প্ৰত্যক্ষ ও পৰোক্ষ প্ৰত্যাখান

☞☞  প্ৰত্যক্ষ ও পৰোক্ষ প্ৰত্যাখান !! ☜☜

  দ্বীন ইছলামৰ প্ৰাথমিক মেৰুদণ্ড হৈছে আমাৰ কলিমা । অন্তৰ তথা আমাৰ কাৰ্য্যৰে আমি দুটা মূখ্য বিষয়ক সঁচা অৰ্থত সাক্ষী দিব লাগিব যে – আল্লাহৰ অবিহনে দ্বিতীয় কোনো আমাৰ প্ৰতিপালক নাই , অৰ্থাৎ আল্লাহ অদ্বিতীয় ( ত্বাওহীদ্ )। মুহাম্মদ  ৰাছূলুল্লাহ  চল্লাল্লাহু আলাইহি অছাল্লাম আল্লাহৰ দ্বাৰা প্ৰেৰিত আমাৰ ৰাছূল । এই দুই মূখ্য স্তম্বৰ যিকোনো এটাত কোনোবাই তিলমানো আঘাত হানিলে , অৰ্থাৎ প্ৰত্যক্ষ বা পৰোক্ষ ভাবে প্ৰত্যাখান কৰি আল্লাহৰ দৃষ্টিত মুচলীম হিচাবে কৃতকাৰ্য্য হোৱাটো কঠিন ( নিশ্চয় আল্লাহ সৰ্ব্বঞ্জানী )।

সামগ্ৰিক প্ৰেক্ষাপটত আমি যি সকলে আল্লাহৰ ইবাদতৰ মাজত পীৰ, ওলী আওলীয়া, বুজুৰগানে দ্বীন ইত্যাদি মাধ্যম বোৰক সোমোৱাই লৈ তেওঁলোকে আমাক আল্লাহৰ নৈক্যত্ব লাভ কৰাত সহায়ক হব বুলি বিশ্বাস স্হাপন কৰোঁ, তেন্তে সাৱধান হৈ যাওক তেনে কাৰ্য্যই আপোনাক শ্বীৰ্কত লিপ্ত কৰালে !! কিয়নো এইয়া তাওহীদে উলুহিয়্যাহতত আঘাত কৰা হৈছে , অৰ্থাৎ আল্লাহৰ ইবাদতত শ্বীৰ্ক হৈছে । আল্লাহৰ ইবাদতত একত্ববাদ প্ৰদূষিত কৰি আন মাধ্যমক লগত অংশীদ্বাৰ কৰা হৈছে , সেয়াই হৈছে শ্বীৰ্ক ! ” শ্বৰীক”, অৰ্থাৎ অংশীদ্বাৰীত্ব দিয়া । বাহ্যিক দৃষ্টিত আপুনি এনে কাৰ্য্যক যিমানেই ভাল নেদেখক কিয় , শ্বীৰ্ক মিশ্ৰিত আমল প্ৰকৃততে কোনো আমলেই নহয়, আল্লাহৰ দৃষ্টিত সবাতোতকৈ বৃহৎ অক্ষমনীয় অপৰাধ । ইছলামৰ এনে অতি গুৰুত্বপূৰ্ণ প্ৰাথমিক জ্ঞান সমূহৰ অভাৱৰ বাবেই হয়তো আমাৰ সমগ্র জীৱনৰ ইবাদত কোনো কামত নাহিব পাৰে ! সেয়েহে আল্লাহে আমাক সকলোকে দ্বীনৰ জ্ঞান অৰ্জন কৰাটো বাধ্যতামূলক হিচাবে ঘোষণা কৰিছে ।

