===================
চাহাবী আবু চাঈদ খুদৰী আৰু হজৰত আলী ৰাদ্বিয়াল্লাহু আনহুমাই কৈছে যে-
“ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, মোৰ বিদায়ৰ পিছত পূৰ্বৰ দেশসমূহৰ মাজৰ কোনো এখন দেশৰ পৰা মোৰ উম্মতৰ ভিতৰৰ পৰা এটা দল বাহিৰ হব। সেই দলৰ সদস্যসকল হব অশিক্ষিত আৰু মূৰ্খ। তেওঁলোকৰ সংস্পৰ্শলৈ কোনো শিক্ষিত লোক গ’লে তেওঁলোকো মূৰ্খৰ দৰে হৈ পৰিব। তেওঁলোকৰ বক্তৃতা হব বহুগুণৰ ফজিলতৰ। তেওঁলোকৰ দৰে বক্তৃতা বা বয়ান কাৰো নহব। তেওঁলোকৰ সকলো আমল হব খুবই নিখুত আৰু সুন্দৰ। তেওঁলোকৰ নামাজৰ তুলনাত তোমালোকৰ নামাজক তুচ্ছ বুলি ভাৱিবা, তেওঁলোকৰ ৰোজা দেখি তোমালোকে তোমালোকৰ ৰোজাক তুচ্ছ আৰু নগণ্য বুলি ভাৱিবা। তেওঁলোকৰ আমল দেখি তোমালোকৰ আমলক হেয় বুলি ভাৱিবা। তেওঁলোকে কুৰআন মাজিদ পঢ়িব কিন্তু কুৰআন তেওঁলোকৰ গলৰ তললৈ প্ৰৱেশ নকৰিব। তেওঁলোকে কৰআনৰ ওপৰত আমল বা কুৰআন প্রতিষ্ঠাৰ কোনো চেষ্টাও নকৰিব। তেওঁলোকৰ আমলে তোমালোকক যিমানেই আকৃষ্ট নকৰক কিয়, কেতিয়াও তেওঁলোকৰ দললৈ নাযাবা। কাৰণ প্রকৃতপক্ষে তেওঁলোকে ইছলামৰ পৰা খাৰিজ, দ্বীনৰ পৰা বহির্ভূত । তীৰ যেনেকৈ ধেনুৰ পৰা বাহিৰ হৈ যায়, তেওঁলোকেও পুনৰ কেতিয়াও ধেনুৰ ওচৰলৈ উভতি নাহে। তেনেকৈ এইসকল লোক দ্বীনৰ পৰা বাহিৰ হৈ যাব, পুনৰ কেতিয়াও দ্বীনৰ পথত, কুৰআন ছুন্নাহৰ পথত উভতি নাহিব”। (ফতহুল বাৰী ১২ তম খণ্ড ৩৫০ পৃষ্ঠা, মিৰকাত ৭ম খণ্ড ১০৭ পৃষ্ঠা)
আহঁক আমি বিশ্লেষণ কৰি চাওঁ:–
>>>প্রথমতে কোৱা হৈছে,
“পূর্বৰ দেশসমূহৰ মাজৰ কোনো এখন দেশৰ পৰা, মোৰ উম্মতৰ ভিতৰৰ পৰা এটা দল বাহিৰ হব”।
প্রচলিত এই ছয় উছুলী চিল্লাওৱালা সপোনত পোৱা তাবলিগৰ উৎপত্তি স্থান হ’ল পূৰ্বৰ দেশ ভাৰতবৰ্ষ। অর্থাৎ ১৩৪৫ হিজৰী চনত পূর্বৰ দেশ ভাৰতৰ মৌলবী ইলিয়াচ মেওয়াতী ‘তাবলিগ জামাত’ নামৰ এই ছয় উছুলী তাবলিগৰ প্রৱর্তক। বর্তমানেও ভাৰতৰ নিজামুদ্দিন বস্তিত তেওঁলোকৰ মূল মাৰ্কাজ বা ঘাটি আছে। গতিকে দিনৰ পোহৰৰ দৰে প্রমাণ হ’ল যে, প্রচলিত ছয় উছুলী চিল্লাওৱালা তাবলিগ জামাত নামৰ দলটো পূর্ব দেশৰ পৰাই বাহিৰ হৈছে ।
>>>দ্বিতীয়তে কোৱা হৈছে,
