প্ৰশ্ন :- কোন ঘূৰে সূৰ্য নে পৃথিৱী ? এই বিষয়ে আগৰ বিজ্ঞানী সকলে কি ভাৱিছিল ? আৰু বৰ্তমান বিজ্ঞানী সকলে প্ৰমাণ কৰি কি পাইছে ? কুৰআনত সূৰ্য্যৰ গতি সম্পৰ্কে কিবা কোৱা হৈছে নেকি ?

প্ৰশ্ন :- কোন ঘূৰে সূৰ্য নে পৃথিৱী ? এই
বিষয়ে আগৰ বিজ্ঞানী সকলে কি
ভাৱিছিল ? আৰু বৰ্তমান বিজ্ঞানী
সকলে প্ৰমাণ কৰি কি পাইছে ?
কুৰআনত সূৰ্য্যৰ গতি সম্পৰ্কে কিবা
কোৱা হৈছে নেকি ?

উত্তৰ : – খ্ৰীষ্টাপূৰ্ব চতুৰ্থ শতিকাত
আন ভালেমান আগৰণুৱা বিজ্ঞানীৰ
দ্বৰে বিখ্যাত গ্ৰীক দাৰ্শনিক
এৰিষ্টটলেও ভাৱিছিল যে পৃথিৱীখন
স্থিৰ আৰু ইয়াক আগুৰি অৰ্থাৎ
পৃথিৱীখনক কেন্দ্ৰ কৰি সূৰ্য আৰু
আনবোৰ জ্যোতিষ্ক আৱৰ্তিত বা গতি
কৰি আছে ।
,,
কিন্তু 1543 খ্ৰীষ্টাব্দত পোলেণ্ডৰ
জ্যোতিৰ্বিজ্ঞানী নিকোলাছ
ক’পাৰনিকাছে এখন কিতাপ লিখি
এই কথা কয় সূৰ্য পৃথিৱীৰ
চাৰিওফালে নুঘূৰে , বৰং পৃথিৱী হে
সূৰ্য্যৰ চাৰিওফালে ঘূৰে আৰু সূৰ্য
স্থিৰ
কিন্তু বৰ্তমান বিজ্ঞানী সকলে
প্ৰমাণ কৰি পাইছে universe ৰ কোনো
বস্তু নিজ স্থানত স্থিৰ নহয় সকলো
 বস্তু গতি কৰি আছে পৃথিৱীয়ে
নিজ অক্ষৰ ওপৰত আৱৰ্তন কৰি আছে ।
পৃথিৱীৰ দুই ধৰণৰ গতি আছে নিজ
মেৰুডণ্ডৰ গতি এই গতি সম্পূৰ্ণ
কৰিবলৈ পৃথিৱীৰ সময় লাগে 24 ঘণ্টা
আৰু সূৰ্য্যৰ চাৰিওফালৰ গতি এই গতি
সম্পূৰ্ণ কৰিবলৈ পৃথিৱীৰ সময় লাগে
365 দিন

,,
আনহাতে সৌৰজগতৰ আন আন
গ্ৰহৰ দৰে সূৰ্যৰো গতি আছে । আকৌ
সূৰ্য্যৰ দুই ধৰণৰ গতি আছে । 25 দিন 9
ঘন্টা 7 মিনিটত সূৰ্য নিজ অক্ষৰ ওচৰত
আৱৰ্তন কৰাৰ উপৰি মহাকাশতে এটা
নিদিৰ্ষ্ট দিশত গতি কৰে । সূৰ্য ৰ এই
গতিক কোৱা হয় Solar Apex আনহাতে
সূৰ্য্যই তাৰ নিৰ্দিষ্ট কক্ষত
প্ৰৰিভ্ৰমণ কৰিবলৈ যি সময় লাগে
তাক কোৱা হয় ” Cosmic year
” ( মহাজাগতিক বৰ্ষ ) এই
মহাজাগতিক বৰ্ষৰ মান প্ৰায় 22
কোটি 60 বছৰৰ সমান “
,,
পৱিত্ৰ কুৰআনত সূৰ্য্যৰ গতি কৰা
সম্পৰ্কে বৰ্ণনা কৰিছে এনেকৈ —-

ﻭَﺍﻟﺸَّﻤْﺲُ ﺗَﺠْﺮِﻱ ﻟِﻤُﺴْﺘَﻘَﺮٍّ ﻟَّﻬَﺎ ﺫَٰﻟِﻚَ ﺗَﻘْﺪِﻳﺮُ ﺍﻟْﻌَﺰِﻳﺰِ
ﺍﻟْﻌَﻠِﻴﻢ
,,
” আৰু সূৰ্য্য তাৰ নিৰ্দিষ্ট গন্তব্য
স্থানলৈ গৈ আছে । এইটো হৈছে
সৰ্বশক্তিমান আৰু সৰ্বজ্ঞানসম্পন্ন
আল্লাহৰ আদেশ ” ( কুৰআন 36:38 )
,,
কুৰআন 36 :38 বৰ্ণনাৰ প্ৰতি ভালকৈ
মন কৰক কুৰআনত কিন্তু কোৱা হোৱা
নাই সূৰ্য্য পৃথিৱীৰ চাৰিওফালে ঘূৰে
কুৰআনত কোৱা হৈছে আৰু সূৰ্য্য তাৰ
নিৰ্দিষ্ট গন্তব্য স্থানলৈ গৈ আছে ।
এই বৰ্ণনা সম্পূৰ্ণ শুদ্ধ কিন্তু কুৰআনত
যদি গ্ৰীক দাৰ্শনিক
এৰিষ্টটলে ভৱাৰ দৰে সূৰ্য পৃথিৱীৰ
চাৰিওফালে ঘূৰে বুলি বৰ্ণনা
কৰিলে হেতেন তেন্তে তেনে
ক্ষেত্ৰত কুৰআন বৰ্ণনা ঠিক নহলে
হেতেন
আকৌ কুৰআন 21:33 আয়াতত সূৰ্য্যৰ
আৰু চন্দ্ৰ গতি সম্পৰ্কে কোৱা হৈছে
এনেকৈ —-
” আৰু নিশা আৰু দিন সৃজন কৰিছে
আল্লাই আৰু সূৰ্য্য আৰু চন্দ্ৰ ,
প্ৰত্যেকে নিজৰ নিদ্ধিৰ্ষ্ট মণ্ডলত
প্ৰৰিভ্ৰমণ কৰে “
( কুৰআন 21 :33 )
গতিকে এইটো স্পষ্ট কোৰআণে সূৰ্য ৰ
গতি সম্পৰ্কে যি বৰ্ণনা দিছে সেয়া
সূৰ্য্যৰ নিজ অক্ষৰ গতি আৰু সূৰ্য্য ৰ
solar Apex ৰ গতি ।

2 thoughts on “প্ৰশ্ন :- কোন ঘূৰে সূৰ্য নে পৃথিৱী ? এই বিষয়ে আগৰ বিজ্ঞানী সকলে কি ভাৱিছিল ? আৰু বৰ্তমান বিজ্ঞানী সকলে প্ৰমাণ কৰি কি পাইছে ? কুৰআনত সূৰ্য্যৰ গতি সম্পৰ্কে কিবা কোৱা হৈছে নেকি ?”

  1. এই লিখনিৰ প্ৰকাশ কৰি দিয়াৰ বাবে ধন্যবাদ

    এই লিখনি মই ভাবিছিলো

    আৰু অধিক জানিবৰ বিচাৰিলে মোৰ লগত যোগাযোগ কৰিব পাৰে

    Reply

Leave a comment