প্ৰশ্ন: গোটেই পৃথিৱীৰ সকলো মুছলিমে একেই দিনত ছিয়াম (ৰোজা), ঈদুল ফিতৰ আৰু ঈদুল আযহা একেলগে পালন কৰিব নোৱাৰে কিয় ⁉

💢গোটেই পৃথিৱীৰ সকলো মুছলিমে একেই দিনত ছিয়াম (ৰোজা), ঈদুল ফিতৰ আৰু ঈদুল আযহা একেলগে পালন কৰিব নোৱাৰে কিয় ⁉ 💢 এই বিষয়টো লৈ সাধাৰণতে আলিম ওলেমা সকলৰ মাজত কিছু মতভেদ দেখা যায় । গতিকে ইয়াৰ আগতে আৰু এটা বিষয় জানিব লাগিব 👉প্রশ্নঃ ইছলামি মাহ কেনেকৈ আৰম্ভ হয়⁉ উত্তৰ: ইছলামিক মাহ আৰম্ভ হোৱাৰ বিষয়ে আল্লাহে কোৰআনত স্পষ্টভাৱে কৈছে, “সিহঁতে তোমাক চন্দ্ৰ সম্পৰ্কে প্ৰশ্ন কৰে। কোৱা, ‘এইটো মানুহৰ আৰু হজ্জৰ বাবে সময় নিৰ্ধাৰক; [ ছূৰা বাক্বাৰা আয়াত ১৮৯] মুহাম্মাদ (ছা:) একাধিক ছহীহ হাদীছত এই বিষয়ে কৈছে, যেনে- “আবু হুৰায়ৰা (ৰা:) কৈছে , ” যেতিয়া তোমালোকে নতুন জোন দেখিবা তেতিয়া ছিয়াম (ৰোজা) ৰাখিবা আৰু যেতিয়া শ্বাওয়ালৰ জোন দেখিবা তেতিয়া ছিয়াম (ৰোজা) ভঙ্গ কৰিবা আৰু যদি আকাশ মেঘাছন্ন থকাৰ কাৰণে জোন দেখা নাযায় তেতিয়া ৰমজানৰ ত্রিশ দিন পূর্ণ কৰিবা একেদৰেই শ্বাবানৰো”” [বুখাৰী, অধ্যায় ছিয়াম , হাদীছ নং ১৯০৯] আয়েশ্বা (ৰা:) কৈছে , “মুহাম্মাদ (ছা:) শ্বাবান মাহৰ দিন গণনাৰ ক্ষেত্রত অতিশয় সাবধানতা অবলম্বন কৰিছিল আৰু তেওঁ যেতিয়াই নতুন জোন দেখা পাইছিল তেতিয়া ছিয়াম (ৰোজা) আৰম্ভ কৰিছিল। আৰু যদি নতুন জোন দেখা পোৱা নাছিল তেতিয়াহলে শ্বাবান মাহৰ ত্রিশ দিন পূর্ণ কৰি ছিয়াম (ৰোজা) ৰাখিছিল।” [আবু দাউদ, হাদীছ নং ২৩১৮) গতিকে তেওঁ নির্দিষ্টভাবে কোৱা নাই যে, কেতিয়া ৰমজান আৰম্ভ হয়। জোনৰ প্রত্যক্ষদর্শী সম্পর্কে হাদীছত কোৱা হৈছে যে, ” যেতিয়া দুজন মুছলিমে জোন দেখিব তেতিয়া ছিয়াম (ৰোজা) ভঙ্গ কৰিবা অথবা ৰাখিবা” [নাছাঈ, হাদীছ নং ২১১৮] অর্থাৎ জোন উঠিছে নে নাই সেইটো জনাৰ বাবে দুইজন মুছলিম প্রত্যক্ষদর্শীৰ প্রয়োজন। কিছু আলিমৰ কৈছে যে, ছিয়াম (ৰোজা) আৰম্ভ কৰাৰ বাবে এজন প্রত্যক্ষদর্শীয়েই যথেষ্ট। কাৰণ হাদীছত আছে, ““আব্দুল্লাহ ইবনে উমৰ (ৰা:) কৈছে , যেতিয়া লোকসকলে ৰমজানৰ নতুন জোন দেখাৰ চেষ্টা কৰিছিল তেতিয়া মই মুহাম্মাদ (ছা:) ক ক’লো, মই নতুন জোন দেখিছোঁ , তেতিয়া তেওঁ ছিয়াম (ৰোজা) আৰম্ভ কৰিলে আৰু সকলোকে ছিয়াম (ৰোজা) পালনৰ নির্দেশ দিলে”” [আবু দাউদ, হাদীছ নং ২৩৩৫] গতিকে অধিকাংশ আলিমে কয় যে ছিয়াম (ৰোজা) ৰখাৰ বাবে একজন দর্শক হলেই চলিব কিন্তু ছিয়াম (ৰোজা) ভঙ্গ কৰাৰ বাবে দুজন দর্শক প্রয়োজন। গতিকে এতিয়া আহক মূল