প্রসূতি মহিলাই কিমান দিন নাপাক হৈ থাকে? এই সময়ত তেওঁ স্বামীৰ সৈতে একেখন বিছনাত শুব পাৰিবনে?

প্রসূতি মহিলাই কিমান দিন নাপাক হৈ থাকে? এই সময়ত তেওঁ স্বামীৰ সৈতে একেখন বিছনাত শুব পাৰিবনে?

 

#প্রশ্ন:- সন্তান ভূমিষ্ঠ হোৱাৰ পিছত এগৰাকী প্রসূতি নাৰী কিমান দিনলৈকে নাপাক হৈ থাকে? এই সময়ত তেওঁ যদি স্বামীৰ সৈতে একেলগে একেখন বিছনাত শোৱে তেনেহ’লে তেওঁৰ স্বামীও নাপাক হৈ যাব নেকি?

#উত্তৰ:-
❖ ১। সন্তান জন্ম হোৱাৰ পিছত প্রসূতি মহিলাসকলৰ নিফাছৰ মিয়াদ সর্বোচ্চ ৪০ দিন। এই সময়ত এগৰাকী মহিলা নাপাক অৱস্থাযত থাকে। উম্মে ছালামা ৰাদ্বিয়াল্লাহু আনহাৰ দ্বাৰা বর্ণিত হাদিছত আহিছে-

كانتِ النُّفساءُ على عهدِ رسولِ اللَّهِ صلَّى اللَّهُ عليهِ وسلَّمَ تقعدُ بعدَ نفاسِها أربعينَ يومًا أو أربعينَ ليلةً

“নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত নিফাছ অৱস্থাত তথা প্রসূতি মহিলাসকলে চল্লিশ দিন বিৰতি লৈছিল”। (ছহিহ আবু দাউদ, হা/৩১১-আলবানি)

❖ ২। এই নাপাক অৱস্থাত তেওঁৰ কাৰণে, চালাত, ছিয়াম, কাবা ঘৰৰ তওৱাফ, স্বামী সহবাস ইত্যাদি বৈধ নহয়।

❖ ৩। এই অৱস্থাত স্বামী সহবাসৰ বাহিৰে স্বামী-স্ত্রীয়ে একেলগে শোৱা, পৰস্পৰে স্পর্শ কৰা, মৰম-চেনেহ ও আনন্দ-বিনোদন কৰা সকলো বৈধ। এইবোৰত স্বামী নাপাক নহয়। এই সময়ত মহিলা গৰাকীৰ বাবে সাংসাৰিক সকলো কামেই কৰা বৈধ। প্রসূতি মহিলাই ৰন্ধা-বঢ়া বা ঘৰুৱা কোনো কাম কৰিব নোৱাৰে বুলি যি প্ৰথা আমাৰ সমাজত চালু আছে এইটো এটা কুসংস্কাৰ। ইছলামত কুসংস্কাৰৰ স্থান নাই।

❖ ৪। এই সময়ত ঘাটি হোৱা নামাজৰ কাজা কৰাৰ প্রয়োজন নাই, কিন্তু ফৰজ ৰোজাসমূহ পৰৱর্তী সময়ত স্বাভাৱিক অৱস্থাত কাজা আদায় কৰি লব লাগিব।

এইটো পঢ়ক :  মাতা – পিতাৰ মাজত সন্তানৰ ওচৰত অধিক সেৱা পোৱাৰ হকদাৰ কোন?

 

হাদিছত আহিছে-

كانت المرأةُ من نساءِ النبيِّ تَقعُدُ في النِّفاسِ أربعين ليلةً لا يَأمُرُها النبيُّ بقضاءِ صلاةِ النِّفاسِ

“নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ স্ত্রীসকলৰ কাৰোবাৰ নিফাছ হ’লে চল্লিশ দিন বিৰতি লৈছিল। তেখেতে তেওঁক নিফাছ অৱস্থাৰ চালাত কাজা কৰাৰ নির্দেশ দিয়া নাছিল”। (ইৰওৱাউল গালিল, হা/২০১- হাছান)

❖ ৫। ৪০ দিনৰ আগতে যেতিয়াই তেজ ওলোৱা বন্ধ হৈ যায় তেতিয়াই গোছল কৰি পবিত্রতা অর্জন কৰিব লাগিব আৰু যথাৰীতি নামাজ, ৰোজা ইত্যাদি আৰম্ভ কৰিব লাগিব।

❖ ৬। ৪০ দিন অতিবাহিত হোৱাৰ পিছতো যদি স্রাৱ অব্যাহত থাকে তেনেহ’লে সেইটো ৰোগ হিচাপে গণ্য হ’ব। এই সময়ত তেওঁ নিম্নাংশত এখন কাপোৰ বান্ধি বা আণ্ডাৰ ওৱেৰ পৰিধান কৰি লব- যাতে ৰক্তস্রাৱ ভৰিৰে তললৈ বৈ নাযায় আৰু প্রত্যেক ওৱাক্তত নতনকৈ অজু কৰি লৈ চালাত আদায় কৰিব। এক ওৱাক্তৰ অজুৰ দ্বাৰা একাধিক ওৱাক্তৰ চালাত আদায় নকৰিব।
আল্লাহু আলাম।

 

✍️অসমীয়া অনুবাদ
Jubair Rahman

 

এইটো ও পঢ়িব : https://islamqa.info/en/categories/very-important/2/answers/10267/when-did-islam-begin-and-who-started-the-muslim-tradition

উত্তৰ প্রদানত:
আব্দুল্লাহিল হাদী বিন আব্দুল জলীল
দাঈ, জুবাইল দাওৱাহ চেন্টাৰ, ছৌদি আৰব

Leave a comment