প্ৰশ্নঃ এঠাইত কুৰআনে কৈছে মানুহক শুক্রবিন্দুৰ পৰা সৃষ্টি কৰা হৈছে আৰু অন্য ঠাইত কৈছে মানুহক মাটিৰ পৰা সৃষ্টি কৰা হৈছে ৷ এই দুটা বক্তব্য পৰস্পৰ বিৰোধী নহয় নেকি? কেনেকৈ আপুনি বৈজ্ঞানিকভাৱে প্রমাণ কৰিব যে মানুহক মাটিৰ পৰা সৃষ্টি কৰা হৈছে?

(অমুছলিমৰ প্ৰশ্নঃ ডঃজাকিৰ নাইকলৈ)
প্ৰশ্নঃ এঠাইত কুৰআনে কৈছে মানুহক শুক্রবিন্দুৰ পৰা সৃষ্টি কৰা হৈছে আৰু অন্য ঠাইত কৈছে মানুহক মাটিৰ পৰা সৃষ্টি কৰা হৈছে ৷ এই দুটা বক্তব্য পৰস্পৰ বিৰোধী নহয় নেকি? কেনেকৈ আপুনি বৈজ্ঞানিকভাৱে প্রমাণ কৰিব যে মানুহক মাটিৰ পৰা সৃষ্টি কৰা হৈছে?
উত্তৰঃ (ডঃ জাকিৰ নাইক)

কুৰআনত আল্লাহে কৈছে-
✔ সি (মাকৰ গর্ভত) নিক্ষিপ্ত শুক্রবিন্দু নাছিল নাকি?
(Al-Quran (Al-Qiyaama No75 Verse No: 37)
.
এতিয়াৰ বিজ্ঞানেও একেই কথা কয় ৷
ইয়াৰ বাহিৰেও কুৰআনৰ বিভিন্ন ঠাইত এইটোও উল্লেখ কৰিছে যে মানুহক মাটিৰ পৰা সৃষ্টি কৰা হৈছে ৷
.
✔ মই তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা ৷
(Al-Quran (Al-Hajj No22 Verse No: 5)
.
আধুনিক বিজ্ঞানে আমাক কয় যে, মানুহৰ শৰীৰত যি উপাদানসমূহ আছে সেই উপাদানসমূহৰ সকলো কেইটাকেই আপোনালোকে বিছাৰি পাব মাটিত ৷ মাটিৰ পৃথিৱীত ৷ তেতিয়াহ’লে মানুহ জাতি সৃষ্টি হৈছে মাটিৰ পৰা কথা টো বৈজ্ঞানিকভাৱে প্রমাণিত৷ মানুহৰ শৰীৰত যি উপাদানসমূহ আছে মানুহৰ শৰীৰৰ গঠনতন্ত্রৰ উপাদান এই সকলোবোৰ উপাদানেই আপোনালোকে বিছাৰি পাব মাটিৰ পৃথিৱীত৷ পৰিমাণ অলপ বা বেছি হ’ব পাৰে ৷

আপোনাৰ প্রশ্নৰ দ্বিতীয় অংশ-
এইটো কি পৰস্পৰ বিৰোধী যে একঠাইত কৈছে মানুহ শুক্রবিন্দুৰ পৰা সৃষ্টি হৈছে, অন্যঠাইত কৈছে মাটি ৷ এইটো পৰস্পৰ বিৰোধী নহয় নেকি?
এতিয়া পৰস্পৰ বিৰোধী হ’ল সেইটো যেতিয়া দুটা বক্তব্যৰ এটা মানিলে অন্যটো মিছা হৈ যায় বা দুয়োটাই একেলগে সত্য হ’ব নোৱাৰে৷ এতিয়া কোৰআনে মাথো এই কথাটোকেই কোৱা নাই যে মানুহ শুক্রাণুৰ পৰা সৃষ্টি হৈছে ৷ অন্যঠাইত কৈছে মাটিৰ পৰা ৷ কোৰআনে আৰু কৈছে —
.
তেখেতেই পানীৰ পৰা সৃষ্টি কৰিছে মানুহ,
(Al-Quran (Al-Furqaan No25 Verse No: 54)
.
তেতিয়াহ’লে তিনিওটা পৰস্পৰ বিৰোধী নেকি? এতিয়াৰ আধুনিক বিজ্ঞানত এইটো প্রমাণিত যে মানুহ সৃষ্টি হৈছে মাটিয়ে দি, শুক্রবিন্দুয়ে দি আৰু পানীয়ে দিও সৃষ্টি হৈছে ৷ মই এটা উদাহৰণ দি কথাটো বুজাও যে-
মই কলো একাপ চা বনাম ৷ মোৰ লাগিব পানী ৷ আৰু এবাৰ মই কলো যে, একাপ চা বনাবলৈ মোৰ লাগিব চা পাত বা চাৰ গুড়ি ৷ এইটো পৰস্পৰ বিৰোধী নহয়৷ মোৰ দুয়োটোই লাগিব৷ যদি মিঠা চা বনাব বিছাৰো তেতিয়াহ’লে চিনি দিব লাগিব৷ যদি পানী কম চা বনাও তেন্তে পানী কমাই দি দুধ বেছি দিব লাগিব৷ আৰু যদি ছুলেমানি চা বনাও তেতিয়াহ’লে চাত দুধ দিয়া নহ’ব। 😊
তেতিয়াহ’লে এইটো contradiction নহয় যে কুৰআনে কৈছে মানুহ সৃষ্টি হৈছে শুক্রবিন্দুৰ পৰা, মাটিৰ পৰা আৰু পানীৰ পৰা… ৷ এইটো হ’ল আচলতে contradistinction ৷ এতিয়া আমি জানিব লাগিব এই শব্দটোৰ অৰ্থ কি! contradistinction মানে হ’ল কোনো বিষয় সম্পর্কে দুই-তিনিটা বক্তব্য যিবোৰ এটা আনটোৰ সৈতে বিৰোধীতা নকৰে৷ যেনেকৈ ধৰক মই কলো ৷ যে এই ভদ্রলোকজন তেখেত সৎ, তেখেত দয়ালু, তেখেত স্নেহশীল ৷ এইটো contradistinction ৷ কিন্তু যদি মই কলো যে ভদ্রলোকজন সকলো সময়তেই মিছা কথা কয় আৰু সছা কথাও কয়, এইটো হ’ল contradiction ৷ কাৰণ দুয়োটাই বিপৰীত কথা ৷ যদি সম্পূর্ণ বিপৰীত কথা নহয় তেন্তে সেইটো হ’ব contradistinction ৷
(শ্বেয়াৰ কৰি আপুনিও হ’ব পাৰে ইছলামৰ প্ৰচাৰক)

Leave a comment