কি কোৱা হৈছে ? আৰু মৌমাখিৰ
পেটৰ পৰা যি মধু-ৰহ ওলাই তাত যে
মানৱৰ বহু ৰোগৰ আৰোগ্য আছে সেই
সম্পৰ্কে কি কোৱা হৈছে ?
,,
,,
= ) এই সম্পৰ্কে কোৰআনত কোৱা
হৈছে এনেকৈ —-
” আৰু তোমাৰ প্ৰভুৱে মৌমাখিক
প্ৰত্যাদেশ ( বা অনুভুতি ) দিলে –
( মৌৰস মজুত কৰাৰ কাৰণে ) ঘৰবোৰ
( যথা মৌচাক ) তৈয়াৰ কৰা পাহাৰৰ
মাজত আৰু গছৰ মাজত আৰু সিহঁতে
( লোকসকলে ) যি ঘৰ তৈয়াৰ কৰে
তাতে ” ( 16:68 )
“
” তাৰ পাছত প্ৰত্যেক ফলৰ ( আৰু ফুলৰ )
পৰা ( মকৰন্দ ) খোৱা , তাৰ পাছত
( মৌচাকত মধুসঞ্চয়ৰ নিমিত্তে
মক্ষীৰাণীৰ পিনে ফেৰত আহিবলৈ )
তোমাৰ প্ৰভুৰ ( নিৰ্দেশিত ) বাট
অনুসৰণ কৰা সুগম কৰা পথত “
সিবিলাকৰ পেটৰ পৰা ওলাই আহে
এটি পানীয় , বিচিত্ৰ যাৰ বৰ্ণ , যত
ৰৈছে মানুহৰ কাৰণে #ৰোগমুক্তি ।
নিসন্দেহে ইয়াত নিশ্চয় নিদৰ্শন
ৰৈছে চিন্তা কৰে তেনে লোকসকলৰ
কাৰণে ” ( 16:69 )
“
( কোৰআন , আন নহল 16 : 68-69 )
উল্লেখযোগ্য যে মধুত নানান প্ৰকাৰৰ ৰোগমুক্তিৰ যে উপাদান থাকে এই কথা বিজ্ঞানী সকলে নানান প্ৰকাৰৰ পৰীক্ষাৰ কৰি বৰ্তমান গম পাইছে কিন্তু আজিৰ পৰা 1400 বছৰ আগতে এই বিষয়ে কোৰআনত দিয়া নিখুত বৰ্ণনাই কোৰআন গ্ৰন্থ খন যে আল্লাহৰ বানি এই কথাই প্ৰথম নকৰেনে ?