প্ৰশ্ন :- বিজ্ঞানী সকলে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ অন্তিম অৱস্থা বা পৰিণতি কি হব পাৰে এই বিষয়ে Big crunch নামৰ এটা মত প্ৰকাশ কৰিছে পিছে এই তত্বটোনো কি ? আৰু এই তত্বৰ আভাস আৰু সমৰ্থন পৱিত্ৰ কুৰআনত পোৱা যায় নে ?

প্ৰশ্ন :- বিজ্ঞানী সকলে আমাৰ
বিশ্বব্ৰহ্মাণ্ডৰ অন্তিম অৱস্থা বা
পৰিণতি কি হব পাৰে এই বিষয়ে Big
crunch নামৰ এটা মত প্ৰকাশ কৰিছে
পিছে এই তত্বটোনো কি ? আৰু এই
তত্বৰ আভাস আৰু সমৰ্থন পৱিত্ৰ
কুৰআনত পোৱা যায় নে ?
,,
,,
উত্তৰ : – আমি প্ৰায় সকলোৱে বিগ
বেং
বা মহানাদৰ বিষয়ে কিছু কথা
জানো। এই তত্ব মতে আমাৰ দৃষ্টিত
ধৰা পৰা সসীম মহাবিশ্বৰ লগতে
আমাৰ চকুৰ পৰা সদায়ে আঁতৰত থাকি
যোৱা বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাৰ
সৃষ্টিৰ মূল হ’ল এই বিগ বেং। আচৰিত
হ’লেও সত্য যে বিগ বেঙৰ পৰাই সৃষ্টি
হৈছে সময়। পিছে বিগ বেঙৰ প্ৰতিৰূপ
আন এক পৰিঘটনা সম্বন্ধেও
বিজ্ঞানীসকলে মত প্ৰকাশ কৰিছে
আৰু এই পৰিঘটনাটোক বিগ ক্রাঞ্চ বা
মহা সংকোচন বোলা হয়। এই তত্ব মতে
আমাৰ বিশ্বব্ৰহ্মাণ্ড ভৱিষ্যতে পুনৰ
সংকুচিত হৈ এটা আদি বিন্দুত পৰিণত
হ’ব, স্থবিৰ হৈ পৰিব সময়। পিছে এই
তত্বটোনো কি? নিউটনৰ মহাকৰ্ষণ
সূত্ৰ আমি সকলোৱেই জানো।
একেদৰে আমি জানো যে বল প্ৰয়োগ
কৰিলে পদাৰ্থৰ স্থান সলনি হোৱাৰ
লগতে পদাৰ্থটো ত্বৰিত (accelerate)
হয়। বিগ বেঙৰ সময়ত সৃষ্টি হোৱা বলে
সৃষ্টি মূহুৰ্তৰ পদাৰ্থকণাবোৰক ত্বৰণ
দিছিল আৰু এই ত্বৰণৰ বাবেই
পদাৰ্থকণাবোৰ কেউদিশে
বিস্তাৰিত হৈছিল। বিজ্ঞানী এডুইন
হাব’লৰ মতে এই প্ৰক্ৰিয়া এতিয়াও
চলি আছে অৰ্থাৎ আমাৰ
বিশ্বব্ৰহ্মাণ্ড প্ৰসাৰণশীল অৱস্থাত
আছে। পিছে আইজাক নিউটনৰ
মহাকৰ্ষণ সূত্ৰ মতে বিশ্বব্ৰহ্মাণ্ডৰ
পদাৰ্থকণাবোৰৰ মাজত মহাকৰ্ষণ
বলে ক্ৰিয়া কৰি আছে। অৰ্থাৎ
মহাকৰ্ষণ বল আৰু বিশ্বব্ৰহ্মাণ্ডৰ
প্ৰসাৰণশীলতা- এই দুই পৰিঘটনাৰ
