প্ৰশ্ন:– মহিলাসকলৰ কোন অংশ প্রকাশ পালে ছালাত অশুদ্ধ হৈ যায় আৰু তেওঁলোকৰ পোচাক কেনে ধৰণৰ হোৱা উচিত?

প্ৰশ্ন:– মহিলাসকলৰ কোন অংশ প্রকাশ পালে ছালাত অশুদ্ধ হৈ যায় আৰু তেওঁলোকৰ পোচাক কেনে ধৰণৰ হোৱা উচিত?
===================
উত্তৰ:–
#আলহামদুলিল্লাহ
প্রথম কথা হ’ল আমি জনা দৰকাৰ কেনেকৈ আমাক ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে ছালাতৰ পদ্ধতি শিকাই থৈ গৈছে, আমি যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক ভাল পাওঁ তেনেহ’লে তেখেতৰ পদ্ধতিৰ বাহিৰে আন কোনো পদ্ধতিত ছালাত নহ’ব।

#পুৰুষ আৰু মহিলাৰ ছালাতত পদ্ধতিগত কোনো পার্থক্য নাই¸ কিন্তু ছালাতত চতৰ ঢাকাৰ কিছুমান বিধি-বিধান আছে আৰু তাৰ প্ৰতি লক্ষ ৰাখি আমি চালাত আদায় কৰিব লাগিব। অধিকাংশ অসমীয়া মহিলাই শাড়ী পিন্ধি ছালাত পঢ়ে আৰু বহু সময়ত তেওঁলোকৰ হাতৰ বাহু বাহিৰ হৈ যায়। এনে ক্ষেত্ৰত তেওঁলোকৰ নামাজ শুদ্ধ হ’বনে?????

#সন্মুখত কোনো বেগানা পুৰুষ নাথাকিলে মহিলাসকলে নামাজৰ সময়ত কেৱল মুখ-মণ্ডল আৰু কব্জি পর্যন্ত দুই হাত বাহিৰ কৰি ৰাখিব। ইয়াৰ বাহিৰে অন্য কোনো অঙ্গ বাহিৰ হৈ গ’লে তেওঁৰ নামাজ বাতিল হৈ যাব। তাক পুনৰাই পঢ়িব লাগিব। আনকি ভৰিৰ পাতাও বাহিৰ হৈ গ’লে নামাজ শুদ্ধ নহ’ব।
((((১৮৭ (ইবনে বায)))))

#পাতল শাড়ী বা উড়না পিন্ধিলে মহিলাসকলৰ নামাজ নামাজ শুদ্ধ হবনে?????

#যি পোচাক পিন্ধাৰ পিছতো ভিতৰৰ চামড়া আৰু চুলি দেখা পোৱা যায়, তেনে পোচাক পিন্ধি নামাজ পঢ়িলে চালাত শুদ্ধ নহ’ব।
((((১৫৮ (ইবনে উচাইমীন)

#পাতল কাপোৰ পিন্ধি নামাজ পঢ়িলে নামাজ শুদ্ধ হবনে???

#যি কাপোৰ পিন্ধাৰ পিছতো পুৰুষৰ নাভিৰ তলৰ পৰা আঁঠু পর্যন্ত কোনো অংশ খোলা থাকে অথবা আবছা দেখা যায়, তেনে কাপোৰ পিন্ধিলে নামাজ শুদ্ধ নহয়।

#অনুুৰূপ যি শাড়ী বা উড়নাত মহিলাৰ মূৰৰ চুলি, ঘাড়, হাতৰ ৰোলা, পেট বা পিঠিৰ অংশ খোলা থাকে অথবা আবছা দেখা যায়, তাতে নামাজ নহয়। নামাজত চতৰ ঢাকা জৰুৰী। চতৰ খোলা গ’লে নামাজ নহ’ব।

===================
#সন্মুখত জুই অথবা জ্বলন্ত চাকি বা ধূপ থাকিলে নামাজ পঢ়া বৈধনে???

#সন্মুখত জুই ৰাখি নামাজ পঢ়াটো উলামাসকলে নিষেধ কৰিছে। কাৰণ তাত অগ্নিপূজকসকলৰ সাদৃশ্য গ্ৰহণ কৰা হয়। আনহাতে-
জলন্ত কেৰাচিন লেম্প বা মমবাতি, ইলেকট্রিক বাল্ব বা হিটাৰ অথবা ধূপ ইত্যাদি সন্মুখত থাকিলে নামাজ পঢ়া অবৈধ নহয়। কাৰণ অগ্নিপূজকসকলে এনেকৈ অগ্নিপুজা নকৰে আৰু সেইবোৰ জ্বলন্ত বস্তু তা’যীমৰ কাৰণেও সন্মুখত ৰখা নহয়।
১৭৩ (ইবনে উষাইমীন)

===================
হে আল্লাহ তুমি আমাক সৰল আৰু সঠিক পথত পৰিচালিত কৰা আৰু পাঁচ ওৱাক্ত চালাত সময়মতে জামাতৰ সৈতে শুদ্ধ পদ্ধতিত পঢ়াৰ তৌফিক দান কৰা। (আমিন)।

Leave a comment