#উত্তৰ : হাদিছত কোৱা হৈছে মানুহে মৃত্যু বৰণ কৰিলে *তিনিটা আমলৰ* বাহিৰে সকলো আমল বন্ধ হৈ যায়।
১। ছদকায়ে জাৰিয়া,
২। ইছলামী জ্ঞান, উপকাৰী বিদ্যা লিপিবদ্ধ কৰি যোৱা আৰু
৩। সৎ সন্তানৰ দু’আ।
[(ছহীহ মুছলিম – ৪৩১০]
এই হাদীছৰ বাহ্যিক অর্থত বুজা যায়, জীৱিত অৱস্থাত কোনো ব্যক্তিয়ে কৰা দানকেই ছদকায়ে জাৰিয়া বোলা হয়। মৃত্যুৰ পিছত তেওঁৰ সন্তানসকলৰ দানক নহয়। কিয়নো মৃত্যুৰ পিছত সন্তানসকলৰ পৰা যি হ’ব সেইটো ৰাছলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে বর্ণনা কৰি দিছে। তেওঁ কৈছে, “অথবা সৎ সন্তান যিয়ে তেওঁৰ কাৰণে দু’আ কৰিব।”
এতেকে কোনো ব্যক্তিয়ে যদি মৃত্যুৰ পূর্বে কিছু দান কৰাৰ অছীয়ত কৰি যায় অথবা ওৱাক্ফ কৰি যায়, তেন্তে সেইটো ছদকায়ে জাৰিয়া হিচাবে গণ্য হ’ব। মৃত্যুৰ পিছত কবৰত তেওঁ তাৰ দ্বাৰা উপকৃত হ’ব। অনুৰূপভাৱে ইছলামী জ্ঞান, তেওঁৰ উপার্জনৰ পৰা হ’ব লাগিব। একেদৰে সন্তানে যদি পিতাৰ কাৰণে দু’আ কৰে।
এই সম্পৰ্কত কোনোবাই যদি প্রশ্ন কৰে মই পিতাৰ কাৰণে দুই ৰাকাত ছালাত পঢ়িম নে নিজৰ কাৰণে দুই ৰাকাত ছালাত আদায় কৰি ইয়াৰ মাজত পিতাৰ কাৰণে দু’আ কৰিম? ইয়াৰ উত্তৰত কব পাৰি- উত্তম হৈছে নিজৰ কাৰণে দুই ৰাকাত ছালাত আদায় কৰিব আৰু ইয়াৰ মাজত পিতাৰ কাৰণে দু’আ কৰিব।
কিয়নো এইফালেই নবী চাল্লাল্লাহু আলাইহি অছাল্লামে নির্দেশনা প্রদান কৰিছে। তেওঁ ক’লে, অথবা ‘সৎ সন্তান’ যিয়ে তেওঁৰ বাবে দু’আ কৰিব, এনেকৈ কোৱা নাই যে তেওঁৰ কাৰণে ছালাত আদায় কৰিব বা অন্য কোনো নেক আমল কৰিব।
স্বামীৰ সম্পদৰ পৰা স্বামীৰ বিনা অনুমতিত স্ত্রীয়ে দান কৰা জায়েজ নহয়।
সকলো প্রাণীয়েই এদিন মৃত্যুৰ সোৱাদ গ্রহণ কৰিব লাগিব। কিন্তু বিশ্বাসী বান্দাসকলৰ ওচৰত এই জগতেই শেষ নহয়, তেওঁ পৰকালত অনন্ত অসীম কাল জীৱন-যাপন কৰিব লাগিব। পৰকালৰ জীৱনৰ পুঁজি এই ইহজগতৰ পৰাই সংগ্রহ কৰি লোৱা হয়। দুনিয়াত এনেকুৱা কিছুমান আমল আছে যাৰ ছওৱাব মৃত্যুৰ পিছতো অব্যাহত থাকে। হাদিছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনেকুৱা সাতটা আমলৰ কথা উল্লেখ কৰিছে। এইবোৰ আমলকে ছদকায়ে জাৰিয়া বোলা হয়।
