প্ৰশ্ন :- আল্লাহে কি পশু- ৰক্ত আৰু সাংস ইমান ভাল পায়নে ? যাৰ বাবে কুৰবানী ৰ ঈদত পশু বধ বা কুৰবানী কৰা হয় ?

প্ৰশ্ন :- আল্লাহে কি পশু- ৰক্ত আৰু সাংস ইমান ভাল পায়নে ? যাৰ বাবে কুৰবানী ৰ ঈদত পশু বধ বা কুৰবানী কৰা হয় ?

= ) ইয়াৰ উত্তৰ দিয়া হৈছে পবিত্র কোৰআনৰ 22 নং চুৰা , আল – হয আয়াত 37 ত যত কোৱা হৈছে —-

” ( কুৰবানী ) দিয়া জন্তুবোৰৰ মাংসবোৰ আৰু ৰক্ত খিনি আল্লাহৰ ওচৰলৈ নাপাই , কিন্তু তেওঁৰ ওচৰলৈ পাবগৈ তোমালোকৰ অন্তৰৰ ধৰ্মীকতা ; এনেবিলাক জন্তু এইদৰে আল্লাই তোমালোকৰ আয়ত্তৰ অধীন কৰিছে যাতে তোমালোকৰ আল্লাই সুপথ প্ৰদৰ্শন কৰাৰ কাৰণে তোমালোকে তেওঁৰ মাহাত্ম্যৰ ঘোষণা কৰা ; আৰু ( হে মহম্মাদ )   সৎ কৰ্মীসকলক তুমি শুভ – সংবাদ দিয়া ” ( কোৰআন 22 :37 )

প্ৰশ্ন :-  কুৰবানি কৰা জন্তুৰ মাংস যদি আল্লাহৰ ওচৰলৈ গৈ নাপায় তেন্তে আল্লাহে জন্তুৰ সাংসবোৰ মানুহক কি কৰিবলৈ কৈছে ?

=  ) এই সম্পৰ্কে কোৰআন ৰ 22 নং অধ্যয় আয়াত 36 ত কোৱা হৈছে এনেকৈ

” আৰু তোমালোকৰ নিমিত্তে ( কুৰবানী ) উটবোৰক ( বা জন্তু ) আমি স্থিৰ কৰিছোঁ আল্লাহৰ পবিত্র চিন – স্বৰূপে ; ইয়াৰ মাজত আছে তোমালোকৰ নিমিত্তে মঙ্গল ; গতিকে সেইবোৰ শাৰী শাৰীকৈ থিয় হোৱাৰ লগে লগে ( কুৰবানী কৰাৰ আগতে ) আল্লাহৰ নাম লবা ; উটবোৰ ইকাষে সিকাষে মাটিত পৰি মৰাৰ পাছত সেইবোৰৰ মঙহ নিজেও খাবা আৰু যি নিজৰ অভাৱ প্ৰকাশ নকৰে আৰু যি প্ৰকাশ্যে মগনীয়া ( সেই শ্ৰেণীৰ মানুহক ) খাবলৈ দিবা এইদৰেই এনেবিলাক জন্তু আমি তোমালোকৰ বশবৰ্ত্তী কৰিছো যাতে তোমালোকে ( আল্লাহৰ ) শলাগ লোৱা ” ( কোৰআন 22 :36)

উল্লেখ যোগ্য যে কুৰবানীৰ মাংস সাধাৰণতে তিনিটা বন্টন কৰা হয় সেইকেইটা হল 1 ) কুৰবানীদাতাৰ এভাগ 2) আত্মীয় স্বজনক এভাগ 3 ) মিছকিন – মগনীয়াৰ বাবে এভাগ

এনেকৈ ভাগ কৰি ঈদৰ দিনা উল্লেখযোগ্য তিনিটা চামৰ মানুহক কুৰবানিৰ মাংস বন্টন কৰা হয় আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা ঈদৰ আনন্দৰ দিনা সমাজৰ কোনো মুছলিমেই ভুকাতুৰ হৈ থাকিব লগীয়া নহয় আৰু সমাজত ধনী – ধুখিয়া সকলো শ্ৰেণীৰ মানুহে একেলগে পবিত্ৰ ঈদ পালন কৰে

