প্ৰশ্ন:– আল্লাহক খোদা বুলি কব পাৰিনে?

প্ৰশ্ন:– আল্লাহক খোদা বুলি কব পাৰিনে?

উত্তৰ১:– খোদ + আ = খোদা ≠ আল্লাহ
“খোদা” এটি ফাৰ্চী শব্দ যাৰ সন্ধি বিচ্ছেদ হৈছে খোদ+আ। “খোদ” মানে নিজে, “আ” মানে আহিছে। গতিকে, খোদা মানে- যি নিজে নিজেই আহিছে।
আল্লাহ “নিজে নিজে আহিছে” নেকি? যে তেওঁক খোদা নামেৰে মাতিব পৰা যাব?
নাই, এই নামেৰে আল্লাহক মাতিব পৰা নাযাব। কাৰণ আল্লাহক যদি খোদা বুলি মানি লোৱা হয় তেনেহ’লে বুজা যাব কোনো এটা সময়ত আল্লাহ আহিছে, তাৰ আগত আল্লাহ নাছিল। এই ধাৰণা সম্পূর্ণ কুফুৰী, কাৰণ আল্লাহ হৈছে সেই মহান সত্ত্বা যেতিয়া  একোৱেই নাছিল তেতিয়াও তেওঁ আছিল, আকৌ যেতিয়া কোনো কিছু নাথাকিব তেতিয়াও তেওঁ থাকিব। তেওঁৰ আদি বা অন্ত বোলা একোৱেই নাই। তাৰোপৰি এই নামটো কুৰআন-হাদীছৰ ক’তো বিচাৰি পাবলৈ নাই, আৰু আল্লাহে কুৰআনত কৈছে তেওঁক তেওঁৰ আচমা-উল-হুচনা বা সুন্দৰ নামসমূহেৰে আহ্বান কৰিবলৈ। গতিকে আল্লাহক আল্লাহ বা তেওঁৰ  অন্য নামসমূহেৰে নামাতি ভুল নামেৰে মাতা নিঃসন্দেহে অন্যায়।
 ﻭَﻟِﻠَّﻪِ اﻷَْﺳْﻤَﺎءُ اﻟْﺤُﺴْﻨَﻰٰ ﻓَﺎﺩْﻋُﻮﻩُ ﺑِﻬَﺎ ۖ ﻭَﺫَﺭُﻭا اﻟَّﺬِﻳﻦَ ﻳُﻠْﺤِﺪُﻭﻥَ ﻓِﻲ ﺃَﺳْﻤَﺎﺋِﻪِ ۚ ﺳَﻴُﺠْﺰَﻭْﻥَ ﻣَﺎ ﻛَﺎﻧُﻮا ﻳَﻌْﻤَﻠُﻮﻥَ

ছুৰা আল আ’ৰাফ:180 – আৰু আল্লাহৰ কাৰণে আছে সকলো উত্তম নাম। কাজেই সেই নামেৰে তেওঁক মাতা। আৰু সিহঁতক বর্জন কৰা, যিসকলে তেওঁৰ নামৰ ক্ষেত্ৰত বেকা পথত চলে। সিহঁতে নিজৰ কৃতকর্মৰ ফল শীঘ্ৰেই পাব।

Leave a comment