 ইছলামত দ্বিতীয় বৃহৎ অপৰাধ হৈছে আমাৰ বিদআত মিশ্ৰিত আমল ! আমি যিমানেই আমল নকৰো কিয়, আমি কৰা যিকোনো আমল যদি নবী চল্লাল্লাহু আলাইহি অছাল্লাম ও চাহাবায়ে কেৰাম সকলে কৰাৰ স্পষ্ট চহীহ দলীল নাথাকে , তেন্তে তেনে আমলেই আল্লাহৰ দৃষ্টিত হৈ পৰিব বিদআত মিশ্ৰিত আমল ! শ্বৰীয়তৰ দৃষ্টিভংগীত এনে আমল কৰা লোককেই বিদআতী বোলা হয় । বাহ্যিক দৃষ্টিত আপোনাৰ আমল যিমানেই সুন্দৰ নেদেখক কিয় , বিদআত মিশ্ৰিত আমল প্ৰকৃততে কোনো আমলেই নহয় ! যিহেতু  বিদআতীৰ কোনো আমলেই আল্লাহে গ্ৰহণ নকৰো বুলি স্পষ্ট কৰি দিছে আৰু পৰিণতি জাহান্নাম বুলি স্পষ্ট ভাষাৰে ঘোষণা কৰিছে ।

 এনেবোৰ আমল ধ্বংসকাৰী প্ৰাথমিক জ্ঞান আমাৰ নথকাৰ বাবেই পদে পদে আমি আজি বুজি নোপোৱাকৈয়ে শ্বীৰ্ক বিদআতত লিপ্ত হৈ আছোঁ ! আমাৰ আলীম উলেমা সকলেও সাধাৰণ মানুহক এই দুই ধ্বংসাত্মক অপৰাধৰ জ্ঞান বিলাই নিদিয়াটো কেৱল দূৰ্ভাগ্যজনকেই নহয় বৰং অতিকৈ ৰহস্যজনক !! ব্যক্তিগত ভাবে বহুতো আলীমক অনুৰোধ জনালোঁ যে – আপোনালোকে আজিকালি জুমু’আহৰ আগত মাতৃভাষাত যি এক দ্বিতীয় খুতবাহ (!!) দিয়াৰ নিতী প্ৰচলন কৰিছে, তাত হলেও আপোনালোকে “শ্বীৰ্ক” আৰু “বিদআত” কাক বোলে , সেই বিষয়ে সাধাৰণ মানুহক বুজাই দিয়ক , সজাগতাৰ সৃষ্টি কৰক !! এইয়া আপোনালোকৰ নৈতিক দায়িত্ব । অতি স্বাভাৱিক ভাবেই এনে অনুৰোধৰ প্ৰতি সহাৰি জনাই কয় -” ইন শ্বা আল্লাহ “। বাস্তৱত কিন্তু সকলো ফুটুকাৰ ফেন ! এজনেও আজিলৈকে আমাৰ এই অনুৰোধ ৰক্ষা কৰা দেখিবলৈ নাপালোঁ !!

সেয়েহে এই ফেচবুকৰ প্ৰচাৰ মাধ্যমেৰে অসমৰ সকলো আলীম উলেমাক সন্মান সহকাৰে আহ্বান জনাওঁ যে – এই দুই মূখ্য অপৰাধৰ বিষয়ে সাধাৰণ ৰাইজক চহীহ ত্বথ্যৰ আধাৰত সজাগতা সৃষ্টি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক । সাধাৰণ ৰাইজৰ প্ৰতিও আমাৰ অনুৰোধ , আমাক দিয়া প্ৰতিটো বাখ্যাৰ গ্ৰহণযোগ্য ত্বথ্যৰ দলীল বিচাৰক ! এইয়া আল্লাহৰ আদেশ , নজনা মানুহক জনা মানুহৰ পৰা দলীলৰ সহায়ত শিক্ষা গ্ৰহণ কৰিবলৈ কৈছে । ত্বথ্যবিহীন কাৰো মুখৰ কথাত দিয়া শিক্ষা ইছলাম নহয় ! গতিকে নিজে সজাগ হোৱাটো আমাৰ দায়িত্ব , দলীল দি শিক্ষা দিয়াটো আলীমৰ দায়িত্ব ।

