প্ৰশ্নঃ- মুক্তাদীয়ে ইমামৰ পিছত ছূৰা ফাতিহা পাঠ কৰিব নে নাই?

#হানাফি_ফিকাহৰ_ইতিহাস_ও_পৰিচয় (শেষাংশ)

প্ৰশ্নঃ- মুক্তাদীয়ে ইমামৰ পিছত ছূৰা ফাতিহা পাঠ কৰিব নে নাই?

০ হিদায়াত এই বিষয়ে কোৱা হৈছে- “মুক্তাদীয়ে ইমামৰ পিছত কোৰআন পাঠ নকৰিব”। (আৰবী হিদায়া ১ম পৃষ্ঠা ১২০, বাংলা হিদায়া ইছলামিক ফাউণ্ডেচন ১ম পৃষ্ঠা ৯৪)।

আচৰিত কথাটো হ’ল সেই একেই পৃষ্ঠাত উল্লেখিত মাছ‘আলাটিৰ-

 ০ দ্বিতীয় শাৰীৰ শেষত কোৱা হৈছে, “কোৰআন পাঠ ইমাম ও মুক্তাদী উভয়ৰ ওপৰত ফৰজ”।

 ০ আকৌ লিখা হৈছে, “কোৰআন পাঠ হাৰাম”। (মাকৰূহে তাহৰীমা)।

এতেকে, ফিকাৰ কিতাবৰ দ্বাৰা কোনো প্ৰশ্নৰ উত্তৰ দিয়া সম্ভৱ নহয়। প্ৰশ্নৰ উত্তৰ দিয়াৰ বাবে ফিকাৰ কিতাব। সচৰাচৰ ফিকাৰ কিতাবৰ পৰাই জবাব দিয়া হয়। ফিকা ও ফাতাওৱাৰ কিতাবৰ মাজত অতি সামান্য পাৰ্থক্য আছে। সেই পাৰ্থক্য হ’ল এই যে, বিভিন্ন মতামত উল্লেখ কৰাৰ পিছত কোনো এটি মত সম্পৰ্কে কোৱা হৈছে, “এই মতৰ ওপৰত ফাতাওৱা”- অৰ্থাৎ এই মতটোৱেই গ্ৰহণযোগ্য। আমাৰ উপমহাদেশত ফাতাওৱাৰ কিতাব হিচাবে গ্ৰহণ কৰা দুখন কিতাব বিশেষভাৱে উল্লেখযোগ্য। এখন হ’ল- “ৰাদ্দুল মুহতাৰ” আৰু আনখন “ফাতাওৱায়ে আলমগিৰী”। আমি এই দুখন কিতাবৰ ইতিহাস তুলি ধৰিম-

১। #ৰাদ্দুল_মুহতাৰ:

এই কিতাবখন হানাফি মজহাবৰ সৰ্ববৃহৎ ফাতাওৱা বা ফিকাৰ কিতাব। ইয়াত একেলগে তিনিখন কিতাব আছে। প্ৰথমখন হ’ল ‘তানবিৰুল আবছাৰ’। লেখকৰ নাম মুহাম্মদ বিন আব্দুল্লাহ। তেওঁ ৯৩৯ হিজৰীত জন্মগ্ৰহণ কৰে আৰু ১০০৪ হিজৰীত মৃত্যুবৰণ কৰে।

ইমাম আবু হানিফাৰ মৃত্যুৰ (৯৩৯-১৫০)=৭৮৯ বছৰ পিছত জন্মগ্ৰহণ কৰে। ইমাম আবু হানিফাৰ সৈতে তেওঁৰ সাক্ষাতৰ কোনো প্ৰশ্নই নুঠে। অথচ কিতাবখন হানাফি মজহাবৰ নিৰ্ভৰযোগ্য কিতাব।

