প্ৰশ্নঃ- সন্তান বেছি হলে মানুহ দুখীয়া হৈ যায়। এই কথা কোৱা কি ঠিক?

প্ৰশ্নঃ- সন্তান বেছি হলে মানুহ দুখীয়া হৈ যায়। এই কথা কোৱা কি ঠিক?

উত্তৰঃ- অৱশ্যেই ঠিক নহয়। কাৰণ খাদ্যৰ মালিক আল্লাহ। কোনেও কাৰোৰ খাদ্যৰ দায়িত্ব লব নোৱাৰে।

মহান আল্লাহ কৈছে,
“এনেকুৱা বহুতো জীৱ জন্তু আছে যিবোৰে নিজৰ খাদ্য সঞ্চয় নকৰে। আল্লাহেই সেইবোৰক জীৱিকা দান কৰে আৰু তোমালোককো, আৰু তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ”।(ছুৰাঃ আনকাবুতঃ ৬০ )

“দৰিদ্ৰতাৰ ভয়ত তোমালোকে নিজ সন্তানক হত্যা নকৰিবা, আমিয়েই তোমালোকক আৰু সিহঁতক জীৱিকা দান কৰো “৷ (ছুৰাঃ আনআমঃ ১৫১)

“অভাৱ-অনাটনৰ ভয়ত তোমালোকে নিজৰ সন্তানসকলক হত্যা নকৰিবা। আমিয়েই সিহঁতক জীৱিকা দিওঁ আৰু তোমালোককো। নিশ্চয় সিহঁতক হত্যা কৰা মহাপাপ “।(ছুৰাঃ বনী ইছৰাঈলঃ ৩১)

Leave a comment