প্রশ্ন: ৰোজা ৰখা অৱস্থাত ব্রাছ ও টুথপেষ্টৰ দ্বাৰা দাঁত ব্ৰাছ কৰা জায়েয নে? মই জনামতে যদি টুথপেষ্ট পেটলৈ নাযায় (গিলি নেপেলাই) তেনেহ’লে জায়েয। আশা কৰোঁ এই বিষয়ে আপোনাৰ মতামত দিব।

প্রশ্ন: ৰোজা ৰখা অৱস্থাত ব্রাছ ও টুথপেষ্টৰ দ্বাৰা দাঁত ব্ৰাছ কৰা জায়েয নে? মই জনামতে যদি টুথপেষ্ট পেটলৈ নাযায় (গিলি নেপেলাই) তেনেহ’লে জায়েয। আশা কৰোঁ এই বিষয়ে আপোনাৰ মতামত দিব।  উত্তৰ : সকলো প্রশংসা আল্লাহৰ কাৰণে। টুথপেষ্ট ব্যৱহাৰ কৰাৰ বিষয়ে মাননীয় শ্বাইখ বিন বায (ৰহঃ)-ক প্ৰশ্ন কৰাত তেখেতে ক’লে: “যদি কোনো কিছু গিলি পেলোৱা নহয় ইয়াতে কোনো অসুবিধা নাই; যেনেকৈ মিছওৱাক ব্যৱহাৰ কৰা শ্বৰীয়তসন্মত।”[ফাতওৱাছ শ্বাইখ বিন বায (৪/২৪৭)] শ্বাইখ মুহাম্মদ ছালেহ উছাইমীনে কৈছে: এই মাছ‘আলাৰ শাখা মাছ‘আলা হৈছে- ৰোজাদাৰৰ কাৰণে ব্রাছ ও টুথপেষ্ট ব্যৱহাৰ কৰা জায়েয হ’বনে নে নহয়? জবাব: জায়েয হ’ব। কিন্তু উত্তম হৈছে- টুথপেষ্ট ব্যৱহাৰ নকৰা। কাৰণ টুথপেষ্টৰ মাজত গলৰ ভিতৰত ও তলৰ ফালে গুচি যোৱাৰ শক্তি প্রবল। সেয়ে দিনৰ পৰিবর্তে ৰাতি টুথপেষ্ট ব্যৱহাৰ কৰা উচিত। [শ্বাইখ উছাইমীনৰ “আল-শ্বাৰহুল মুমতি” (৬/৪০৭, ৪০৮)]

Leave a comment