“এই দলৰ সদস্যসকল অশিক্ষিত আৰু মূর্খ হব। তেওঁলোকৰ মাজত কোনো শিক্ষিত লোক গ’লে তেৱোঁ মূর্খৰ দৰে হৈ পৰিব।”
চাওঁক, এই কথা সৰ্ব্বজন স্বীকৃত যে, এই প্রচলিত চিল্লাওৱালা তাবলিগীসকলৰ অধিকাংশ সদস্যই হৈছে মূর্খ। তেওঁলোকৰ প্রতিষ্ঠাতা ইলিয়াচ মেওয়াতীয়ে তেওঁৰ মলফুজাতত মূর্খ শ্রেণীৰ লোকৰ দ্বাৰা দল ভাৰী কৰাৰ কথা কৈ গৈছে। আৰু মজাৰ বিষয় তেওঁলোকৰ দলত কোনো শিক্ষিত লোক গ’লে তেৱোঁ লাহে লাহে মূৰ্খত পৰিণত হয়। তেওঁলোকে ফাজায়েলে আমল ব্যতীত অন্য কোনো কিতাপ চাব নিবিচাৰে, পঢ়িবও নিবিচাৰে। ছয় উছুলৰ বাহিৰে তেওঁলোকে আন একো আলোচনাও নকৰে। সেয়ে কোনো শিক্ষিত লোক তালৈ গ’লে পূৰ্ণ ইলিম চর্চাৰ অভাৱতে মূর্খত পৰিণত হয়। সকলোতকৈ মজাৰ বিষয় এই চিল্লাওৱালা তাবলিগীসকলে আলিমতকৈ মূর্খসকলক বেছি প্রাধান্য দি থাকে। যিটো তেওঁলোকৰ মুৰব্বীসকলৰ বক্তব্যৰ দ্বাৰা প্রমাণিত। দলিল হিচাবে উপস্থাপন কৰিব পাৰি, তাবলিগৰ বিশিষ্ট মুৰব্বী ইছমাঈল হুছেইন দেওবন্দীয়ে তেওঁৰ কিতাপত লিখিছে→
“বহু ক্ষেত্ৰত নবীসকল পর্যন্ত হিদায়াতত মহা সংকটতো বিপদত পৰিছিল, সেয়ে বহু ক্ষেত্ৰত ডাঙৰ ডাঙৰ আলিমসকলো ব্যৰ্থ হৈছে। কিন্তু মূর্খসকলে তাতে দ্বীন জয় কৰিছে।”
(তাবলিগ গোটেই উম্মতৰ গুৰু দায়িত্ব ১১৬ পৃষ্ঠা )
অলপ লক্ষ্য কৰিলেই দেখিবলৈ পাব তাবলিগৰ মৌলবীয়ে নিজেই স্বীকাৰ কৰিছে তাবলিগীসকলৰ অধিকাংশই মূর্খ। কাৰণ তেওঁৰ কিতাপত মূর্খসকলৰ দ্বাৰা তাবলিগীসকলক বুজাইছে। কেৱল সেয়ে নহয়, তাবলিগীসকলৰ কিতাপত তেওঁ আৰু লিখিছে→
“মূর্খ লোকে আমীৰ হোৱাৰ কাৰণে তিনি চিল্লাই যথেষ্ট আৰু আলিমসকলৰ কাৰণে প্রয়োজন সাত চিল্লা”।
(তেৰ দফা ৭ পৃষ্ঠা )
“দ্বীন প্রচাৰ কেৱল আলিমসকলৰ মাজতেই সীমাবদ্ধ থাকিলে দ্বীন ধ্বংস হ’লহেঁতেন বা হৈ যাব। অর্থাৎ জাহিল লোকে তাবলিগ কৰাৰ কাৰণে দ্বীন জিন্দা আছিল আৰু ভৱিষ্যতেও জিন্দা থাকিব”। (তাবলিগ জামাতৰ সমালোচনা আৰু তাৰ সদুত্তৰ ৯৫ পৃষ্ঠা,
মূল : শা : আ: জাকাৰিয়া। অনুবাদ- মুহিববুৰ ৰহমান আহমদ )
এতিয়া আপোনালোকেই বিচাৰ কৰক হাদীছত বৰ্ণিত দ্বিতীয় লক্ষণ মিলি গ’ল নে নাই?
