প্ৰশ্ন :- গ্ৰহ – নক্ষত্ৰ বা গ্ৰহ – নক্ষত্ৰৰ অৱস্থানে মানুহৰ ভাগ্যৰ নিয়ন্ত্ৰণ কৰে নিকি ? আনহাতে ভৱিষ্যতে ঘটিব এনে কোনো কথাৰ জ্ঞান গ্ৰহ – নক্ষত্ৰৰ অৱস্থানৰ গণনাৰ দ্বাৰা জনা কি সম্ভৱ ? এই বিষয়ে কুৰআন আৰু সাদিছৰ অভিমত কি ?

প্ৰশ্ন :- গ্ৰহ – নক্ষত্ৰ বা গ্ৰহ – নক্ষত্ৰৰ
অৱস্থানে মানুহৰ ভাগ্যৰ নিয়ন্ত্ৰণ
কৰে নিকি ? আনহাতে ভৱিষ্যতে
ঘটিব এনে কোনো কথাৰ জ্ঞান গ্ৰহ –
নক্ষত্ৰৰ অৱস্থানৰ গণনাৰ দ্বাৰা জনা
কি সম্ভৱ ? এই বিষয়ে কুৰআন আৰু
সাদিছৰ অভিমত কি ?
,,
,,
উত্তৰ :- আমাৰ সমাজৰ বহুতো লোকেই
পুৱাই বাতৰিকাকতখন মেলিয়েই
ৰাশিফলত চকু ফুৰায় দিনটোৰ শুভাশুভ
জানিবৰ বাবে তদুপৰি ভালেমান
টিভি চেনেলত দিনটোৰ ৰাশিফলৰ
লগতে যিকোনো লোকৰে ভৱিষ্যতৰ
বিষয়ে বিতংকৈ জানিবৰ বাবে আৰু
সম্ভাব্য দুৰ্যোগসমূহৰ প্ৰতিৰোধৰ
বাবে জ্যোতিষীয় সমাধানৰ উপায়
লাভ কৰাৰ বাবে পোনপটীয়া ব্যৱস্থা
আছে
০ এতিয়া প্ৰশ্ন উদয় হয় জ্যোতিষই এই
জ্ঞান লাভ কৰে কৰ পৰা ? এই
সম্পৰ্কে সিহঁতৰ মত কি ?
,,
= ইয়াৰ উত্তৰ হল —–
” জ্যোতিষৰ মতে গ্ৰহ – নক্ষত্ৰবোৰ
মানুহৰ দৰে মগজুসম্পন্ন চেতনা সত্তা
যি পৃথিৱীৰ মানুহৰ আপদ – বিপদ ,
বিয়া বাৰুক লৈ ব্যস্ত হৈ থাকে “
 ,,
o গতিকে মহাকাশৰ গ্ৰহ – নক্ষত্ৰৰ
অৱস্থান , গতি – বিধি আদিৰ
পয্যাবেক্ষণ আৰু বস্তনিষ্ঠা অধ্যয়নৰ
দ্বাৰা ভৱিষ্যতে ঘটিব এনে কোনো
কথাৰ জ্ঞান লাভ কৰা সম্ভৱ ” [ ১ ]
,,
আৰু এই গ্ৰহ -নক্ষত্ৰৰ অৱস্থানৰ গতি –
বিধি গণনা কৰিয়েই তেওঁলোকে
ভৱিষ্যতবাণী কৰে আৰু আমাৰ
কিছুমান বাতৰিকাকত আৰু টিভি
চেনেলে এইবোৰ প্ৰকাশ কৰি থাকে ,,
প্ৰাচীন কালত যেতিয়া বিজ্ঞানৰ
বিকাশ হোৱা নাছিল তেতিয়া
মানুহে বিশ্বাস কৰিছিল —-
,,
o শনি বা saturn কৃষি তথা উৰ্বৰতাৰ