কিতাবখন লিখা হয় ১০০৪ হিজৰীত। অৰ্থাৎ ইমাম আবু হানিফাৰ মৃত্যুৰ (১০০৪-১৫০)=৮৫৪বছৰ পিছত। কেনেকৈ আৰু কোন কোন সূত্ৰত ইমাম আবু হানিফাৰ মতামত তেওঁ প্ৰাপ্ত হ’ল তাৰ কোনো বিৱৰণ কিতাবখনত নাই। লেখকৰ সন্মুখত তেতিয়া আছিল হাদিছৰ কিতাবসমূহ, তাৰ কোনো কিতাবৰো কোনো বৰাত নাই। কিতাবখন লিখা হয়-

১. মুৱাত্তা মালিকৰ (১০০৪-১৭৯)=৮২৫ বছৰ পিছত।
 ২. ছহিহ-আল-বুখাৰীৰ (১০০৪-২৫৬)=৭৪৮ বছৰ পিছত।
৩. ছহিহ-মুছলিমৰ (১০০৪-২৬১)=৭৪৩ বছৰ পিছত।
৪. ছুনান-আবু দাউদৰ (১০০৪-২৬১)=৭৪৩ বছৰ পিছত।
৫. ছুনান-তিৰমিযীৰ (১০০৪-২৭৯)= ৭২৫ বছৰ পিছত।
৬. ছুনান-ইবনুমাজাৰ (১০০৪-২৭৩)=৭৩১ বছৰ পিছত।
৭. ছুনান-নাছাঈৰ (১০০৪-৩০৩)=৭০১ বছৰ পিছত।
 ৮. ছিহাহ ছিত্তাৰ হাদিছসমূহ লেখকে সম্পূৰ্ণৰূপে বৰ্জন কৰিছে। উল্লেখিত কিতাবসমূহ যে হাদিছৰ কিতাব তাৰ উল্লেখ পৰ্যন্ত নাই।

২। #তানবিৰুল_আবছাৰ:

ইয়াৰ ব্যাখ্যা মুহাম্মাদ বিন আলীৰ। তেওঁ হাছকাফী উপনামেৰেও জনাজাত। তেওঁ ১০২৫ হিজৰীত মৃত্যুবৰণ কৰে। তানবিৰুল আবছাৰৰ ব্যাখ্যাৰ নাম আদ-দুৰ-ৰুল মুখতাৰ। তেওঁ ছহিহ আল বুখাৰীৰ বৰ্ণিত হাদিছৰ বিৰূপ সমালোচনাত টোকা (তালিকা) লিখিছিল। মুছলিম মিল্লাতে তাক প্ৰত্যাখ্যান কৰাত পৃথিৱীত আজি আৰু সেইখন কোনো পুস্তকালয় বা যাদুঘৰতো পোৱা নাযায়। এই ব্যক্তিয়েও দুৰ-ৰুল মুখতাৰত সেই ছিহাহ ছিত্তাৰ কোনো একো অনা নাই।

এই দুৰ-ৰুল মুখতাৰৰ ব্যাখ্যা হ’ল ৰাদ্দুল মুহতাৰ। অৰ্থাৎ ইয়াতে তিনিখন কিতাব আছে-

 ১। তানবিৰুল আবছাৰ
 ২। দুৰ-ৰুল মুখতাৰ
 ৩। ৰাদ্দুল মুহতাৰ
 এই কিতাবৰ লেখক মুহাম্মদ আমিন বিন উমাৰ। তেওঁ ১১৯৮ হিজৰীত দামেস্কত জন্মগ্ৰহণ কৰে। তেওঁ আল্লামা শ্বামী বুলিও পৰিচিত। দামেস্ক নগৰ (চিৰিয়া) শ্যাম দেশৰ ৰাজধানী আছিল। সেই হিচাপে তেওঁ শ্যামী। সেয়ে এই কিতাবখন তেওঁৰ উপনাম শ্যামী নামেৰেও পৰিচিত। এতেকে কিতাবৰ নাম ৰাদ্দুল মুহতাৰ আৰু শ্যামী। লেখকে ১২৫২ হিজৰীত দামেস্কত মৃত্যুবৰণ কৰে।