>>>তৃতীয়তে কোৱা হৈছে,
“তেওঁলোকৰ বক্তৃতা হব বহুগুণৰ ফজিলতৰ। তেওঁলোকৰ দৰে বক্তৃতা বা বয়ান কাৰো নহব।”
এই কথা গোটেই দুনিয়াবাসীয়ে জানে যে, প্রচলিত এই চিল্লাওৱালা তাবলিগীসকলে তেওঁলোকৰ বয়ানত কেবল ফজিলতৰ কথাই কৈ থাকে।
তেওঁলোকৰ প্রতিজন সদস্যই এইটোৱেই কয়-
“দ্বীনৰ ৰাষ্টাত সময় লগাওঁক, বহুত ফায়দা হব, তিনি চিল্লা যাওঁক বহুত ফায়দা হব, গাস্ত কৰক বহুত ফায়দা হব!!!””
তাবলিগী ফায়দা,
“এই বহুত ফায়দা হব” এইটো তাবলিগীসকলৰ এটা কমন ডায়লগ। সেইটোৱেই কিন্তু হাদীছত কোৱা হৈছে- তেওঁলোকৰ বক্তৃতা হব বহুগুণৰ ফজিলতৰ বা ফায়দাৰ”। যেনে- কেনেকুৱা ফজিলতৰ কথা তেওঁলোকে কয় এটা উদাহৰণ দিলেই বুজিব। তেওঁলোকে সাধাৰণ মানুহক মছজিদলৈ মাতি আনি বুজায়- “গাস্ত কাৰীসকলে যিটো ৰাষ্টাৰে খোজকাঢ়ি যায় সেই ৰাষ্টাত যি ঘাঁহ হয়, সেই ঘাঁহ যি গৰুৱে খায়, সেই গৰুৰ গাখীৰ বা গোস্ত যিসকলে খাব তেওঁলোকেও বেহেস্তলৈ যাব, ইয়াতো ফায়দা হব”।
তেওঁলোকৰ বক্তব্যত আৰু শুনা গৈছে- “কিছুসময় গাস্তত বাহিৰ হোৱাটো শ্ববে বৰাত (শ্ববে বৰাত বিদাত) আৰু শ্ববে কদৰৰ ৰাতি হাজৰে আচওৱাদক সন্মুখত লৈ থিয় হৈ থকাতকৈও উত্তম”।
এতিয়া চিন্তা কৰি চাওঁক, হাদীছত বৰ্ণিত লক্ষণ এওঁলোকৰ মাজত পোৱা যায় নে নাই। আপুনি হয়তো ভাৱিছে এইবোৰ আমাৰ ব্যক্তিগত সৃষ্টি ? নহয়, বৰং এইবোৰ কথাৰ সত্যতা তেওঁলোকৰ মুৰব্বীসকলৰ কিতাপতেই পোৱা যায়।
তাবলিগ জামাতৰ প্রতিষ্ঠাতা ইলিয়াচ মেওৱাতিয়ে তেওঁৰ মালফুযাতত লিখিছে-
“ফাজায়েলৰ মর্যাদা মাছায়েলতকৈ বেছি।”
(মলফুযাত ১২৮ পৃষ্ঠা ২০১ নং মালফুজ, তাবলিগ গোটেই উম্মতৰ গুৰু দায়িত্ব ১০১ পৃষ্ঠা)
তেওঁলোকৰ অন্যতম মুৰব্বী মাওলানা নোমান আহমদে লিখিছে-
“প্ৰতি বছৰত প্রতি মাহে তিনি দিন কৰি লগালে পুৰা বছৰ আল্লাহৰ ৰাষ্টাত কটোৱা হৈছে বুলি গণ্য হব। কাৰণ প্রতিটো নেক কামত দহগুণ চাওৱাব হিচাবে তিনিদিনত ত্রিশ দিনৰ চাওৱাব পোৱা যাব।” (হযৰতজীৰ কেইটামান স্মৰণীয় বয়ান ১৩ পৃষ্ঠা)
তেওঁলোকে ফায়দাৰ কথা কবলৈ গৈ আৰু কয়-
