💢 প্ৰশ্ন : আল্লাহে আপোনাক/আমাক কিয় সৃষ্টি কৰিছে ⁉
উত্তৰ :- সকলো প্রকাৰ শ্বিৰ্ক বর্জন কৰি যাবতীয় ইবাদত কেৱলমাত্র আল্লাহৰ উদ্দেশ্যে সম্পাদন আৰু তাৰ আদিষ্ট বিষয়সমূহৰ বাস্তবায়ন আৰু নিষিদ্ধ বিষয়সমূহক পৰিত্যাগৰ মাধ্যমেৰে তাৰ আনুগত্যৰ বাবেই তেওঁ আমাক সৃষ্টি কৰিছে ।
ইৰশ্বাদ কৰা হৈছে ,
﴿وَمَا خَلَقۡتُ ٱلۡجِنَّ وَٱلۡإِنسَ إِلَّا لِيَعۡبُدُونِ ٥٦﴾ [الذاريات: ٥٦]
“ কেৱলমাত্ৰ মোৰ ইবাদত কৰাৰ কাৰণেই মই মানব আৰু জিন জাতি সৃষ্টি কৰিছোঁ ” (যাৰিয়াত ৫৬)।
অন্য ঠাইত ঘোষণা কৰা হৈছে ,
﴿۞وَٱعۡبُدُواْ ٱللَّهَ وَلَا تُشۡرِكُواْ بِهِۦ شَيۡٔٗاۖ﴾ [النساء: ٣٦]
“ আৰু তোমালোকে আল্লাহৰ ইবাদত কৰা আৰু তাৰ লগত কাকো শ্বৰীক নকৰিবা ।” (নিছা ৩৬)।