প্ৰশ্ন – হজ্জ কৰি অহা মুছলিমসকলৰ লগতে আপোনালোকলৈ আমাৰ প্ৰশ্ন-

প্ৰশ্ন – হজ্জ কৰি অহা মুছলিমসকলৰ লগতে আপোনালোকলৈ আমাৰ প্ৰশ্ন-

মদীনাত উপস্থিত হৈয়েই  মদীনাৰ মছজিদে নৱবীত ৮ দিন একেৰাহে দৈনিক ৫ ৱাক্ত ছালাত + তাহাজ্জুদ ছালাত যে পঢ়া হয়-

তাত নিশ্চয় দেখিবলৈ পাইছে-

(১) আজানৰ বাক্যবোৰ দুবাৰ কোৱাৰ পৰিৱৰ্তে একামতৰ বাক্যবোৰ “কাদকা মাতিচ্ছালাহ” ব্যতীত কিয় এবাৰকৈ কয়?

(২) একামতৰ পিছত ছালাতৰ আৰম্ভণিতে ইমাম চাহাবে প্ৰতি ৱাক্ততে “ইছতাউ, ইছতাউ, ছুদ্দুল খালাল, আকিমু ছুফুফাকুম তাৰা-ছুছু” বুলি কাতাৰ চিধা কৰিবলৈ কিয় কয় জানেনে?

(৩ ) প্ৰতি ৱাক্ত ফৰজ ছালাতৰ শেষত নতুবা জুম্মাৰ ফৰজ ছালাতৰ শেষত কেতিয়াবা সমূহীয়া মোনাজাত কৰেনে?

(৪) আৰাফা ময়দানত লাখ লাখ মানুহ জমা হয়। তাত কেতিয়াবা আখেৰী মোনাজাত কৰা হয়নে?

    মক্কাৰ কাবা ঘৰ সহ মছজিদে হাৰাম আৰু মক্কা-মদীনাত থকা সময়চোৱাত কেতিয়াবা দলবদ্ধ মোনাজাত দেখিবলৈ পাইছিল নে?

   তেওঁলোকে ভুল কৰি আছে নেকি? সেয়া কেৱল তাত হে প্ৰচলিত আমাৰ নিজ দেশত সেয়া মনাটোত কিবা বাধা আছে নেকি? সেই বাধা আল্লাহ নতুবা মুহাম্মদ চাল্লাল্লাহু আলাইহি চালামৰ পৰা নেকি?

     কোৰআন-হাদীছ মতে তেওঁলোকে যদি তাত তেনেকৈয়ে পঢ়িব পাৰে সেই একেই কোৰআন-হাদীছ আমাৰ বাবে ইয়াত প্ৰযোজ্য নহয় নেকি?

   কোনে কি উদ্দেশ্যৰে এই বিভাজন সৃষ্টি কৰিলে আৰু তাৰ সমাধান আমাক আজিলৈ কোনোৱে সঠিকভাৱে নিদিয়াৰ অন্তৰালত কি ৰহস্য লুকুৱাই ৰাখিছে তাক জানিবলৈ আমি কোৰআন-হাদীছৰ লগতে ছহীহ কিতাববোৰ পঢ়োঁ আঁহক!!!

   আপোনাৰ ওচৰৰ হাজী(?)সকলক এই বিষয়ে সুধিব নাপাহৰিব কিন্তু!!!

✍✍. Hadi Husnul Islam 

Leave a comment