দেৱতা । তেওঁ মানুহক মাটি চহাবলৈ
শিকাইছিল , এই বিশ্বাস কৰিছিল
ৰোমানসকলে । আনহাতে আমাৰ
ভাৰতীয় জনসাধাৰণে বিশ্বাস
কৰিছিল বা কৰে শনিয়ে কাৰোবাক
লাম্ভিব লাগিলে তেওঁৰ আলৈ –
আহুকাল , দুখ – যন্ত্ৰণা অন্ত নপৰিব ।
ভাৰতীয় পৰম্পৰাত শনিৰ অপদৃষ্টি
সম্পৰ্কে জনসমাজ সততে সন্ত্ৰস্ত হৈ
থকাৰ বাবেই শনিৰ নামত উৎসৰ্গিত
শনিবাৰটোকো অশুভ বাৰ হিচাপে
মূল্যায়ন কৰা হয় । [ ২ ]
,,
o আনহাতে পুৰাণ আদি প্ৰাচীন
ভাৰতীয় শাস্ত্ৰবোৰৰ মতে সূৰ্য ক’লা
– ৰঙচুৱা বৰণৰ এজন পুৰুষ । তিনিটা চকু
আৰু চাৰিটা বাহু থকা এই পুৰুষজনে
এপাহ ৰঙা পদুমৰ ওচৰত বহি দেহৰ পৰা
অবিৰাম ৰশ্মি বিলাই থাকে [ ৩ ]
,,
কিন্তু বিজ্ঞানৰ উন্নতি আৰু
আৱিষ্কাৰৰ লগে লগে এই সকলো
বিশ্বাস অন্ধবিশ্বাসলৈ ৰূপান্তৰিত
হৈ পৰে কিয়নো বিজ্ঞানৰ
আৱিষ্কাৰৰ দ্বাৰা এইটো স্পষ্ট হৈ
পৰিছে গ্ৰহ – নক্ষত্ৰ এইবোৰ জড়
পদাৰ্থপিণ্ড । আৰু এইবোৰৰ কোনো
চেতনা নাই এতিয়া প্ৰশ্ন উদয় হয় যাৰ
চেতনাই নাই সি কাৰোবাৰ উপকাৰ –
অপকাৰ কৰাৰ চিন্তা কৰিব
কেনেকৈ ? কিন্তু এইবোৰ
অন্ধবিশ্বাস হলেও কিছুমান মানুহে
এইবোৰ জীয়াই ৰাখিব খোজে ইয়াৰ
উদাহৰণস্বৰূপে কব পাৰি ” কোনো
স্কুলত কোনোবাই যদি সূৰ্যক চেতনা
থকা সত্তা বুলি বিবেচনা কৰি
কোনো মুছলিম লৰা – ছোৱালীক সূৰ্য
-নমস্কাৰ বা পূজা ” কৰিবলৈ
উৎসাহিত কৰা হয় আৰু এই কাৰ্যক
কোনো মুছলিম মানুহে যদি আপত্তি
কৰে তেন্তে এই বিষয়টোক কিছুমান
মানুহ , বাতৰিকাকত আৰু টিভি
চেনেলে এনেকৈ উপস্থাপন কৰা
দেখা যায় যে এই আপত্তি কৰি
মুছলিম বেক্তিজনে কোনো অপৰাধ
হে কৰিলে মুছলিম বেক্তিজনে
চিন্তা কৰে সূৰ্য্য তু আল্লাহৰ সৃষ্টি
এটা বস্তু- পিণ্ড যি আমাক পোহৰ দি
থাকে । এই বস্তু পিণ্ডৰ উপাসনা