ক্ষেত্ৰত এটাই আনটোৰ বিপৰীত
দিশে ক্ৰিয়া কৰি আছে। গাণিতিক
ভাবে মহাকৰ্ষণ বল বিশ্বব্ৰহ্মাণ্ডৰ
প্ৰসাৰণশীল বলতকৈ কম হোৱা বাবে
বিশ্বব্ৰহ্মাণ্ডৰ পৰিসৰ সদায়ে বৃদ্ধি
হৈ আছে। কিন্তু এটা সময়ত এই দুই বলৰ
মান সমান হ’ব আৰু তেতিয়াই
বিশ্বব্ৰহ্মাণ্ডৰ প্ৰসাৰণ বন্ধ হ’ব।
ইতিমধ্যে বিজ্ঞানীসকলে
বিশ্বব্ৰহ্মাণ্ডত ডাৰ্ক মেটাৰ বা
অন্ধকাৰ পদাৰ্থৰ উপস্থিতি ঘোষণা
কৰিছে। এই ডাৰ্ক মেটাৰবোৰে
বিজ্ঞানীসকলে আশা কৰাতকৈ
অধিক ক্ষিপ্ৰভাবে মহাকৰ্ষণ বল
শক্তিশালী কৰি তুলিছে। যদি এইটো
সত্য, তেন্তে ভৱিষ্যতৰ সময়চোৱাৰ
কোনোবাখিনিত আমাৰ প্ৰসাৰণশীল
বিশ্বব্ৰহ্মাণ্ডখন স্থবিৰ হৈ পৰিব আৰু
তাৰপিছত বিশ্বব্ৰহ্মাণ্ডখন ক্ৰমে
সংকুচিত হ’বলৈ ধৰিব।
বিশ্বব্ৰহ্মাণ্ডৰ এই সংকোচন
প্ৰক্ৰিয়াকেই বিজ্ঞানীসকলে বিগ
ক্রাঞ্চ ( Big crunch ) বা মহাসংকোচন
বুলি
অভিহিত কৰিছে। এনেদৰে সংকুচিত
হৈ হৈ এদিন আমাৰ বিশ্বব্ৰহ্মাণ্ডখন
পুনৰ এটা বিন্দু সদৃশ কণালৈ
পৰিবৰ্তিত হ’ব আৰু এই বিন্দুটোকেই
বিজ্ঞানৰ ভাষাত “চিংগুলাৰিটি”
বুলি কোৱা হয়। সেই চিংগুলাৰিটিত
আপুনি, মই, গছ-লতিকা, চৰাই , আকাশ,
চন্দ্ৰ- সূৰ্য একোৱেই নেথাকিব।
নেথাকিব বতাহ, নেথাকিব পোহৰ আৰু
তাৰ পিছত আকৌ সংঘটিত হব Big
bang আৰু এনেকৈ আকৌ universe
সৃষ্টি হৈ পুনৰায় ধ্বংস হব
,,
,,
মন কৰিবলগীয়া কথা পৱিত্ৰ কুৰআনত
এনে এক পৰিঘটনা সংঘটিত হোৱাৰ
বৰ্ণনা পোৱা যায় এনেকৈ —
,,
ﻳَﻮْﻡَ ﻧَﻄْﻮِﻱ ﺍﻟﺴَّﻤَﺎﺀَ ﻛَﻄَﻲِّ ﺍﻟﺴِّﺠِﻞِّ ﻟِﻠْﻜُﺘُﺐِ ﻛَﻤَﺎ
ﺑَﺪَﺃْﻧَﺎ ﺃَﻭَّﻝَ ﺧَﻠْﻖٍ ﻧُّﻌِﻴﺪُﻩُ ﻭَﻋْﺪًﺍ ﻋَﻠَﻴْﻨَﺎ ﺇِﻧَّﺎ ﻛُﻨَّﺎ
ﻓَﺎﻋِﻠِﻴﻦ
,,,
অৰ্থাৎ -” সেইদিনা লিখা কাকত
ভাঁজ কৰাৰ দৰে আমি আকাশ ভাঁজ
কৰিম ; আদিতে আমি যিদৰে জগৎ
সৃষ্টি কৰিছিলোঁ সেইদৰে পুনৰায়
সৃষ্টি কৰিম এই অঙ্গীকাৰ পালন
কৰাৰ ভাৰ আমাৰ ওপৰত ; ইয়াত একো
সন্দেহ নাই , এই কাৰ্য সম্পাদন কৰিম
আমিয়ে ” ( কুৰআন 21 :104 )

Leave a comment