উত্তৰ : ফিতৰা পোৱাৰ যোগ্য কোন বা ফিতৰাৰ হকদাৰ কোন কোন শ্ৰেণীৰ লোকসকল? এই বিষয়ে ইছলামী বিদ্বানসকলৰ মতভেদ আছে।
এদল বিদ্বানে ভাৱে: যিসকল সাধাৰণ সম্পদৰ যাকাতৰ হকদাৰ তেওঁলোকেই ফিতৰা যাকাতৰ (ফিতৰাৰ) হকদাৰ। আৰু তেওঁলোক হ’ল আঠ শ্ৰেণীৰ লোক:
১- ফকীৰ
২- মিছকিন
৩- ছাদাকা আদায়ৰ কাৰণে নিযুক্ত কর্মচাৰী
৪- যিসকলৰ অন্তৰ ইছলামৰ পথত আকর্ষণ কৰা প্রয়োজন
৫-দাস-মুক্তিৰ কাৰণে
৬- ঋণগ্রস্তসকলৰ ঋণ পৰিশোধৰ উদ্দেশ্যে
৭- আল্লাহৰ পথত
৮- মুছাফিৰসকলৰ সাহায্যার্থে (ছুৰা তওবা ৬০)
এই মত পোষণকাৰীসকলৰ দলীল হ’ল : ফিতৰা ছাদাকাক অর্থাৎ ফিতৰাক নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে যাকাত ও ছাদাকা বুলি কৈছে। সেয়ে যিটো মালৰ যাকাতৰ শিতান হ’ব, সেইটোৱেই ফিতৰাৰও হ’ব। ছাদাকাৰ যিটো শিতান আল্লাহে ছুৰা তওবাহত উল্লেখ কৰিছে সেই শিতান ছাদাকাতুল ফিতৰাৰ কাৰণেও হ’ব।
আন এদল বিদ্বানে ভাৱে : ছাদাকাতুল ফিতৰ বা ফিতৰা কেৱল ফকীৰ মিছকিনসকলৰ হক, আন কাৰো নহয়।
এই মত পোষণকাৰীসকলৰ দলীল হ’ল : ইবনে ‘আব্বাছ (ৰাযি:)ৰ হাদীছ, তেওঁ কৈছে :
আল্লাহৰ ৰাছুল চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ফিতৰাৰ যাকাত (ফিতৰা) ফৰয কৰিছে ৰোজাদাৰৰ অশ্লীলতা ও বাজে কথা-বতৰাৰ পৰা পবিত্রতা আৰু মিছকিনসকলৰ আহাৰ স্বৰূপে .. ’’ [আবু দাউদ, যাকাতুল ফিতৰ নং ১৬০৬/ হাদীছ হাছান, ইৰওৱাউল গালীল নং ৮৪৩]
এই মতকে সমর্থন জনাইছে ইবনে তাইমিয়্যাহ, ইবনুল ক্কাইয়্যূম, শাওকানী, আযীমাবাদী, ইবনু উছাইমীন সহ আৰু বহুতে। [চাওঁক: মাজমুউ ফাতাওৱা ২৫/৭৩, যাদুল মাআদ ২/২২, নায়লুল আউত্বাৰ ৩-৪/৬৫৭, আওনুল মা’বূদ ৫-৬/৩, শাৰহুল মুমতি ৬/১৮৪]
এই মতটিয়েই অধিক ছহীহ কাৰণ :
(ক) এই মতৰ পক্ষে দলীল বিদ্যমান আৰু প্রথম মতটি এটি কিয়াছ (অনুমান) মাত্র। আনহাতে দলীল-প্রমাণৰ বিদ্যমানতাত কিয়াছ বৈধ নহয়।
(খ) ফিতৰাক যাকাত বুলি কোৱা হ’লেও উভয়ৰ মাজত আছে বহুত পার্থক্য। ফিতৰা এনেকুৱা ব্যক্তিৰ ওপৰতো জৰুৰী যাৰ ঘৰত সামান্য কিছু পৰিমাণে খাদ্য আছে। কিন্তু যাকাত কেৱল তাৰ ওপৰত জৰুৰী যিজন বিশেষ এক ভাল অংকৰ অর্থৰ মালিক। যাকাত ধন-সম্পদৰ কাৰণে জৰুৰী হয়¸ কিন্তু ফিতৰা ইফতাৰৰ কাৰণে দিয়া হয়। এইবোৰ কাৰণতে ফিতৰা ও যাকাতক একে বুলি ভৱা সমীচীন নহয়।
বাকী থাকিল ফিতৰাক এই কাৰণে ছাদাকা বুলি কোৱা হৈছে যে, ছাদাকা এটি দানৰ ব্যাপক শব্দ। যাকাত, ফিতৰা আৰু সাধাৰণ দানকো ছাদাকা বোলা হয়। ছাদাকা বুলিলেই যে যাকাতক বুজায় সেইটো নহয়। যেনে- নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে : ‘‘কুল্লু মা’ৰুফিন ছাদাকা’’ অর্থাৎ প্রত্যেক ভাল কাম ছাদকা। কিন্তু নি:সন্দেহে প্রত্যেক ভাল কাম যাকাত নহয়। তথাপিও নবী চাল্লাল্লাহু ‘আলাইহি অছাল্লামে ছাদাকা বুলি কৈছে। সেয়ে ফিতৰাক ছাদাকা বোলাৰ কাৰণে সেইটো যাকাতৰ অন্তর্ভুক্ত নহয়।
প্রসঙ্গত উল্লেখ্য যে, যাকাতুল ফিতৰাৰ শিতান সমূহৰ মাজত মাদ্ৰাছা আৰু মছজিদ নাই।
গতিকে ☞মছজিদ বা মাদ্ৰাছাৰ কোনো কামৰ বাবে ফিৎৰা দিলে ফিৎৰা আদায় নহব ।☜
কিন্তু মাদ্রাছাৰ ছাত্র, শিক্ষক আৰু মছজিদৰ ইমাম যদি ফকীৰ মিছকিনসকলৰ অন্তর্ভুক্ত হয়, তেনেহ’লে তেওঁলোক ফিতৰাৰ হকদাৰ হিচাবে গণ্য হ’ব¸ বৰং অন্যান্য ফকীৰ মিছকীনসকলতকৈ তেওঁলোক বেছি হকদাৰ হ’ব। কাৰণ এওঁলোকে দ্বীনৰ শিক্ষা অর্জনত আৰু আনক শিক্ষা দানত নিয়োজিত, যিটো গুণ অন্য ফকীৰ মিছকিনসকলৰ নাই।
[ আৰু যিটো সঠিক সেইটো আল্লাহেই ভালকৈ জানে]