“প্রচলিত তাবলিগ হৈছে নূহ আলাইহিচ্ছালামৰ নাৱঁৰ দৰে। যিজনে তাত উঠিলে তেওঁ নাজাত পাই গ’ল”।
(তাবলীগ কা মুকিম কাম ৩৯ পৃষ্ঠা)
গতিকে উপৰোক্ত বিষয়সমূহৰ পৰা এইটোও প্রমাণ হ’ল, তেওঁলোকে ফজিলতৰ কথা বেছিকৈ কয়। কেৱল সেয়ে নহয়, তেওঁলোকে ফজিলতক লৈ এখনৰ পিছত আন এখন কিতাপ লিখি গৈছে, যেনে- ফাজায়েলে আমল, ফাজায়েলে ছদাকা, ফাজায়েলে তাবলিগ ইত্যাদি আৰু বহুতো।
গতিকে হাদীছত বৰ্ণিত তৃতীয় লক্ষণো এওঁলোকৰ মাজত পূৰ্ণমাত্রায় বিৰাজমান এইটো প্রমাণ হ’ল।
>>>চতুর্থতে যিটো কোৱা হৈছে-
“তেওঁলোকৰ সকলো আমল হব খুবই নিখুঁত আৰু সুন্দৰ। তেওঁলোকৰ নামাজৰ তুলনাত তোমালোকৰ নামাজক তুচ্ছ বুলি ভাৱিবা, তেওঁলোকৰ ৰোজা দেখি তোমালোকে তোমালোকৰ ৰোজাক তুচ্ছ আৰু নগণ্য বুলি ভাৱিবা। তেওঁলোকৰ আমল দেখি তোমালোকৰ আমলক হেয় বুলি ভাৱিবা”।
ইয়াৰ উত্তৰত কব পাৰি, আপোনালোকে ভালদৰে তেওঁলোকৰ আমলবিলাক লক্ষ্য কৰিলে দেখিব আনক দেখুৱাৰ কাৰণে এনেভাৱে নামাজ পঢ়িছে যে, ছিজদাত গ’লে যেন উঠিবই নোখোজে, ৰুকুত গ’লেও উঠিবই নোখোজে….. সাধাৰণ মানুহে তেতিয়া ভাৱে, আহ! কিমান সুন্দৰভাৱে নামাজ পঢ়িছে। তেওঁলোকে লোকক দেখুৱাবলৈ আৰু দলত ভৰ্তি কৰাবৰ কাৰণে এনেকুৱা বিনয় প্রদর্শন কৰে, মানুহে নাজানি কয় তেওঁলোক কিমান ভাল, যদি দলিল দি তেওঁলোকৰ বিভ্রান্তিমূলক আকিদা দেখুৱাই দিয়াৰ চেষ্টা কৰা হয় তেওঁলোকৰ মুখত যিবোৰ বিনয় বাহিৰ হয় সি আমাৰ এলেকাৰ সকলোতকৈ সৰু ল’ৰাটোকো হাৰ মনায়। এই কথাটোৱেই হাদীছত কোৱা হৈছে-
“তেওঁলোকৰ সকলো আমল হব খুবেই নিখুঁত আৰু সুন্দৰ। তেওঁলোকৰৰ নামাজৰ তুলনাত তোমালোকৰ নামাজক তুচ্ছ বুলি ভাৱিবা, তেওঁলোকৰ ৰোজা দেখি তোমালোকে তোমালোকৰ ৰোজাক তুচ্ছ আৰু নগণ্য বুলি ভাৱিবা। তেওঁলোকৰ আমল দেখি তোমালোকৰ আমলক হেয় বুলি ভাৱিবা”।
গতিকে হাদীছৰ পৰা খাৰিজীসকলৰ চতুর্থ লক্ষণ তাবলিগীসকলৰ মাজত বিদ্যমান প্রমাণ হ’ল।
>>>পঞ্চমতে কোৱা হৈছে,
“তেওঁলোকে কুৰআনৰ ওপৰত আমল বা কুৰআন প্রতিষ্ঠাৰ কোনো চেষ্টাও নকৰিব”।