আমি সদায়েই কোৱাৰ দৰে আজিও কওঁ, সৰ্ব্বোত্তম ইবাদত চালাতত থিয় হৈ জাইনামাজ পাকৰ দো’আ , চালাতৰ শাব্দিক নিয়ত, ফৰজ চালাতৰ পাছত ইমামৰ সৈতে কৰা সন্মিলিত মোনাজাত ইত্যাদি বিষয়বোৰ নবী চল্লাল্লাহু আলাইহি অছাল্লাম বা চাহাবা সকলে কৰা আমল বুলি কোন হাদীছত উপলব্ধ , সেই দলীল বোৰ ৰাইজৰ আগত দাঙি ধৰক ! নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ আদেশ অবিহনে কোনো আমলেই আমি দ্বীন ইছলামত কৰিব নোৱাৰো । কিয়নো হুজুৰ চল্লাল্লাহু আলাইহি অছাল্লামে কৈ গৈছে – ” মান আ-মিলা আমালাহ্, লা-ইছা আলাইহি আমৰুণা ফাহুৱা ৰাদ্দূন “! অৰ্থাৎ কোনোৱে যদি কোনো আমল কৰে , যি আমল কৰাৰ নিৰ্দেশ নবী চল্লাল্লাহু আলাইহি অছাল্লামে দিয়া নাই , সেই আমল প্ৰত্যাখিত । গতিকে যদি এই আমল বোৰৰ কোনো দলীল নাই , তেন্তে আমি কিহৰ ভিত্তিত এনে আমল কৰি আহিছো , তাৰ দলীল ভিত্তিক উত্তৰ আপোনালোকে দাঙি ধৰাৰ প্ৰয়োজন আছে ! এইয়া জানো দ্বীনত নবসংযোজন নহয় ?? ” ৱ কুল্লু মুহদাচিতিন বিদআহ” বুলি কৈ প্ৰত্যেকটো নৱ সংযোজনক জানো বিদআত আখ্যা দিয়া নাই ?? এনে বহুতো জলন্ত প্ৰশ্নৰ দলীল ভিত্তিক উত্তৰ দিয়াটো আপোনালোক আল্লাহ আৰু সাধাৰণ মানুহ উভয়ৰে ওচৰত দায়বদ্ধ ।

আমাৰ দৰে সাধাৰণ মানুহে নিজ অধ্যয়ন আৰু কোৰআন হাদীছৰ দলীল ভিত্তিক ইবাদত কৰা উলেমাৰ পৰা যি সামান্য শিক্ষা আলহামদুলিল্লাহ পাইছো, তাৰ ওপৰত আমল কৰাৰ চেষ্টা কৰিছো আৰু প্ৰতিটো বিষয় মানুহৰ মাজত বিলাই দিয়াৰ প্ৰয়াস কৰিছো ।

আমি সদায় বুজিবলৈ চেষ্টা কৰা উচিত যে – শ্বীৰ্কৰ দ্বাৰা আল্লাহৰ একত্ববাদক (তাওহীদ) প্ৰত্যক্ষ ভাবে প্ৰত্যাখান কৰা আৰু বিদআতৰ দ্বাৰা আল্লাহৰ ৰাছূলত্বক প্ৰত্যক্ষ ও পৰোক্ষ দোয়োটা দিশৰ পৰাই প্ৰত্যাখান কৰা !!

গতিকে সন্মানীয় দ্বীনি ভাইসকল ! এই দোয়োটা দিশত সৰ্ব্বোচ্চ গুৰুত্ব আৰোপ কৰক, দোয়োটা বিষয় কাক বোলে , সেই বিষয়ে প্ৰথমতে বুজিবলৈ চেষ্টা কৰক । কাৰো মুখৰ কথাত পতিয়ন নগৈ তন্ন তন্নকৈ প্ৰতিটো আমলৰ দলীল বিচাৰক , অন্যথা বিপদ অনিবাৰ্য্য !!

আল্লাহে আমাক সকলোকে চহীহ আমলৰ সন্ধান কৰাৰ তৌফিক দান কৰক ! প্ৰদূষিত আমল বৰ্জন কৰাৰ সাহস দিয়ক ।

☞☞ আমীন ✓✓ আমীন ✓✓ আমীন ☜☜

✍✍..Muktabul Hussain 

Leave a comment