেলাম। তেতিয়া এই উম্মতৰ শ্রেষ্ঠ ব্যক্তি, আবু বকৰ ৰাদ্বিয়াল্লাহু আনহুৱে এই ভুল ধাৰণা দূৰ কৰি দি সকলো চাহাবীকে অন্তৰৰ পৰা এই বুলি কয়-

“যি ব্যক্তিয়ে মুহাম্মাদৰ অনুসৰণ কৰে তেওঁ জানক মুহাম্মাদৰ মৃত্যু হৈছে আৰু যি
ব্যক্তিয়ে আল্লাহৰ উপাসনা কৰে তেওঁ জানক আল্লাহ চিৰঞ্জীৱি, চিৰস্থায়ী।
তেতিয়া তেওঁ দলিল হিচাবে কুৰআনৰ এই আয়াত পেচ কৰে –

“মুহাম্মাদ, তেওঁ তো আল্লাহৰ ৰাছুলৰ বাহিৰে আন একো নহয়, তেওঁৰ পূর্বে বহু
ৰাছূলে মৃত্যু বৰণ কৰিছে। এতিয়া তেওঁ যদি মৃত্যুবৰণ কৰে বা নিহত হয়
তোমালোকে কি তোমালোকৰ পূর্ব
অৱস্থালৈ (কুফুৰীলৈ) উভতি যাবা? প্রকৃতপক্ষে যি ব্যক্তিয়ে তাৰ পূর্বৰ অৱস্থালৈ উভতি যাব সি আল্লাহৰ কোনো ক্ষতি কৰিব নোৱাৰে। আল্লাহে অচিৰেই কৃতজ্ঞসকলক প্রতিদান দিব। ছুৰা আল ইমৰান, আয়াত ১৪৪।

বিঃদ্রঃ মানুহৰ জীৱন দুই প্রকাৰ, এটা মৃত্যুৰ আগত আৰু আনটো মৃত্যুৰ পিছত। যাক পৰকাল বুলি কোৱা হয় আৰু কবৰৰ পৰা আৰম্ভ কৰি কিয়ামতত হাশ্বৰ হোৱা পর্যন্ত জীৱনক “বৰযখৰ জীৱন” বা পর্দাৰ জীৱন বোলা হয়। মানুহৰ মৃত্যু হ’লে তাৰ দুনিয়াৰ জীৱন শেষ হৈ যায় আৰু বৰযখৰ জীৱন আৰম্ভ হয় যিটো দুনিয়াৰ জীৱনৰ পৰা পৃথক। সেই কবৰৰ জীৱন কেনেকুৱা, এইটো বুজা আমাৰ পক্ষে অসম্ভৱ। সেই সম্পর্কে কুৰআন আৰু হাদীছে আমাক যিমানখিনি জনাইছে আমি সিমানখিনিলৈকে কোনো ধৰণৰ প্রশ্ন অবিহনে ঈমান আনিম। কিন্তু কোনো
প্রকাৰ ব্যাখ্যা বিশ্লেষণ বা অতিৰিক্ত প্রশ্ন নকৰোঁ। এইটোৱেই হ’ল ইমান বিল
গায়েব – অদৃশ্যত বিশ্বাস।
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক আমাৰ দৰূদবিলাক ফিৰিস্তাসকলে পৌচাই দিয়ে, আমাৰ দুনিয়াৰ জীৱনৰ কোনো কথা আমাৰ মৃত আত্মীয় স্বজনসকলৰ ওচৰত কোৱা হয়, পৰিচিত মৃত ব্যক্তিসকলৰ আত্মাবিলাকৰ মাজত দেখা সাক্ষাৎ হয়, বহু মৃত ব্যক্তিক কবৰত শাস্তি দিয়া হয় – এই সকলো বিষয় ছহীহ হাদীছৰ দ্বাৰা প্রমাণিত। আমি এইবোৰ বিশ্বাস কৰিম¸ কিন্তু ব্যাখ্যা কৰা বা দুনিয়াৰ জীৱনৰ সৈতে তুলনা কৰাৰ চেষ্টা নকৰোঁ।

হায়াতুন-নবী – অর্থ হ’ল যে নবী জীৱিত। এই কথা কুৰআনত আছে নে কোনো ছহীহ হাদীছত আছে!!! বৰং ওপৰৰ আলোচনাৰ পৰা এই কথা দিনৰ পোহৰৰ দৰে পৰিষ্কাৰ যে¸ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক হায়াতুন্নবী বোলা
কুৰআন বিৰোধী আক্কীদা।

Leave a comment