প্ৰশ্ন :- কুৰবানীৰ জন্তু কুৰবানী
দিয়াৰ সময় কিয় আল্লাহৰ নাম লব
লাগে যদি কুৰবানী কৰা জন্তুৰ ৰক্ত
মাংস আল্লাহৰ ওচৰলৈ গৈ নাপায় ?
এয়াত কি logic থাকিব পাৰে ?
= ) মানুহক পোন পথত ৰখাৰ আটাইতকৈ
উত্তম উপায় হ’ল Carrot and Stick
পদ্ধতি । ধর্মক বাদ দিলে স্রষ্টাৰ
ওচৰত জবাবদিহিতাক বাদ দিয়া হয়,
বাকী থাকে মাত্র মানুহৰ ওচৰত
জবাবদিহিতা। সেয়েই, যাৰ
স্রষ্টাভীতি (ইছলামী পৰিভাষাত
তাকওয়া) নাই সি যেতিয়া মানুহৰ
চকুত ফাঁকি দি তাৰ লোভ-লালসা
পূৰণৰ কোনো উপায় পায় যায়,
তেতিয়া সেই কামটো বেয়া হ’লেও
খুব সহজেই সেই পাপসমূহ সি কৰি
পেলায় বা ভাল কাম কৰাৰ পৰা বিৰত
থাকে।
উদাহৰণ দিছো – ধৰক আপোনাৰ এক
প্রতিবেশী আপোনাৰ ওচৰত এদিন
সাহায্য বিচাৰিলে, আপুনি তাক
সাহায্য কৰিলে, কিন্তু বিনিময়ত সি
আপোনাক ধন্যবাদ নজনালে, আপুনি
কিন্তু মনঃক্ষুণ্ণ হ’ব। দ্বিতীয়দিনা
সি সাহায্য বিচাৰিলে, আপুনি
সেইদিনাও তাক সাহায্য কৰিলে,
এইবাৰো সি আপোনাক ধন্যবাদ
নজনালে, আপুনি কিন্তু আচলতেই
মনঃক্ষুন্ন হ’ব এইবাৰ, আৰু খুব সম্ভৱতঃ
তৃতীয়দিনা সি যেতিয়া সাহায্য
বিচাৰিব আপুনি তাক সাহায্য
নকৰিব। কাৰণ, মানুহ জন্মগতভাবে
প্রতিদান প্রিয় (ইয়াৰ বাবেই বছৰৰ
শেষত চেলাৰি-বেতন নাবাঢ়িলে
আপোনাৰ মন বেয়া হয় যায়!), সি
এদিন ফ্রি-ফ্রি কাম কৰি দিব, ২ দিন
কৰি দিব, কিন্তু তৃতীয় দিনা আৰু
নকৰিব। অথচ, আপুনি যদি এজন প্রকৃত
ধার্মিক হয় থাকে, আপুনি কিন্তু
তেতিয়াও সেই মানুহজনক উপকাৰ
কৰি যাব, ধন্যবাদে তোয়াক্কা
নকৰিব। কাৰণ, যিজনে আল্লাহক
বিশ্বাস কৰে, সি পৰকালকো বিশ্বাস
কৰে। এজন প্রকৃত ধার্মিক মানুহে এই
দুনিয়াত (পৃথিৱীত) মানুহৰ ওচৰৰ পৰা
প্রতিদান পোৱাৰ আশাত কাম নকৰে,
সি কাম কৰে আল্লাহৰ ওচৰত
প্রতিদান পোৱাৰ আশাত। এজন
মু’মিনে গীবত (সমালোচনা কৰা, কথা
লগাই ফুৰা) নকৰিব, অশ্লীল কথা নক’ব
– যদিও সি জানে এই কামৰ বাবে
তাক পুলিচে নধৰিব, যদিও জানে
কোনোবাই তাক নেদেখিব, কিন্তু সি
জানে আল্লাহৰ ওচৰত তাক এদিন
জবাবদিহি হ’বই লাগিব, আৰু সেয়ে
সি সর্বাবস্থাত সকলো বেয়া কামৰ
পৰা বিৰত থাকিবলৈ চেষ্টা কৰিব।
সেয়েহে ধর্মীয় জীৱন ব্যবস্থা
অৱশ্যেই ধর্মহীন জীৱন ব্যৱস্থাতকৈ
