#ধৰ্ম_মানে_কি ???
উত্তৰ –
#ধৰ্ম_হৈছে_নাৰিকল ।
উত্তৰ –
#ধৰ্ম_হৈছে_নাৰিকল ।
⏺️যিসকলে নাজানে বা জানিবলৈ ইচ্ছাও নকৰে তেওঁলোকে ইয়াক কিবা কাম নথকা টান,খহটা , শুকান বস্ত বুলি ভাবি দলিয়াই দিয়ে।
⏺️যিসকলে জানিও নাজানে বা কম জানে অথবা ভূলকৈ জানে তেওঁলোকে ভাল/বেয়াৰ বাচ-বিচাৰ নকৰি ইয়াৰে বেলেগৰ মুৰ ফালে বা ফালিবলৈ চেষ্টা কৰে।
⏺️শেষত যিসকলে সঠিক অধ্যয়নৰ জৰিয়তে ইয়াৰ গুনাগুন সম্পৰ্কে অবগত হয় তেওঁলোকে কষ্ট কৰি হলেওঁ ইয়াৰ টান,খহটা, শুকান অংশখিনি আতৰাই ভিতৰৰ প্ৰটিন, ভিটামিন, মিনাৰেল, এনাৰ্জি, ডায়েটাৰী ফাইবাৰ, ফেট সমৃদ্ধ ইয়াৰ বিশুদ্ধ পানী আৰু Coconut flesh (বগা অংশ) নিজেও খাই উপকৃত হয় আৰু আনকো খুৱাই উপকৃত কৰে।
কিন্তু দূৰ্ভাগ্যৰ কথা যে পৃথিৱীৰ সৰহসংখ্যক মানুহে নাৰিকল কি নাজানে আৰু জানিলেওঁ ইয়াৰ অপ-প্ৰয়োগ কৰে।