হাদিছৰ ভাষ্য অনুযায়ী কোনো ব্যক্তিয়ে কাৰোবাক দ্বীনৰ কোনো ইলম শিকালে ইয়াৰ যি ছওৱাব হ’ব মৃত্যুৰ পিছতো তাক পাই থাকিব। যেনে- কোনোবাই শিশুসকলক চুবহানাল্লাহ কোৱা শিকালে। সেই ব্যক্তিৰ মৃত্যু হওঁক অথবা জীৱিত থাকক সর্বাৱস্থাত যিমানবাৰ সেই শিশুৱে চুবহানাল্লাহ পঢ়িব সিমানবাৰ যিয়ে শিকাইছে তাৰ ছওৱাব পাব। এইটো হ’ল ছদকায়ে জাৰিয়া। এইকাৰণে ধর্মীয় শিক্ষকৰ দৰ্জা বহুত ওপৰত। কাৰণ তেওঁলোকে বহুত ডাঙৰ আমল ছদকায়ে জাৰিয়া ৰাখি থৈ যায়। ছাত্রসকলে যিমানদিন ইলম শিকাব ইয়াৰ ছওৱাবো তেওঁলোকে পাই থাকিব। এনেদৰে ধাৰাবাহিকতা চলিয়েই থাকিব। এই ক্ষেত্রত মা-বাবাইও ছওৱাব পাব। কাৰণ তেওঁলোকে শিক্ষকৰ ওচৰলৈ নপঠালে তো শিক্ষকে পঢ়াব নোৱাৰিলেহেঁতেন। এইকাৰণে দ্বীনি শিক্ষাৰ জৰিয়তে মা-বাবাইও ছদকায়ে জাৰিয়াৰ ছওৱাব পাই থাকে।
তেনেদৰে কোনোবাই কুঁৱা বনাই দিলে, পানী পোৱাৰ কাৰণে নদী অথবা খাল খনন কৰিলে, অথবা কোনোবাই গছ ৰোপন কৰিলে এইবোৰৰ দ্বাৰা যিমান মানুহ লাভৱান হ’ব কিয়ামত পর্যন্ত এই ছদকাৰ ছওৱাব পাব সংশ্লিষ্ট ব্যক্তিগৰাকীয়ে। অথবা কোনোবাই মছজিদ নির্মাণ কৰিলে, সেই মছজিদত যিমান লোকে ছালাত আদায় কৰিব সকলোৰে ছওৱাবৰ এটি অংশ পাব মছজিদৰ প্রতিষ্ঠাতাই। ইয়াৰোপৰি মছজিদ নির্মাণৰ ফজিলত সম্পর্কে হাদিছত আছে, যিয়ে দুনিয়াত মছজিদ বনাব আল্লাহ তা‘আলাই জান্নাত তেওঁৰ কাৰণে ঘৰ নির্মাণ কৰিব।
কোনোবাই তেওঁৰ উত্তৰসূৰীসকলৰ কাৰণে কোৰআনে কাৰিমৰ কোনো কপি ৰাখি গ’লে; পৰৱর্তীসকলে ইয়াক পাঠ কৰিলে; এইটোও ছদকায়ে জাৰিয়া অথবা কোনোবাই নেক সন্তান ৰাখি থৈ গ’ল, মৃত্যুৰ পিছত তেওঁৰ কাৰণে দু‘আ কৰিব। এইবোৰ কামৰ ছওৱাব মৃত্যুৰ পিছতো মানুহে কবৰত পাই থাকিব। যিদিনা মানুহৰ আন কোনো অৱলম্বন নাথাকিব সিদিনা ছদকায়ে জাৰিয়াৰ ছওৱাব যে মানুহৰ কাৰণে কিমান জৰুৰী তাক ভাষাৰে প্রকাশ কৰিব নোৱাৰি। এইকাৰণে সকলোৱে বেছি বেছিকৈ ছদকায়ে জাৰিয়াৰ আমলসমূহ কৰা উচিত।