প্ৰশ্নলৈ, 💢প্রশ্নঃ পৃথিবীত মুছলিম সকলে একে দিনত ছিয়াম (ৰোজা) ৰখা, ইদুল ফিতৰ আৰু ইদুল আযহা পালন কৰাৰ বিষয়ে একতাবদ্ধ নহয় কিয় ⁉ উত্তরঃ এই বিষয়ে আলিম সকলৰ মাজত মতভেদ আছে। এদল কয়, গোটেই বিশ্বৰ মুছলিম সকলে মক্কাৰ সময় অনুসৰণ কৰা উচিত। অন্য দলল আলিম সকলে কয়, এই সময়টো বিভিন্ন এলাকাত স্থানীয় সময়মতে হোৱা উচিত। আল্লাহে কোৰআনত কৈছে , ৰমজান সেই মাহ, যি মাহত কোৰআন অৱতীৰ্ণ কৰা হৈছে মানৱ জাতিৰ হিদায়তৰ বাবে আৰু হিদায়তৰ স্পষ্ট নিদৰ্শন আৰু সত্য-অসত্যৰ পাৰ্থক্যকাৰীৰূপে।এতেকে তোমালোকৰ মাজত যিয়ে এই মাহত উপনীত হ’ব সি যেন এই মাহত ছিয়াম পালন কৰে। কিন্তু তোমালোকৰ কোনোবাই অসুস্থ থাকিলে অথবা ভ্ৰমণাৱস্থাত থাকিলে বেলেগ দিনবোৰত এই সংখ্যা পূৰণ কৰিব। আল্লাহে তোমালোকৰ বাবে সহজটো বিচাৰে আৰু তোমালোকৰ বাবে কষ্ট নিবিচাৰে, যাতে তোমালোকে সংখ্যা পূৰ্ণ কৰা আৰু তেওঁ তোমালোকক যে হিদায়ত দিছে সেই বাবে তোমালোকে আল্লাহৰ মহিমা ঘোষণা কৰা আৰু যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা। [ ছূৰা বাক্বাৰা আয়াত ১৮৫] চৌদি আৰবত যিদিনা জোন দেখা যাব, ভাৰতত সেইদিনা জোন দেখা অসম্ভব। গতিকে চৌদি আৰবত ভাৰততকৈ এদিন আগতে ছিয়াম আৰম্ভ হয়। গতিকে একেই দিনত ছিয়াম পালন কৰা আৰু ঈদ কৰা সম্ভব নহয়। মুহাম্মাদ (ছা:) কৈছে , ““তোমালোকে যেতিয়া নতুন জোন দেখা তেতিয়া ছিয়াম পালন কৰা আৰু নতুন জোন দেখি ছিয়াম ভঙ্গ কৰিবা” [বুখাৰী , হাদীছ নং ১৯০৭ ও ১৯০৯] গতিকে এই হাদীছৰ ওপৰত ভিত্তি কৰি ইবনে তাইমিয়াহ (ৰহ) কৈছে যে, গোটেই বিশ্বৰ সকলো ঠাইতে একে দিনত ৰমজানৰ জোন দেখা অসম্ভব। গতিকে মক্কাৰ সময়টো গোটেই বিশ্বত একেলগে অনুসৰণ কৰাৰ সিদ্ধান্ত সম্পূর্ণ অযৌক্তিক। “মুহাম্মাদ (ছা:) আৰু কৈছে, “ সেই দিন ছিয়াম (ৰোজা) আৰম্ভ হব যিদিনা সকলোৱে ছিয়াম (ৰোজা) ৰাখিব, ছিয়াম (ৰোজা) সেই দিন ভাঙিব লাগিব যিদিনা সকলোৱে ছিয়াম (ৰোজা) ভাঙিব আৰু কোৰবাণী সেইদিনা কৰিব লাগিব যিদিনা সকলোৱে কোৰবাণী কৰে। [তিৰমিযী, হাদীছ নং ৬৯৭] কোৰআনত কোৱা হৈছে, যে, আৰু তোমালোকে পানাহাৰ কৰা যেতিয়ালৈকে ৰাতিৰ ক’লা ৰেখাৰ পৰা ঊষাৰ বগা ৰেখা স্পষ্টৰূপে তোমালোকেৰ ওচৰত প্ৰকাশ নহয়। তাৰ পিছত ৰাতিৰ আগমন পৰ্যন্ত ছিয়াম (ৰোজা) পালন কৰা। [বাক্বাৰা ১৮৭] কিন্তু সূর্যদয় গোটেই বিশ্বত একে সময়ত নহয় বৰং ভিন্ন দেশত ভিন্ন সময়ত হয়। গতিকে ছিয়াম (ৰোজা) পালন কৰোঁতে স্থানীয় সময় অনুসৰণ কৰিব লাগিব।।

Leave a comment