শ্রেষ্ঠ। গৱেষনাত দেখা গৈছে যে,
ধার্মিক মানুহসকলে ধর্মহীনসকলতকৈ
দান বেছি কৰে আৰু ভলান্টিয়াৰ
কামতোও বেছি অংশগ্রহণ কৰে।
বিশ্বখ্যাত সমাজবিজ্ঞানী আর্থুৰ
ছি ব্রুকছ স্ট্যানফোর্ড
বিশ্ববিদ্যালয়ৰ পৰা প্রকাশিত তাৰ
গবেষনাপত্র Religious Faith and
Charitable Giving ( http://
www.hoover.org/ publications/policy-
review/ article/6577) য়ে তথ্য-
উপাত্তসহ এই ব্যাপাৰত বিস্তাৰিত
আলোচনা কৰিছে। কোন্ কোন্
ফ্যাক্টৰে মানুহক civic behavior
(যেনেকৈ – দানশীলতা আৰু
ভলান্টিয়াৰ কাম) প্রভাবিত কৰে
তাক জনাৰ বাবে ২০০০ চনত
আমেৰিকাৰ কিছু ৰিছার্চাৰে ৫০টা
কমিউনিটিৰ পৰা ৩০ হাজাৰ
অবজাৰভেচন সংগ্রহ কৰে। সিহঁতৰ
গৱেষনাত প্রাপ্ত ফল দেখি সিহঁতে
বিস্মিত হয় যায়। নাস্তিকসকলে মুখত
যিমানেই ডাঙৰ ডাঙৰ কথাই কওঁক না
কিয়, ভাল কামৰ হিচাপ ললে দেখা
যায় যে ধার্মিকসকলে ভাল কামৰ
অংশগ্রহণত ধৰ্ম নিৰপক্ষসকলৰ পৰা
বহুগুণে আগুৱাই আছে।
এই তত্ব ৰ পৰা আমি দেখিলো কোনো
এটা কাম কৰিবলৈ গলে কামটো ৰ
আৰাম্ভনিত সৃষ্টি কৰ্তাৰ নাম
লোৱাটো অৱশ্যেই গুৰুত্বপূৰ্ণ কিয়নো
মানুহ হকলো সময়তে সুবিধাবাদি ,
মানুহ জন্মগতভাবে প্রতিদান প্রিয়
সুৱাৰ বাবে যদি এয়া কোৱা হল
হেতেন যে তোমালোকে যদি
কুৰবানী কৰা তন্তে মৃত্যুৰ পিছত ইয়াৰ
বিনিময়ত একো নোপোৱা তেন্তে
মানুহে নিচ্চই নিজৰ ইমান কষ্ট ৰ টকা
দি জন্তু কিনি বা নিজৰ মৰমৰ বস্তুটো
মানুহক বিতৰণ কৰি নিদিলে হেতেন
তেতিয়া এই প্ৰক্ৰিয়া টু নথকা ৰ
বাবে মানুহৰেই অসুবিধা হল হেতেন
আৰু সেই বাবে আল্লাহৰ নাম
লোৱাটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই
সম্পৰ্কে কোৰআনত কোৱা হৈছে
এনেকৈ
” আৰু প্ৰত্যেক সম্প্ৰদায়ৰ নিমিত্তে
আমি ধৰ্ম ক্ৰিয়াৰ একোটা বিশেষ
পদ্ধতি নিৰ্দ্ধাৰিত কৰিছো ; আল্লাই
যি চতুষ্পদ ঘৰচীয়া জন্তু সিহঁতক
জীৱিকাৰূপে দান কৰিছে তাৰ
কিছুমানক কুৰবানী দিয়াৰ সময়ত
সিহঁতে যেন আল্লাহৰ নাম লয় আৰু
( মনত ৰাখা ) তোমালোকৰ উপাস্য
একমাত্র উপাস্য আল্লাহ ; গতিকে
( তেওঁৰ প্ৰতি ) আত্ম – সমৰ্পন কৰিবা ;
আৰু ( হে মহম্মদ ) তুমি শুভ – সংবাদ
দিয়া সেই বিনয়ীসকলক ( যি সকলে
নিজৰ মৰমৰ বস্তুটো আল্লাহৰ নামত
ত্যাগ কৰিছে ) ( কোৰআন 22:34 )