কৰিলে কি হব ? ইয়াৰ তু কোনো
চেতনা নাই , উপাসনা আমি তাকেই
কৰা উচিত যোনে এই সূৰ্যক সৃষ্টি
কৰিছে যোনে সৃষ্টি কৰিছে চন্দ্ৰক ,
যেনেকৈ চিন্তা কৰিবলৈ কুৰআনে
আমাক শিকাই দিছে, কুৰআনত কোৱা
হৈছে ——
ﻭَﻣِﻦْ ﺁﻳَﺎﺗِﻪِ ﺍﻟﻠَّﻴْﻞُ ﻭَﺍﻟﻨَّﻬَﺎﺭُ ﻭَﺍﻟﺸَّﻤْﺲُ ﻭَﺍﻟْﻘَﻤَﺮُ ﻟَﺎ
ﺗَﺴْﺠُﺪُﻭﺍ ﻟِﻠﺸَّﻤْﺲِ ﻭَﻟَﺎ ﻟِﻠْﻘَﻤَﺮِ ﻭَﺍﺳْﺠُﺪُﻭﺍ ﻟِﻠَّﻪِ ﺍﻟَّﺬِﻱ
ﺧَﻠَﻘَﻬُﻦَّ ﺇِﻥ ﻛُﻨﺘُﻢْ ﺇِﻳَّﺎﻩُ ﺗَﻌْﺒُﺪُﻭﻥ
” আৰু সেইজনাৰ চিহ্নবোৰৰ ভিতৰত
হৈছে নিশাটো , দিনটো , সূৰ্য্যটো
আৰু চন্দ্ৰটো । তোমালোকে নিজকে
সূৰ্য্য বা চন্দ্ৰৰ আগত সাষ্টাঙ্গে
অৱনত নহবা কিন্তু সাষ্টাঙ্গে অৱনত
হবা মাথোন আল্লাহৰ আগত , যি
জনাই সেইবিলাকক সৃষ্টি কৰিছে ,
যদিহে সেইজনাকে তুমি প্ৰকৃততে
উপাসনা কৰা ” ( কুৰআন 41 : 37 )
এতিয়া এচাম মানুহে এই যুক্তি দিব
পাৰে বা দিয়ে আমি জানো যে
গ্ৰন্থ – নক্ষত্ৰ এইবোৰ জড়
পদাৰ্থপিণ্ড আৰু এইবোৰৰ কোনো
নিৰ্দিষ্ট চেতনা নাই কিন্তু ” সমগ্ৰ
মহাকাশ যিহেতু জ্যোতিষ্কৰ প্ৰভাৱত
প্ৰভাৱিত সেয়েহে ভৱিষ্যতে ঘটিব
এনে কোনো কথাৰ জ্ঞান গ্ৰন্থ –
নক্ষত্ৰৰ অৱস্থানৰ গতি – বিধি গণনা
কৰি জনা সম্ভৱ ” আৰু কিছুমান মানুহে
এইটো দাবী কৰিব পাৰে এই বিষয়ে
এই কাৰণেই জনা সম্ভৱ ঈশ্বৰ বা
আল্লাই ইচ্ছা কৰিছে ভৱিষ্যতে ঘটিব
এনে কথাৰ জ্ঞান গ্ৰন্থ – নক্ষত্ৰৰ
অৱস্থানৰ গতি – বিধি গণনাৰ দ্বাৰা
মানুহে জানক “
,,
,,
* সি যি নহওক, ৰাশিফলৰ সত্যতা
সম্পৰ্কে সৰু অনুসন্ধান এটা চলাব
পাৰি। ৰাশিৰ সংখ্যা হ’ল বাৰটা।
২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ
জনসংখ্যা হ’ল ২,৬৬,৫৫,৫২৮জন। এই
জনসংখ্যাৰ কিমান মানুহ কোনটো
ৰাশিৰ হ’ব সেয়া তেওঁলোকৰ নামৰ
প্ৰথম আখৰ অনুসৰি বা জন্মৰ তাৰিখ
