প্ৰশ্ন : স্বামী আৰু স্ত্রী দুয়োজনেই যদি নেক আমল কৰে তেনেহলে মৃত্যুৰ পিছত সিহঁত দুয়োজনৰ সাক্ষাৎ হবে নে ⁉

💢 প্ৰশ্ন :  স্বামী আৰু  স্ত্রী দুয়োজনেই যদি নেক আমল কৰে  তেনেহলে মৃত্যুৰ পিছত  সিহঁত  দুয়োজনৰ  সাক্ষাৎ হবে নে  ⁉

উত্তৰ:- স্বামী-স্ত্রী উভয়  জান্নাতী হলে আল্লাহে সিহঁতক একেলগে জান্নাতত  প্রবেশৰ  নির্দেশ দিব।
 (ছূৰা  যুখৰূফঃ ৭০)

ৰাছুলুল্লাহ (ছা:) য়ে  আয়শ্বা (ৰা:)-ক কৈছিল , “তুমি কি সন্তুষ্ট নোহোৱা নে  যে, তুমি দুনিয়া আৰু  আখেৰাতত মোৰ স্ত্রী হৈ থাকিবা ?” তেওঁ ক’লে , হয় নিশ্চয়। তেতিয়া  নবী কৰীম  (ছা:) য়ে ক’লে , “তুমি ইহকাল আৰু  ও পৰকালত মোৰ স্ত্রী।”

হাকিম, চিলচিলা চহীহাহ :  ২২৫৫।
মুআ’বিয়া (ৰা:) আবু দাৰদাৰ (ৰা:)  বিধবা স্ত্রীক বিবাহৰ  প্রস্তাব দিছিল তেতিয়া তেওঁ সেইটো  নাকচ কৰি ক’লে , মই  আবু দাৰদাক কওঁতে  শুনিছোঁ , ৰাছুলুল্লাহ (ছা:)য়ে কৈছে , “এজন মহিলা তাইৰ  সর্বশেষ স্বামীৰ লগত জান্নাতত থাকিব ।”
বাগাভী, ত্বাবাৰাণী, চিলচিলা  চহীহাহঃ ১২৮১।
কেৱল  নেককাৰ স্বামী-স্ত্রী নহয় , নেককাৰ  সন্তানসকল ও  পিতৃ -মাতৃৰ লগত জান্নাতত  থাকিব , ছূৰা  তূৰ:  ২১।

আলহামদুলিল্লাহ্‌।
আল্লাহে!  আমালোকক আমাৰ পৰিয়ালৰ সৈতে  জান্নাতুল ফিৰদৌচত  স্থান দান কৰক , আমীন।

Leave a comment