প্ৰশ্ন : ইফতাৰৰ পূর্বে সকলোৱে মিলি হাত তুলি দু‘আ কৰাৰ বিধান আছে নে? এই সময়ত দু‘আ কৰিলে বেছি নেকী হয় নেকি?

#প্ৰশ্ন : ইফতাৰৰ পূর্বে সকলোৱে মিলি হাত তুলি দু‘আ কৰাৰ বিধান আছে নে? এই সময়ত দু‘আ কৰিলে বেছি নেকী হয় নেকি?

■উত্তৰ :
ইফতাৰৰ পূর্বে সকলোৱে মিলি হাত তুলি দু‘আ কৰাৰ কোনো প্রমাণ নাই; বৰং এইটো শ্বৰী‘আতত এটি নতুন সৃষ্টি, যিটো পৰিতাজ্য।

ইফতাৰৰ সময়ত দু‘আ কবুল হয় মর্মে বর্ণিত হাদীছটি যঈফ (ইবনু মাজাহ হা/১৭৫৩, চনদ যঈফ)।
.
এই সময়ত দু‘আ কৰিলে অধিক নেকী হয় বুলি কোনো প্রমাণ নাই। বৰং ছিয়াম পালনকাৰীৰ দু‘আ সকলো সময়তে কবুল হয়। ৰাছুলুল্লাহ (ﷺ) কৈছে, তিনি শ্রেণীৰ ব্যক্তিৰ দু‘আ বিফলে নাযায়।

১। পিতা-মাতাৰ দু‘আ
২। ছিয়াম পালনকাৰীৰ দু‘আ
৩। মুছাফিৰৰ দু‘আ (বায়হাক্কী, ছহীহাহ হা/১৭৯৭)
.
গতিকে কেৱল ইফতাৰৰ পূর্ব মুহুর্তত দু‘আ কবুল হোৱাৰ সময়ক নিদিষ্ট কৰা ঠিক নহয়। ছিয়াম পালনকাৰী ব্যক্তিৰ কাৰণে দিনৰ সকলো সময়তেই দু‘আ কৰা যায়েজ আছে। তাৰোপৰি সন্মিলিত দু’আ কৰাৰ যিবোৰ ছহীহ হাদীছ পোৱা যায় তাৰ পৰা আমি এনেকুৱা কোনো শিক্ষা পোৱা নাই যে, ইফাতাৰৰ পূর্ব মুহুর্তত কেইজনমানে মিলি সন্মিলিত মুনাজাত ৰাছুলুল্লাহ (ﷺ) বা তেওঁৰ চাহাবাসকলে কৰিছিল। তেওঁলোকে যি আমল কৰা নাই, তাক আমি কৰিব নোৱাৰোঁ, কৰিলে বিদ’আত হ’ব।

Leave a comment