প্ৰশ্নঃ– পর্দা কৰাৰ পিছতো বিৰক্ত কৰা হৈছে, ধর্ষণৰ বলি হৈছে তেনেহলে পর্দাৰ দৰকাৰ কি??

প্ৰশ্নঃ– পর্দা কৰাৰ পিছতো বিৰক্ত কৰা হৈছে, ধর্ষণৰ বলি হৈছে তেনেহলে পর্দাৰ দৰকাৰ কি??
.
উত্তৰঃ– আল্লাহ কুৰআনত প্ৰথমে পুৰুষসকলক কৈছে—
“মুমিন পুৰুষসকলক কোৱা, তেওঁলোকে যেন নিজৰ দৃষ্টি সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; এইটোৱে তেওঁলোকৰ বাবে অধিক পৱিত্ৰ। তেওঁলোকে যি কৰে নিশ্চয় সেই বিষয়ে আল্লাহ সম্যক অৱহিত”।(ছুৰাঃ নুৰঃ ৩০)

তাৰপিছৰ আয়াতত আল্লাহ নাৰীসকলক উদ্দেশ্য কৰি কৈছে–
“আৰু মুমিনা নাৰীসকলক কোৱা, তেওঁলোকেও যেন নিজৰ দৃষ্টিক সংযত কৰে, আৰু নিজৰ লজ্জাস্থানৰ হিফাজত কৰে; আৰু তেওঁলোকে যেন নিজৰ সৌন্দৰ্য প্ৰদৰ্শন নকৰে কিন্তু যিটো সাধাৰণতে প্ৰকাশ পায় (সেয়া সুকীয় কথা)। তেওঁলোকে যেন মূৰৰ ওৰণিৰে ডিঙি আৰু বক্ষস্থল ঢাকি ৰাখে। তেওঁলোকে যেন নিজৰ স্বামী, পিতৃ, স্বামীৰ পিতৃ, নিজৰ পুত্ৰ, স্বামীৰ পুত্ৰ, ভাতৃৰ পুত্ৰ, বাই-ভনিৰ পুত্ৰ, লগৰীয়া তিৰোতা, নিজৰ মালিকানাধীন দাসী, যৌন কামনা বোধ নকৰা অধীনস্থ পুৰুষ আৰু নাৰীসকলৰ গোপন অঙ্গ সম্পৰ্কে অজ্ঞ শিশুৰ বাহিৰে কাৰো ওচৰত তেওঁলোকৰ সৌন্দৰ্য প্ৰকাশ নকৰে, লগতে তেওঁলোকে যেন নিজৰ গোপন সৌন্দৰ্য প্ৰকাশ কৰাৰ উদ্দেশ্যে সজোৰে খোজ নাকাঢ়ে। হে মুমিনসকল! তোমালোক আটায়ে আল্লাহৰ ফালে উভতি আহা, যাতে তোমালোকে সফলকাম হ’ব পাৰা।(ছুৰাঃ নুৰঃ ৩১)

َঅন্য আয়াতত আল্লাহ কৈছে — ‘’ হে নবী! তুমি তোমাৰ স্ত্ৰীসকলক, তোমাৰ জীয়ৰীসকলক আৰু মুমিনসকলৰ স্ত্ৰীসকলক কোৱা, তেওঁলোকে যেন তেওঁলোকৰ চাদৰৰ কিছু অংশ নিজৰ ওপৰত টানি লয়। এইটো তেওঁলোকক চিনাৰ সহজ উপায়, ফলত তেওঁলোকক বিৰক্ত কৰা নহব। আল্লাহ পৰম ক্ষমাশীল, পৰম দয়ালু। (ছুৰাঃ আল-আহজাবঃ৫৯)

আল্লাহ কুৰআনত পুৰুষ-নাৰী উভয়কেই দৃষ্টি সংযত কৰিব কৈছে ৷ অকল এক পক্ষক কৈছে আন পক্ষক কোৱা নাই তেনে নহয় ৷ কিছুমান যুক্তি শুনা যায়— এজন পুৰুষৰ বেয়া দৃষ্টিৰ পৰা  বচাৰ বাবে  মই কিয় নিজক আবৃত কৰিম? কিয় মই মোৰ সৌন্দর্য আবৃত কৰিম? দোষতো মোৰ নহয়, দোষতো সেইজন পুৰুষৰ যিজনে মোৰ ফালে বেয়া দৃষ্টিত দেখিছে  ৷ গতিকে পর্দা বিৰোধী আন্দোলনত নামিব লাগিব আৰু প্রচাৰ কৰিব লাগিব যে— ধর্মই কৈছে পর্দা কৰিলে বিৰক্ত কৰা নহয়, কিন্তু ইয়াৰ পিছতো বিৰক্ত কৰা হয় ৷ গতিকে পর্দাৰ বিধান অকার্যকৰ (প্রমাণিত) ৷

