💢 প্ৰশ্ন : আমল অবিহনে ঈমান কোনো কামত আহিব নে ⁉
উত্তৰ : এজন মুমিনৰ ভিতৰত অৱশ্যেই ঈমান আৰু আমল উভয়ৰ সমন্বয় থাকিব লাগিব। প্রমাণ আল্লাহৰ বাণী,
وَمَنْ يَأْتِهِ مُؤْمِنًا قَدْ عَمِلَ الصَّالِحَاتِ فَأُولَٰئِكَ لَهُمُ الدَّرَجَاتُ الْعُلَىٰ
আৰু যিসকলে তেওঁৰ ওচৰত সত্কৰ্ম কৰি মুমিন অৱস্থাত আহিব, তেওঁলোকৰ বাবেই আছে উচ্চ মৰ্যদা।
(ত্ব-হা ৭৫)।
উক্ত আয়াতত মহান আল্লাহে জান্নাতত প্রবেশৰ বাবে ঈমান আৰু আমল উভয়ৰ চৰ্তাৰূপ কৰিছে ।
অৰ্থাৎ আমলৰ দ্বাৰাই ঈমানৰ বাস্তৱায়ন কৰিব লাগিব তেতিয়া সফল হব পাৰিব ।