এই কিতাবখনতো ছিহাহ ছিত্তা বা কোনো হাদিছৰ বৰাতত মাছ‘আলাৰ সমাধান প্ৰদান কৰা হোৱা নাই। অথচ কিতাবখন লিখা হয়-

মুৱাত্তা মালিকৰ (১২৫২-১৭৯)=১০৭৩ বছৰ পিছত।
 ছহিহ-আল-বুখাৰীৰ (১২৫২-২৫৬)=৯৯৬ বছৰ পিছত।
ছহিহ-মুছলিমৰ (১২৫২-২৬১)=৯৯১ বছৰ পিছত।
ছুনান-আবু দাউদৰ (১২৫২-২৬১)=৯৯১ বছৰ পিছত।
ছুনান-তিৰমিযীৰ (১২৫২-২৭৯)= ৯৭৩ বছৰ পিছত।
ছুনান-ইবনুমাজাৰ (১২৫২-২৭৩)=৯৭৯ বছৰ পিছত।
ছুনান-নাছাঈৰ (১২৫২-৩০৩)=৯৪৯ বছৰ পিছত।

৩। #ফাতাওৱায়ে_আলমগিৰী:

কিতাবখন ফাতাওৱায়ে আলমগিৰী বুলি প্ৰখ্যাত। কিন্তু প্ৰকৃত নাম হ’ল ফাতাওৱায়ে হিন্দিয়াহ।
 কথিত আছে যে, ১০০ হানাফি আলিমে কিতাবখনৰ সম্পাদনাত অংশগ্ৰহণ কৰে। সম্পাদকমণ্ডলীৰ সভাপতি আছিল শ্বায়েখ নিজামুদ্দিন। তেওঁৰ জন্মৰ তাৰিখ জনা নাযায়। তেওঁৰ মৃত্যু ১১০৩ হিজৰীত বুলি জনা যায়। কিতাবখনৰ নামৰ তলত ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছে কিতাবখন ইমাম আবু হানিফাৰ মজহাব। অৰ্থাৎ কিতাবখন অন্য একো নহয়, কেৱল ইমাম আবু হানিফাৰ মতামত। কিতাবখনৰ কাষত আৰু দুখন কিতাব আছে। এখনৰ নাম ফাতাওৱায়ে কাযীখান। লেখকৰ নাম হাছান বিন মানছুৰ। তেওঁ ৫৯২ হিজৰীত ইন্তেকাল কৰে। জন্মৰ তাৰিখ জনা নাযায়।

আনখন কিতাবৰ নাম ফাতাওৱায়ে বাযযাবিয়াহ। লেখকৰ নাম মুহাম্মাদ বিন মুহাম্মাদ। জন্মৰ তাৰিখ জনা নাযায়। কিন্তু মৃত্যু ৮২৮ হিজৰীত। ফাতাওৱায়ে কাযীখান লিখা হয় ৫৯২ হিজৰীত। অৰ্থাৎ ইমাম আবু হানিফাৰ মৃত্যুৰ (৫৯২-১৫০)=৪৪২ বছৰ পিছত। লেখক হাছান বিন মানছুৰে কোন সূত্ৰত ইমাম আবু হানিফাৰ বক্তব্য পালে তাৰ কোনো উল্লেখ নাই। ফাতাওৱায়ে বাযযাবিয়াহ লেখা হয় ইমাম আবু হানিফাৰ মৃত্যুৰ (৮২৮-১৫০)=৬৭৮ বছৰ পিছত। লেখক মুহাম্মাদ বিন মুহাম্মাদে কোন সূত্ৰত ইমাম আবু হানিফাৰ বক্তব্য পালে তাৰ কোনো উল্লেখ নাই।

ফাতাওৱায়ে আলমগিৰী লিখা হয় ১১০৩ হিজৰীত। অৰ্থাৎ ইমাম আবু হানিফাৰ মৃত্যুৰ (১১০৩-১৫০)=৯৫৩ বছৰ পিছত। এই কিতাবতো ইমাম আবু হানিফাৰ কথাবোৰ প্ৰাপ্তিৰ কোনো সূত্ৰ নাই।