অনুসৰিহে ঠিক হ’ব। তথাপি উক্ত
জনসংখ্যাক বাৰটা ভাগ কৰি আমি
ধৰি ল’লো যে প্ৰতিভাগত
২২,২১,২৯৪জনকৈ লোক অন্তৰ্ভুক্ত
হৈছে। সঠিক হওক বা নহওক, এই
সংখ্যাই আমাক উদ্দেশ্যত সহায়
কৰিব পাৰিব নিশ্চয়। এটা ভাগত
অন্তৰ্ভুক্ত সমূহ লোকৰ জীৱন গ্ৰহ-
নক্ষত্ৰৰ একে অৱস্থানৰ
পৰিপ্ৰেক্ষিতত একেধৰণে
পৰিচালিত হ’ব লাগে। তেন্তে অসমৰ
সমূহ জনগণৰ জীৱন কেৱল বাৰটা
নিৰ্ধাৰিত ধৰণেৰেহে পৰিচালিত হ’ব
নেকি? ৰাশি-নিৰ্ধাৰিত বাৰটা ধৰণৰ
বাহিৰে আন কোনোধৰণে জীৱন
পৰিচালিত হোৱা বা ৰাশি-ঘোষিত
পূৰ্বনিৰ্দিষ্ট কাৰ্যকলাপৰ বাদে
কোনো আন কাৰ্য সম্পাদিত হোৱা
আমি অসমত দেখিবই নালাগিছিল।
কিন্তু বাস্তৱটো তেনেকুৱানে? [ ৪ ]
 ,,
” এই যুক্তিটো সাধাৰণতে এনেকুৱা
আমি যদি কোনো গাড়ী লৈ
ৰাস্তাৰে গৈ থাকো তেতিয়া পটক
কৰি এটা মেকুৰী আমাৰ গাড়ীৰ
সন্মুখেৰে দৌৰ দিয়ে তেতিয়া আমি
যদি ভাবোঁ সম্ভৱ ভৱিষ্যতে আমাৰ
কোনো বিপদ আহি আছে “
,,
আৰু যেতিয়াই আমি এনে কোনো
সিদ্ধান্ত কৰিম তেতিয়া তাৰ অৰ্থ হব
,,
” আমাৰ ভৱিষ্যতে কি ঘটিব এই কথাৰ
জ্ঞান সেই মেকুৰীটোৰ আছে আৰু এই
কাৰণেই সি আমাক সাৱধান কৰি
দিবলৈ এনে কাম কৰিলে ” কিন্তু এই
বিশ্বাস কি যুক্তি পূৰ্ণ ? মন কৰক এই
বিশ্বাস আৰু গ্ৰহ – নক্ষত্ৰৰ গণনাৰ
দ্বাৰা ভৱিষ্যত জনা বিষয় টু একে
” এতিয়া প্ৰশ্ন উদয় হয় ইছলামৰ ধৰ্মৰ
পৱিত্ৰ ধৰ্ম গ্ৰন্থ ত এনে কোনো কথা
কোৱা হৈছে নিকি যে ভৱিষ্যত
জনাৰ জ্ঞান আল্লাহে কাৰোবাক
দিছে —
এই বিষয়ে কুৰআনত কোৱা হৈছে
এনেকৈ —
٥ :٢٧
ﻗُﻞْ ﻟَﺎ ﻳَﻌْﻠَﻢُ ﻣَﻦْ ﻓِﻲ ﺍﻟﺴَّﻤَﺎﻭَﺍﺕِ ﻭَﺍﻟْﺄَﺭْﺽِ ﺍﻟْﻐَﻴْﺐَ
ﺇِﻟَّﺎ ﺍﻟﻠَّﻪُ ۚ ﻭَﻣَﺎ ﻳَﺸْﻌُﺮُﻭﻥَ ﺃَﻳَّﺎﻥَ ﻳُﺒْﻌَﺜُﻮﻥ
” তুমি কোৱা , আকাশমণ্ডলী আৰু
পৃথিৱীৰ অদৃশ্য বিষয়ে আল্লাহৰ ভিন্ন
আন কাৰো জ্ঞান নাই আৰু সিহঁতৰ
