প্ৰতিজন মুছলিমৰ ওপৰত তাবলীগ ফৰজ

প্ৰতিজন মুছলিমৰ ওপৰত তাবলীগ ফৰজ।

তাবলীগ মানে অইনৰ ওচৰত কিবা পৌঁছাই দিয়া।

এতিয়া কি পৌঁছাব লাগিব? আল্লাহ তা‘আলাই কৈ দিছে,

“বাল্লিগ মা উনজিলা ইলাইকা” ‘তোমাৰ ওচৰত যিবোৰ বিধি-বিধান নাযিল (অৱতীৰ্ণ) কৰা হৈছে সেইবোৰ (মানুহৰ ওচৰত) পৌঁছাই দিয়া আৰু প্রচাৰ কৰা।’(৫:৬৭)।

তেতিয়াহ’লে আল্লাহ তা‘আলাই কি নাজিল কৰিছে? কুৰআন আৰু নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ হাদীছ।

তাত অইনৰ কথা নচলিব। কুৰআনত ছিলেবাছ দি দিছে মানে সেই ছিলেবাছ ফৰজ হৈ গ’ল। আন কাৰোঁ তাবলীগ নচলিব একমাত্ৰ কুৰআন আৰু ছহীহ হাদীছৰ তাবলীগ চলিব, মুহাম্মদী (চাল্লাল্লাহু আলাইহি ৱাছাল্লাম) তৰীকাৰ তাবলীগ চলিব আন কাৰোঁ পদ্ধতিত তাবলীগ নচলিব।

এতিয়া, কুৰআন আৰু ছহীহ হাদীছ জানিবৰ বাবে প্ৰয়োজন বিদ্যাৰ। সেই কাৰণে প্ৰথমেই বিদ্যা ফৰজ কৰা হৈছে। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,

‘ইলম (বিদ্যা বা দ্বীন) শিক্ষা কৰা প্রতিজন মুছলিমৰ ওপৰত ফৰজ (বাধ্যতামূলক)।’ (ইবন মাজাহ্‌: ২২৪)।

আকৌ কুৰআনত প্ৰথম আয়াত নাজিল হৈছে ‘ইক্কৰা’ অৰ্থাৎ পঢ়াৰ হুকুমেৰে। গতিকে নপঢ়িলে ক’ত ইলম হাছিল হব পাৰে?

আকৌ কি পঢ়িব লাগিব দ্বীন শিকিবলৈ- কুৰআন আৰু ছহীহ হাদীছ ।

Leave a comment