 যদি যুক্তি এনেকুৱাই হয় তেনেহলে কিয় সন্ত্রাসীৰ ভয়ত নিৰাপত্তাবাহিনী গঠন কৰিছে ?? কিয় ঘৰ বনোৱাৰ সময়ত দৰ্জা দিছে?? দৰ্জাত তলা দিছে?? কিয় বাৰান্দাত, চাৰিওফালে লোহা দি নিৰাপত্তাৰ ব্যৱস্থা কৰিছে?? কিয় মোবাইলত ছিকিউৰিটি ছিষ্টেম দিছে?? কিয় আমেৰিকাৰ প্রেচিডেন্টে সাধাৰণ মোবাইল ব্যবহাৰ কৰিব নোৱাৰে, কিয় তেওঁলোকৰ বাবে বেলেগ ছিকিউৰিটি ছিষ্টেম সংযুক্ত মোবাইল তৈয়াৰ কৰা হয়?? কিয় আপুনি বেংকত লকাৰ ছিষ্টেম কৰিছে? কাৰ ভয়ত?? কাৰ ভয়ত আপুনি ইমান টকা খৰচ কৰিছে?? নিজৰ স্বাধীনতাক কিয়  আৱদ্ধ কৰিছে?? উত্তৰ এটাই— নিজক ক্ষতিৰ পৰা ৰক্ষা কৰিবলৈ ৷ কাৰণ আপোনাৰ ইমানখিনি জ্ঞান আছে যে এইবোৰ নিৰাপত্তা ব্যৱস্থা নকৰিলে আপোনাৰ সম্পদ ৰক্ষা নহব ৷ পর্দাৰ বিধানটো একেই কাৰণত দিয়া হৈছে ৷ কিন্তু ইয়াৰপিছতো চুৰি, ডকাইতিৰ ঘটনা ঘটিছে ৷ কত কেতিয়াও তো কোৱা নাই—ইমানখিনি  কৰিলো তাৰপিছতো ক্ষতি হল গতিকে এইবোৰৰ পিছত পৰিশ্রম কৰি লাভ নাই, টকা ঢালিও লাভ নাই ৷ কেৱল পর্দাৰ ক্ষেত্রত আপোনালোকে এইবোৰ  যুক্তি দিয়ে ৷

 এইবাৰ এবাৰ নিজক কাঠগড়াত থিয় কৰক ৷ আপুনি  প্রকৃতভাৱে পর্দা কৰেনে ?? নে আপুনি বিচাৰে শৰীৰ ঢকাৰ বাবে যি পোছাক ব্যৱহাৰ কৰিছে সেইটোক আৰু আকর্ষণীয় কৰিব? যাতে সকলোৱে মোৰ ফালে চাই ?? আপোনালোকক  কি দেখা নাযায় নেকি ৰাস্তাঘাটত অযথা উচ্চস্বৰত জোৰে হাঁহি দিয়া?? পাৰফিউম দি সুগন্ধি বিয়পোৱা?? কাৰ বাবে কৰিছে এইবোৰ? কাক আকৃষ্ট কৰিবলৈ?? হাতকটা পোছাক পিন্ধি ঘৰৰ পৰা ওলাই আহে অযথা বাৰে বাৰে ওৰণি দি শৰীৰ ঢকাৰ চেষ্টা কৰে আপুনি কোন বুদ্ধিমত্তাৰ পৰিচয় দিছে?? এইবোৰ কাৰ বাবে কৰিছে ?? সেই ওৰণিখন  ৰিক্সাৰ চকাত লাগি কাৰোবাৰ মৃত্যু হয় আৰু কোনোবাই আহত হয় ৷ তাৰপিছতো কব — এইটো ওৰণি ব্যৱহাৰৰ কুফল ৷ কোনো দিনো তো শুনা নাই, চকাত বোৰ্খা লাগি কাৰোবাৰ মৃত্যু হৈছে?? আপোনাৰ এখন ওৰণিয়ে কি হিজাবৰ চর্ত পূৰণত সক্ষম?? নে ওৰণিখন ফেশ্বনৰ এটা অংশ??
.
আপোনাৰ সৌন্দর্য আপোনাৰ স্বামীৰ বাবে ৷ সকলো পুৰুষক (যিসকলৰ লগত বিবাহ বৈধ) নিজৰ স্বামীৰ স্থানত নবহাব ৷
.
আৰু সকলো পুৰুষ ধার্মিক নহয় যে আপোনাক দেখি দৃষ্টিক সংযত কৰিব ৷ সকলোৱেই ভাল হলে পৃথিবীত কোনো অন্যায় – অপৰাধ নাথাকিল হেতেন৷

Leave a comment