ভাৰত উপমহাদেশত ইমাম আবু হানিফাৰ নামত যি হানাফি মজহাব চালু আছে ইমাম আবু হানিফাৰ সৈতে তাৰ কোনো সূত্ৰতে সম্পৰ্ক প্ৰমাণিত নাই। এতেকে ইমাম আবু হানিফাৰ নামত উল্লেখিত যিমান মতামত চালু আছে সেই সকলোবোৰেই ভুৱা ও মিছা।

আমি ফিকাৰ কিতাব ও ফাতাওৱাৰ কিতাবৰ যি বিৱৰণ দাঙি ধৰিছোঁ, তাৰ মাজৰ কোনো কথা যদি কোনোৱে মিছা পাই, তেনেহ’লে নিশ্চয় জনাব। ইন শ্বা আল্লাহ মিছা নাপাব। ভাইসকল! মুছলিমসকলক আমি দাওৱাত দিছোঁ যে, আহক! আমি আল্লাহৰ কোৰআন আৰু ছহিহ হাদিছ মানি চলো, ইমাম আবু হানিফাৰ নামত আৰু প্ৰতাৰিত নহওঁ।

ইমাম মালিকৰ কিতাব মুৱাত্তা আছে। তাত হাদিছ আছে। তেনেকৈ ইমাম শ্বাফেঈৰ জামিউশ্ব-শ্বাফেঈ আৰু ২২খন কিতাব আছে। ইমাম আহমাদ বিন হাম্বলৰ কিতাব মুছনাদে আহমাদ সহ আৰু বহু হাদিছৰ কিতাব আছে। মুছলিমসকলে সেই তিনি ইমামৰ পৰা যথেষ্ট উপকৃত হৈছে আৰু হ’ব। আমি কোনো ইমামৰ মুকাল্লিদ নহয়। যাৰ কথা ও মতামত বিশুদ্ধ হাদিছ মোতাবেক হ’ব তাৰ কথাই মানি চলিম। ইমাম আবু হানিফাৰ বিশুদ্ধ বৰ্ণনা কোনোৱে উপস্থিত কৰিলে আমি তাক প্ৰত্যাখ্যান কৰাৰ কোনো দৃষ্টান্ত নাই।

৪। #তাহাবী_শ্বৰীফ:

কিতাবখনৰ আচল নাম হ’ল শ্বাৰহু মায়ানিল আছাৰ। সংকলকৰ নাম আবু জাফৰ আহম্মদ বিন মুহাম্মদ। তেওঁ ২২৯ হিজৰীত জন্মগ্ৰহণ কৰে আৰু ৩২১ হিজৰীত মৃত্যুবৰণ কৰে। ইয়াতে দেখা যায় যে, ছিহাহ ছিত্তাৰ শেষ কিতাব ছুনান আন নাছাঈ সংকলনৰ মাত্ৰ (৩২১-৩০৩)=১৮ বছৰ পিছত তাহাবী শ্বৰীফ সংকলিত হয়।
কিন্তু হাদিছৰ ইমামসকলে কিতাবখনক ছিহাহ ছিত্তাৰ মাজত গণ্য কৰা নাই। (মুকাদ্দামাতুশ্ব –শ্বায়েখ মাদ্ৰাছাৰ পাঠ্য ত্ৰয়োদশ পৰিচ্ছেদ)।

০ হাদিছৰ ইমামসকলে তাহাবীক ছিহাহ ছিত্তাৰ মাজত গণ্য নকৰাত এইটো স্পষ্ট হ’ল যে, তাহাবী কিতাব হিচাবে ছহিহ নহয়।

০ কিতাবখনৰ মাজত যিটো হাদিছ ছনদৰ ফালৰ পৰা বিশুদ্ধ সেইটোকে গ্ৰহণ কৰা হ’ব। যিটো বিশুদ্ধ নহয় সেইটো বৰ্জনীয়।

