প্ৰশ্ন:- নামাজৰ ভিতৰত ফৰজ কেইটা, ছুন্নত কেইটা আৰু ওৱাজীব কেইটা? ছহীহ হাদীছৰ পৰা উত্তৰ দিয়ক!

#প্ৰশ্ন:- নামাজৰ ভিতৰত ফৰজ কেইটা, ছুন্নত কেইটা আৰু ওৱাজীব কেইটা? ছহীহ হাদীছৰ পৰা উত্তৰ দিয়ক!

#উত্তৰ:- প্ৰথম কথা ছালাতৰ মাজত ফৰজ, ওৱাজীব, ছুন্নত, নফল, মুস্তাহাব এই ভাগবোৰ কোনে কৰিলে? এইবোৰ নাজানিলে ছালাত নহ’ব নেকি? চাহাবাসকলে কেনেকৈ ছালাত আদায় কৰিছিল? যেতিয়া মাজহাব নাছিল তেতিয়া মাজহাবৰ আগৰ লোকসকলে কেনেদৰে ছালাত আদায় কৰিছিল?

আচলতে এইবোৰ পৰৱৰ্তী আলিমসকলে ভাগ কৰিছে। চাহাবাসকলৰ দিনত এইবোৰ ভাগ নাছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেকৈ ছালাত আদায় কৰিছিল ঠিক তেনেকৈয়ে তেখেতসকলেও ছালাত আদায় কৰিছিল। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- “তোমালোকে তেনেদৰে ছালাত আদায় কৰা, যেনেদৰে মোক ছালাত আদায় কৰা দেখিছা” (বুখাৰী)। গতিকে ছাহাবাসকলে কোনো এটা আমলকেই সৰু জ্ঞান কৰা নাছিল আৰু এইবোৰ ভাগ কৰাৰ প্ৰয়োজনবোধও কৰা নাছিল। এই ভাগবোৰ যদি ছহীহ হাদীছৰ পৰাই কৰা হৈছে তেন্তে Alhamdulillah. খুব ভাল কথা আৰু যদি নিজৰ মত অনুযায়ী কৰিছে তেন্তে নিশ্চয় সেইটো গ্ৰহণযোগ্য নহয়। কিয়নো দ্বীন ইছলাম পৰিপূৰ্ণ। ইয়াত কোনো নতুন সংযোজন হ’ব নোৱাৰে। দ্বীনৰ মাজত প্ৰতিটো নৱ সংযোজন বিদাত। বিদাতীৰ পৰিণাম জাহান্নাম।

আনহাতে এই ভাগবোৰৰ মাজতো ইমামসকলৰ মাজত মতবিৰোধ আছে।  যেনে- হানাফী মাজহাবৰ মতে নামাজৰ আৰকান/আহকাম ১৩ টা  ফৰজ আকৌ মালিকী মাজহব মতে ২৫ টা ফৰজ. ঠিক তদ্ৰূপ হানাফী মাজহাব মতে অজুৰ ফৰজ ৪টা, মালিকী মাজহাব মতে অজুৰ ফৰজ ৭টা, শ্বাফেঈ মাজহাব মতে অজুৰ ফৰজ ৬টা আৰু হাম্বলী মাজহাব মতে অজুৰ ফৰজ ১০টা। এতিয়া আপুনি কাক অনুসৰণ কৰিব? ইমাম শ্বাফেঈৰ মতে হানিফী সকলে অজুৰ ২টা ফৰজ নামানে!! ফৰজ তৰক কৰিলে অজু হ’বনে? অজু নহ’লে নামাজ হ’বনে?

কিন্তু নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কেনেকৈ অজু কৰিছিল, কেনেকৈ ছালাত আদায় কৰিছিল তাৰ সম্পূৰ্ণ বৰ্ণনা ছহীহ হাদীছবোৰ অধ্যয়ন কৰিলেই জানিব পাৰি। অজু কৰোঁতে কেতিয়াবা নবী চাল্লাল্লাহু আলাইহি অছাল্লামে অজুৰ অঙ্গসমূহ এবাৰ, কেতিয়াবা দুবাৰ আৰু কেতিয়াবা তিনিবাৰ ধুইছিল। কোৰআনত কেৱল ধোৱাৰ কথাহে আছে। কেইবাৰ ধুব লাগে তাৰ উল্লেখ নাই। সেয়ে আলিমসকলে এবাৰ ধোৱাক ফৰজ বুলি ভাগ কৰিছে। নবী চাল্লাল্লাহু আলাইহি অছাল্লামে দুই বা তিনিবাৰো ধুইছিল। সেইকাৰণে তিনিবাৰ ধোৱাটো ছুন্নত বুলি ভাগ কৰিছে। কিন্তু আল্লাহে কৈছে- “নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত আছে উত্তম আদৰ্শ”। গতিকে নবী চাল্লাল্লাহু আলাইহি অছাল্লামে যেনেকৈ ইবাদাত কৰিছিল ঠিক তেনেকৈ ইবাদাত কৰা উচিত। সীমালংঘন কৰা উচিত নহয়। নিশ্চয় সীমালংঘনকাৰীক আল্লাহে ভাল নাপায়। এই প্ৰশ্নবোৰৰ দ্বাৰা সাধাৰণ মুছলিমক বিভ্ৰান্ট কৰি মাজহাবক জীয়াই ৰখাটো ই এটা অপকৌশল মাত্ৰ। আল্লাহে আমাক সঠিক বুজ দিয়ক। আমীন।

“ৰাছুলে তোমালোকক যি দিয়ে সেয়া তোমালোকে গ্ৰহণ কৰা, আৰু যিটোৰ পৰা তেওঁ তোমালোকক নিষেধ কৰে তাৰ পৰা বিৰত থকা আৰু তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ শাস্তি প্ৰদানত অতি কঠোৰ”।
-আল-কোৰআন – ৫৯:৭

Leave a comment