ইয়াৰ প্রমাণো তেওঁলোকৰ মাজত বিদ্যমান। তেওঁলোকে কুৰআনৰ কোনো হুকুম প্রতিষ্ঠাৰ কাৰণে কোনো ধৰণৰ চেষ্টাই নকৰে। তেওঁলোকৰ এটাই কাম সেইটো হৈছে, টালি-টোপোলা লৈ মছজিদে মছজিদে ঘূৰি ফুৰা আৰু মছজিদৰ মুছল্লিসকলক দাওৱাত দিয়া। অথচ অসংখ্য বে-নামাজি আছে, সুদখোৰ আছে, দূর্ণীতিবাজ আছে এওঁলোকক বুজাবলৈ নাযায়। তেওঁলোকে নিজেই হাৰাম নাজায়িজ কামত মচগুল। কেৱল সেয়ে নহয়, দুনিয়াত খিলাফত কায়েম হওঁক এই বিষয়ে তেওঁলোকে কোনো প্রচেষ্টা নকৰে। বৰং দুনিয়াত তেওঁলোকেই খিলফতৰ আৰু জিহাদৰ বিষয়ত মানুহক সকলোতকৈ বেছি নিৰুৎসাহিত কৰে।
তেওঁলোকৰ কিতাপত বৰ্ণিত আছে,
“প্রচলিত তাবলিগ জামাতত জিহাদ পূৰ্ণমাত্রায় বিদ্যমান বা ছয় উছুলী তাবলিগ হৈছে জিহাদে আকবৰ!”
(তাবলিগত দাওৱাত কি আৰু কিয় ৭৫ পৃষ্ঠা
তাবলিগ গোটেই উম্মতৰ গুৰু দায়িত্ব ১০৯ পৃষ্ঠা ।
তাবলিগ জামাতৰ সমালোচনা আৰু তাৰ জবাব ৮৮ পৃষ্ঠা)।
অর্থাৎ এই মছজিদে মছজিদে পিকনিক কৰাকে তেওঁলোকে জিহাদে আকবৰ বুলি কয়। এনেকৈয়ে ইছলাম কায়েমৰ দিশৰ পৰা কৌশলগতভাৱে তেওঁলোকে মানুহক আঁতৰাই ৰাখিছে। তাৰোপৰি তেওঁলোকৰ নিচাবৰ বাহিৰে তেওঁলোকে কুৰআন, হাদীছৰ কোনো আলোচনাই নকৰে। গতিকে হাদীছত বৰ্ণিত- “তেওঁলোকে কুৰআনৰ ওপৰত আমল বা কুৰআন প্রতিষ্ঠাৰ কোনো চেষ্টাও নকৰে” এই লক্ষণো তাবলিগ জামাতৰ মাজত বিদ্যমান সেইটো প্রমাণ হ’ল।
>>>পৰিশেষত হাদীছত কোৱা হৈছে,
“তেওঁলোকৰ আমলে তোমালোকক যিমানেই আকৃষ্ট নকৰক কিয়, কেতিয়াও তেওঁলোকৰ দলত নাযাবা। কাৰণ প্রকৃতপক্ষে তেওঁলোক ইছলামৰ পৰা খাৰিজ, দ্বীনৰ পৰা বহির্ভূত । তীৰ যেনেকৈ ধেনুৰ পৰা বাহিৰ হৈ যায়, সি আৰু কেতিয়াও ধেনুৰ ওচৰলৈ উভতি নাহে। তেনেকৈ তেওঁলোকেও দ্বীনৰ পৰা বাহিৰ হৈ যাব, আৰু কেতিয়াও দ্বীনৰ পথত, কুৰআন ছুন্নাহৰ পথলৈ উভতি নাহে”।
অর্থাৎ তেওঁলোকে দ্বীন ইছলামৰ পৰা খাৰিজ হৈ গৈছে, পথভ্রষ্ট হৈ গৈছে। তেওঁলোকৰ দলত যোগদান নকৰিবলৈ বা তেওঁলোকৰ কথাত সহাঁৰি নিদিবলৈ হাদীছত কঠোৰভাৱে কোৱা হৈছে ।
উপৰোক্ত হাদীছত বৰ্ণিত খাৰিজীসকলৰ যাৱতীয় লক্ষণ চিল্লাওৱালা তাবলিগীসকলৰ মাজত বিৰাজমান বুলি স্পষ্টভাৱে প্রমাণিতত হ’ল।