#উত্তৰ ইবাদত কবুল হোৱাৰ চর্ত দুটা।
১. ইবাদত একমাত্র আল্লাহৰ সন্তুষ্টিৰ কাৰণে হ’ব লাগিব। মহান আল্লাহে কৈছে,
وَمَا أُمِرُوا إِلَّا لِيَعْبُدُوا اللَّهَ مُخْلِصِينَ لَهُ الدِّينَ حُنَفَاءَ وَيُقِيمُوا الصَّلَاةَ وَيُؤْتُوا الزَّكَاةَ ۚ وَذَٰلِكَ دِينُ الْقَيِّمَةِ
‘আৰু সিহঁতক কেৱল এই নিৰ্দেশ দিয়া হৈছিল যে, সিহঁতে যেন আল্লাহৰ ইবাদত কৰে তেওঁৰ বাবেই যেন দ্বীনক একনিষ্ঠ কৰে আৰু যেন ছালাত প্ৰতিষ্ঠা কৰে আৰু যাকাত প্ৰদান কৰে, আৰু এইটোৱেই হৈছে সঠিক দ্বীন। (বাইয়্যেনাহ ৫)।
২. ইবাদত ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লাম প্রদর্শিত পদ্ধতিত হ’ব লাগিব। মহানে আল্লাহে কৈছে,
﴿قُلۡ إِن كُنتُمۡ تُحِبُّونَ ٱللَّهَ فَٱتَّبِعُونِي يُحۡبِبۡكُمُ ٱللَّهُ﴾ [ال عمران: ٣١]
কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহেও তোমালোকক ভাল পাব। (আলে ইমৰান ৩১)।
ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি অছাল্লামে কৈছে,
«مَنْ عَمِلَ عَمَلًا لَيْسَ عَلَيْهِ أَمْرُنَا فَهُوَ رَدٌّ»
“যি ব্যক্তিয়ে মোৰ নির্দেশৰ বাহিৰত কোনো আমল কৰিলে, তাৰ সেই আমল প্রত্যাখ্যাত” (মুছলিম)।