কেতিয়া পুনৰুথ্বান হব তাকো সিহঁতে
নাজানে ” ( কুৰআন 27:65 )

” আৰু গায়েবৰ চাবি – কাটি তেওঁৰেই
ওচৰত তেওঁৰ বাহিৰে কোনেও সেয়া
নাজানে … ” ( কুৰআন 6 :59 )

জ্যোতিষীয় সমাধান লাভ কৰিবলৈ
তেওঁলোকৰ ওচৰত যাৱ পাৰিনে এই
বিষয়ে সাদিছ গ্ৰন্থত এনেকৈ বৰ্ণনা
আহিছে


মু’আবিয়া ( ৰ : ) কৈছিল ” হে আল্লাহৰ
ৰাছুল ( ছ: ) ! নিশ্চয়ই আমাৰ মাজত
এনে কিছুমান মানুহ আছে , যিসকল
গণকৰ ওচৰত যায় । ৰাছুল ( ছ: ) উত্তৰ
দিলে সিহঁতৰ ওচৰত নাযাবা ” [ ৫ ]
,,
এতিয়া কোনোবাই প্ৰশ্ন কৰিব পাৰে
মুছলিম সকলৰ বাবে যদি জ্যোতিষ
জ্ঞান লাভ কৰা নিষিদ্ধ তেন্তে
মুছলিম সকলে কি গ্ৰহ – নক্ষত্ৰৰ
বস্তুনিষ্ঠা অধ্যয়ন নকৰিব ? যিদৰে
Astronomy বিজ্ঞানত কৰা হয় ? ইয়াৰ
উত্তৰ হলে বস্তনিষ্ঠ অধ্যয়ন ইছলামত
নিষিদ্ধ নহয
,,
* এই বিষয়টো বৈধ হোৱাটো কুৰআন
আৰু সাদিছৰ দ্বাৰা প্ৰমাণিত [ ৬ ]
ইয়াৰ দলিল হিচাপে কুৰআনৰ এই
আয়াতটো উপস্থাপন কৰা হয় —
٩٧ : ٦
ﻭَﻫُﻮَ ﺍﻟَّﺬِﻱ ﺟَﻌَﻞَ ﻟَﻜُﻢُ ﺍﻟﻨُّﺠُﻮﻡَ ﻟِﺘَﻬْﺘَﺪُﻭﺍ ﺑِﻬَﺎ ﻓِﻲ
ﻇُﻠُﻤَﺎﺕِ ﺍﻟْﺒَﺮِّ ﻭَﺍﻟْﺒَﺤْﺮِ ۗ ﻗَﺪْ ﻓَﺼَّﻠْﻨَﺎ ﺍﻟْﺂﻳَﺎﺕِ ﻟِﻘَﻮْﻡٍ
ﻳَﻌْﻠَﻤُﻮﻥَ
৬:৯৭
আৰু তেৱেঁই তোমালোকৰ বাবে
তৰামণ্ডল সৃষ্টি কৰিছে যাতে ইয়াৰ
দ্বাৰা তোমালোকে স্থলৰ আৰু
সাগৰৰ অন্ধকাৰত পথ বিচাৰি পোৱা।
নিশ্চয় আমি জ্ঞানী সম্প্ৰদায়ৰ
বাবে আয়াতসমূহ বিশদভাৱে বিবৃত
কৰিছো।
,,
١٦ : ١٦
ﻭَﻋَﻠَﺎﻣَﺎﺕٍ ۚ ﻭَﺑِﺎﻟﻨَّﺠْﻢِ ﻫُﻢْ ﻳَﻬْﺘَﺪُﻭﻥَ ১৬:১৬
আৰু (তেৱেঁই) পথ নিৰ্দেশক চিহ্নসমূহ
(স্থাপন কৰিছে)। লগতে তৰা নক্ষত্ৰৰ
দ্বাৰাও (মানুহে) পথ নিৰ্দেশ পায়।
আনহাতে কুৰআন আৰু কোৱা হৈছে —
١٨٩ : ٢
۞ ﻳَﺴْﺄَﻟُﻮﻧَﻚَ ﻋَﻦِ ﺍﻟْﺄَﻫِﻠَّﺔِ ۖ ﻗُﻞْ ﻫِﻲَ ﻣَﻮَﺍﻗِﻴﺖُ