প্ৰশ্ন :- জীৱ – জন্তু সত্য কৰা কি মহা
পাপ ?

= ) সাধাৰণতে কিছুমান মানুহে
কয় যে মুছলমানে নিৰ্দয়ভাৱে জীৱ
হত্যা কৰি ভক্ষণ কৰে । হয় আমি ভক্ষণ
কৰো কাৰণ আল্লাহে আমাক অনুমতি
দিছে হালাল জীৱৰ মাংস ভক্ষণ
কৰিবলৈ । কিন্তু ইচলামত
অামিষভোজী হোৱাতো বাধ্যতামূলক
নহয় । এজন নিৰামিষভোজী হৈয়ো
আপুনি ইচলাম ধৰ্ম ধুনীয়াকৈ মানি
চলিব পাৰে । তথাকথিত জীৱ প্ৰেমি
সকল কিমান জীৱ প্ৰেমিক আজি
আমি সিহঁতক ধৰ্মীয় ভিত্তিত নহয়
সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত উত্তৰ
দিবলৈ চেষ্টা কৰিম । বৰ্তমান
বিজ্ঞানৰ যুগ যেতিয়া নিশ্চয় আপুনি
বিজ্ঞানক বিশ্বাস কৰে । বিজ্ঞানে
আজি প্ৰমাণ কৰি উলিয়াইছে যে গছ-
গছনিৰো প্ৰাণ থাকে । আৰু প্ৰাণ
থকা প্ৰত্যেক বস্তুকে জীৱ বুলি কয় ।
যিসকল জীৱ প্ৰেমিকে জীৱ-জন্তুৰ
মাংস খোৱাৰ বিৰোধীতা কৰে
তেঁওলোকে অকল পানী খাই জীৱন
নিৰ্বাহ কৰক কাৰণ ভাত,শাক-পাচলি
এইবোৰ আপোনালোকে খাব
নোৱাৰিব । লগতে ঘৰ-বাৰী সাজিবৰ
বাবে গছ-গছনিও কাটিব নোৱাৰিব ।
কাৰণ সিহঁতৰো প্ৰাণ আছে যি কথা
বিজ্ঞানে আজি প্ৰমাণ কৰি
উলিয়াইছে । এতিয়া আপুনি নকব যে
যেতিয়া গছ- গছনিক কটা হয় তেতিয়া
সিহঁতে কষ্ট অনুভৱ নকৰে । শুনক আজি
বিজ্ঞানে এই কথাও প্ৰমাণ কৰি
উলিয়াইছে যে গছ-গছনিক কাটিলে
সিহঁতৰো কষ্ট অনুভৱ হয় । সিহঁতক কটাৰ
ফলত সিহঁতৰ যেতিয়া কষ্ট হয় সেই
কষ্টৰ শব্দ মানুহে শুনা নাপায় । কাৰণ
মানুহৰ কৰ্ণৰ ক্ষমতা ২০ হাৰ্জৰ পৰা
২০০০০ হাৰ্জলৈ হে । উপৰোক্ত
কথাখিনি যেতিয়া জীৱ প্ৰেমিক
সকলক কোৱা হয় তেতিয়া কিছুমান
জীৱ প্ৰেমিকে এইবুলি যুক্তি দিয়ে
যে, গছ-গছনিৰ দুটা বা তিনিটা হে
ইন্দ্ৰিয় থাকে আৰু জীৱ- জন্তুৰ
পাঁচটা ইন্দ্ৰিয় থাকে । গতিকে শাক-
পাচলি, গছ-গছনি আদি বোৰক
কটাতো সৰু পাপ । এতিয়া ধৰি লওঁক
আপোনাৰ দুটা লৰা সন্তান আছে আৰু
তাৰে এটা ল’ৰা অন্ধ আৰু বোবা,
আনটো সম্পূৰ্ণ সুস্থ । এতিয়া
কোনোবাই যদি আপোনাৰ দুটা
ইন্দ্ৰিয় কম থকা বোবা আৰু অন্ধ
লৰাটোক হত্যা কৰে তেন্তে আপুনি
পুলিচক কব নেকি যে মোৰ ল’ৰাটি
অন্ধ আৰু বোবা আছিল গতিকে তাক
হত্যা কৰা জনক কম শাস্তি দিয়ক ?
নিশ্চয় নকয় বৰঞ্চ আপুনি ক’ব, মোৰ
লৰাটোৰ দুটা ইন্দ্ৰিয় কম আছিল, সি
অন্ধ আৰু বোবা আছিল, গতিকে তাক
হত্যা কৰা জনক দুগুণ শাস্তি দিয়ক ।
এতিয়া আপুনিয়ে কওঁক যদি জীৱ-জন্তু
খোৱাটো পাপ তেনেহঁলে কোনসকলৰ
শাস্তি বেছি হব আমিষভোজী নে
নিৰামিষ ভোজী সকলৰ ??

✍✍✍.. Sadda hussain 

Leave a comment