#উত্তৰঃ নোৱাৰে। এইটো শ্বৰীয়তত নিষিদ্ধ। ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে,
“প্রত্যেক চকুৱেই ব্যভিচাৰী আৰু মহিলাসকলে যদি (কোনো প্রকাৰ) সুগন্ধি ব্যৱহাৰ কৰি কোনো (পুৰুষৰ) মজলিছৰ কাষেৰে অতিক্রম কৰে, তেনেহ’লে তেওঁ ব্যভিচাৰিণী।” (আবু দাঊদ, তিৰমিযী, নাছাঈ, ইবনে হিব্বান, ইবনে খুযাইমাহ, হাকিম, ছহীহুল জামে ৪৫৪০ নং)
কেৱল সেয়াই নহয়। কোনো মহিলাই সুগন্ধি লগাই মছজিদত নামায পঢ়িবলৈ গ’লেও তেওঁৰ নামায শুদ্ধ নহয়। কিয়নো আবু হুৰাইৰা (ৰাঃ) কতৃক বর্ণিত, এদিনাখন চাশতৰ সময়ত তেওঁ মছজিদৰ পৰা বাহিৰ হ’ল। দেখিলে এগৰাকী মহিলাই মছজিদত প্রৱেশত উদ্যত। তেওঁৰ দেহ বা লেবাচৰ পৰা উৎকৃষ্ট সুগন্ধিৰ সুবাস বিয়পি পৰিছিল। আবু হুৰাইরা (ৰাঃ)য়ে মহিলাগৰাকীক ছালাম দিলে।
মহিলাগৰাকীয়ে ছালামৰ উত্তৰ দিলে। তেওঁ প্ৰশ্ন কৰিলে, ‘ক’লৈ যোৱা তুমি?’ মহিলাগৰাকীয়ে ক’লে, ‘মছজিদলৈ’। তেওঁ ক’লে, ‘কি কাৰণত ইমান সুগন্ধি লগাইছা তুমি?’ মহিলাগৰাকীয়ে ক’লে, ‘মছজিদৰ কাৰণে!’ তেওঁ ক’লে, ‘আল্লাহৰ কছম?’ আকৌ ক’লে, আল্লাহৰ কছম। তেওঁ পুনৰাই ক’লে, ‘আল্লাহক কছম?” মহিলাগৰাকীয়ে ক’লে, আল্লাহৰ কছম। তেতিয়া তেওঁ ক’লে, ‘তেনেহ’লে শুনা, মোক মোৰ প্রিয়তম আবুল কাছিমে (ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম) কৈছে যে, “সেই মহিলাৰ কোনো নামায কবুল নহয়, যিয়ে তাইৰ স্বামীৰ বাহিৰে অন্য কাৰোবাৰ কাৰণে সুগন্ধি ব্যৱহাৰ কৰে; যেতিয়ালৈ তাই নাপাকীৰ গোছল কৰাৰ দৰে গোছল কৰি নলয়।” গতিকে তুমি উভতি যোৱা, গোছল কৰি সুগন্ধি ধুই পেলোৱা। তাৰ পিছত উভতি আহি নামায পঢ়া।’ (আবু দাউদ, নাছাঈ, ইবনে মাজাহ, চিলচিলাহ ছহীহাহ ১০৩১ নং)
আল্লাহু আকবৰ। আমাৰ মুছলিম মা-ভনীসকলৰ আজিৰ অৱস্থা অতিকৈ দুখলগা! কোনো মহিলাৰ ওচৰেদি অতিক্রম কৰা মানে যেন অসংখ্য সুগন্ধিৰ বটল অতিক্রম কৰা। ক’ত আমাৰ ইছলাম? ক’ত আমাৰ ঈমান? ক’ত? আমাৰ মা-ভনীসকলে জানি-শুনি ব্যভিচাৰিণীসকলৰ অন্তর্ভুক্ত হোৱাটোক মানি লৈছে নেকি?