ﻟِﻠﻨَّﺎﺱِ ﻭَﺍﻟْﺤَﺞِّ ۗ ﻭَﻟَﻴْﺲَ ﺍﻟْﺒِﺮُّ ﺑِﺄَﻥْ ﺗَﺄْﺗُﻮﺍ ﺍﻟْﺒُﻴُﻮﺕَ ﻣِﻦْ
ﻇُﻬُﻮﺭِﻫَﺎ ﻭَﻟَٰﻜِﻦَّ ﺍﻟْﺒِﺮَّ ﻣَﻦِ ﺍﺗَّﻘَﻰٰ ۗ ﻭَﺃْﺗُﻮﺍ ﺍﻟْﺒُﻴُﻮﺕَ ﻣِﻦْ
ﺃَﺑْﻮَﺍﺑِﻬَﺎ ۚ ﻭَﺍﺗَّﻘُﻮﺍ ﺍﻟﻠَّﻪَ ﻟَﻌَﻠَّﻜُﻢْ ﺗُﻔْﻠِﺤُﻮﻥَ
২:১৮৯
সিহঁতে তোমাক চন্দ্ৰ সম্পৰ্কে প্ৰশ্ন
কৰে। কোৱা, এইটো মানুহৰ আৰু হজ্জৰ
বাবে সময় নিৰ্ধাৰক; আৰু
পিছফালেৰে ঘৰত প্ৰৱেশ কৰাটো
কোনো পূণ্যৰ কাম নহয়, বৰং পূণ্য
হৈছে কাৰোবাৰ তাক্বৱা অৱলম্বন
কৰা। এতেকে তোমালোকে ঘৰত
প্ৰৱেশ কৰা দুৱাৰেৰে আৰু
তোমালোকে আল্লাহৰ তাক্বৱা
অৱলম্বন কৰা, যাতে তোমালোকে
সফলতা অৰ্জন কৰিব পাৰা।
,,
١٩١: ٣
ﺍﻟَّﺬِﻳﻦَ ﻳَﺬْﻛُﺮُﻭﻥَ ﺍﻟﻠَّﻪَ ﻗِﻴَﺎﻣًﺎ ﻭَﻗُﻌُﻮﺩًﺍ ﻭَﻋَﻠَﻰٰ
ﺟُﻨُﻮﺑِﻬِﻢْ ﻭَﻳَﺘَﻔَﻜَّﺮُﻭﻥَ ﻓِﻲ ﺧَﻠْﻖِ ﺍﻟﺴَّﻤَﺎﻭَﺍﺕِ
ﻭَﺍﻟْﺄَﺭْﺽِ ﺭَﺑَّﻨَﺎ ﻣَﺎ ﺧَﻠَﻘْﺖَ ﻫَٰﺬَﺍ ﺑَﺎﻃِﻠًﺎ ﺳُﺒْﺤَﺎﻧَﻚَ
ﻓَﻘِﻨَﺎ ﻋَﺬَﺍﺏَ ﺍﻟﻨَّﺎﺭِ
৩:১৯১
যিসকলে থিয় হৈ, বহি আৰু শুই
আল্লাহক স্মৰণ কৰে আৰু আকাশসমূহ
আৰু পৃথিৱীৰ সৃষ্টি সম্পৰ্কে চিন্তা
কৰে, আৰু কয়, ‘হে আমাৰ ৰব! তুমি
এইবোৰ অনৰ্থক সৃষ্টি কৰা নাই, তুমি
অত্যন্ত পৱিত্ৰ, এতেকে তুমি আমাক
জুইৰ শাস্তিৰ পৰা ৰক্ষা কৰা’।
,,
তত্ব সূত্ৰ সমূহ —
[ ১] > তাইসিৰ আল – আযিষ আল –
হামীদ , পৃষ্ঠা ৪৪১
[২ ] > কোনে কেতিয়া ক ‘ত কেনেকৈ
কি আৱিষ্কাৰ কৰিছিল , পৃষ্ঠা ২৪২ ,
শান্তনু কৌশিক বৰুৱা
[ ৩] > কোনে কেতিয়া ক’ত কেনেকৈ
কি আৱিষ্কাৰ কৰিছিল , পৃষ্ঠা ২৫০ ,
শান্তনু কৌশিক বৰুৱা
[ ৪ ] > জিতেন বেজবৰুৱা অনলাইন
ব্লক
[ ৫ ] > মুছলিম শ্বৰিফ ( ইংৰাজী
অনুবাদ ) খণ্ড ৪ , পৃষ্ঠা ১২০৯ , হাদিছ
নং ৫৫৩২
[ ৬ ] The Fundamental of Tawheed
( bangla ) page no – 122 by Dr.Abu
Ameenah Bilal philips

✍✍✍…, Sadda hussain 

Leave a comment