০ তাহাবীৰ ভূমিকাত তাৰ সংকলনৰ উদ্দেশ্য সম্পৰ্কে কোৱা হয় হাদিছত গৰমিল দেখি বহু নাস্তিকে কৈ থাকে গৰমিলে ভৰা ইছলাম মানি চলা সম্ভৱ নহয়। আনহাতে বহু দুৰ্বল ঈমানৰ লোকেও একে কথাকে কৈ থৈকে। ইয়াৰ কাৰণ হ’ল ইছলামৰ প্ৰাথমিক অৱস্থাত এক প্ৰকাৰ বিধান আছিল। কিন্তু তাক ৰহিত কৰি আন এক প্ৰকাৰ বিধান প্ৰদান কৰা হৈছে। কোনবোৰ বিধান পূৰ্বৰ আৰু কোনবোৰ বিধান পিছৰ সেই বিষয়ে তেওঁলোক অৱগত নহয় বাবেই এনে কথা কৈছে বা ভাৱিছে। মোৰ সংকলনৰ উদ্দেশ্য হ’ল কোনবোৰ বিধান পূৰ্বৰ আৰু কোনবোৰ বিধান পিছৰ তাক বৰ্ণনা কৰা। অৰ্থাৎ কোনটো বাহাল আৰু কোনটো ৰহিত বা বাতিল তাক চিহ্নিত কৰা।
এই বিষয়টো প্ৰমাণ কৰিবলৈ গৈ এনে অৱস্থাৰ সৃষ্টি কৰিছে যিটো কোনো হাদিছৰ সংকলকৰ কাৰণে অনভিপ্ৰেত। তেওঁ যি কৰিছে সেয়া হ’ল-

১। মুত্তাফাক আলাইহি হাদিছ (বুখাৰী ও মুছলিমৰ হাদিছ)-ক ৰহিত প্ৰমাণ কৰাৰ কাৰণে জাল হাদিছ তুলি দিছে।
২। ছহিহ হাদিছক ৰহিত প্ৰমাণ কৰাৰ কাৰণে জাল ও জঈফ হাদিছ দাঙি ধৰিছে।
৩। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছহিহ হাদিছক ৰহিত প্ৰমাণ কৰাৰ কাৰণে ছাহাবাসকলৰ কথা বা কাম-কাজক দাঙি ধৰিছে।
৪। বহু হাদিছক কাট-ছাট কৰি তুলিছে। এই কাৰণসমূহৰ ওপৰিও আৰু বহুত কাৰণ আছে যাৰ কাৰণে হাদিছৰ ইমামসকলে তেওঁৰ সংকলনক প্ৰামাণ্য হিচাবে গ্ৰহণ কৰা নাই। যেনে- মিশকাত, বুলুগুল মাৰাম প্ৰভৃতি হাদিছৰ সংকলকসকলে মুৱাত্তা মালিক, মুছনাদে আহমাদ, বুখাৰী, মুছলিম, আবু দাঊদ, তিৰমিযী, নাছাঈ, ইবনে মাজাহ, দাৰমী, দাৰকুতনী প্ৰভৃতিৰ পৰা হাদিছক তেওঁলোকৰ সংকলনত স্থান দিছে। কিন্তু তাহাবীৰ কোনো হাদিছক তেওঁলোকৰ সংকলনত স্থান দিয়া নাই। ইয়াতে প্ৰমাণ হয় তাহাবী গ্ৰহণযোগ্য কোনো হাদিছৰ সংকলন নহয় আৰু সেইখন দলিল হিচাবে উত্থাপন কৰাৰ দৰে সংকলন নহয়।
কোনো ছহিহ হীদিছৰ সমৰ্থনত তাহাবীৰ কোনো ছহিহ হাদিছ (শ্বাহেদ) সমৰ্থক হিচাবে উপস্থিত কৰা যায়, ছিহাহ ছিত্তাৰ কিতাবৰ দৰে মূল দলিলৰ কিতাব বুলি গণ্য কৰা নহয়। যেনেকৈ মূল দলিল বুখাৰী, মুছলিম ও অন্যান্য ছিহাহ ছিত্তাৰ কিতাবক দলিল বুলি গণ্য কৰা হয়। কাৰণ তাহাবী মূলতঃ কোনো ছহিহ হাদিছৰ কিতাব হিচাবে হাদিছৰ কিতাবৰ মাজত কোনো ইমামে গণ্য কৰা নাই, ছহিহ আল বুখাৰী স্বতন্ত্ৰ দলিলৰ কিতাব, মুছলিম স্বতন্ত্ৰ কিতাব, তেনেকৈ অন্য চাৰিখন, তেনেকুৱা স্বতন্ত্ৰ দলিলৰ কিতাব বুলি হাদিছৰ ইমামসকলে গ্ৰহণ কৰা নাই। বৰ্তমানে যদি কোনোৱে তাহাবীক স্বতন্ত্ৰ দলিলৰ কিতাব বুলি গণ্য কৰে তেনেহ’লে কব লাগিব তাহাবী সংকলনৰ পিছৰ পৰা তাক বৰ্জনকাৰী সকলো হাদিছৰ ইমামসকল হয় হিংসুক আছিল সেয়ে বৰ্জন কৰিছিল, নতুবা কব লাগিব নিৰপেক্ষ নিৰিখত বৰ্জন কৰিছে। ইয়াতে কোনো মজহাব বা কোনো দলৰ পৰোৱা কৰা নাই যিটো তেওঁলোকৰ কাৰণে সম্ভৱ নাছিল। তেওঁলোক আছিল সমসাময়িক অন্যান্য ইমাম ও সাধাৰণ মুছলিমসকলৰ ওচৰত নিৰপেক্ষ, বিশ্বাসযোগ্য, নিৰ্ভৰযোগ্য আৰু নিৰ্ভীক ও সকলো প্ৰকাৰ সংকীৰ্ণতাৰ উৰ্দ্ধত। যেনে- ধৰক ইমাম বায়হাকী, মিশকাতৰ সংকলক মুহাম্মদ বিন আব্দুল্লাহ আল খতীব তাবেঈ, ইবনে হাজাৰ আছকালানী, ইমাম দাৰাকুতনী, ইমাম নববী প্ৰভৃতি হাদিছৰ ইমামসকলৰ কোনেও তেওঁলোকৰ হাদিছৰ কিতাবত তাহাবীৰ পৰা হাদিছ সংগ্ৰহ কৰা নাই। তেনেহ’লে কব নেকি, এওঁলোক সংকীৰ্ণ মনৰ লোক আছিল?

কোনোৱে যদি ইমাম আবু হানিফাৰ নামত জঈফ ও জাল হাদিছ পেচ কৰে অথবা তেওঁৰ নামত কোনো কথা পেচ কৰে যিটো ছহিহ হাদিছ বিৰোধী তেনেহ’লে তাক মানি লবলৈ আমি অপাৰগ। তাৰোপৰি ইমাম আবু হানিফাই এনেকুৱা কৰিছে আমি সেইটো মানি লব নোৱাৰোঁ।

সমাপ্ত

‘নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত, তাৰ পিছত তেৱেঁই সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰাব’। (৬/১৫৯)
কোৱা, ‘আমি তোমালোকক এনে লোকৰ বিষয়ে সংবাদ দিমনে, যিসকল আমলৰ ফালৰ পৰা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত’? (১৮/১০৩)
‘সিহঁতেই সেইসকল লোক, পাৰ্থিৱ জীৱনত যিসকলৰ প্ৰচেষ্টা ব্যৰ্থ হৈছে, অথচ সিহঁতে ধাৰণা কৰে যে, সিহঁতে ভাল কামেই কৰি আছে’। (১৮/১০৪)

সমাপ্ত।

Leave a comment