#উত্তৰ : ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ অছীলাত প্রার্থনা কৰা বা কোনো বিপদত তেওঁৰ ওচৰত সাহায্য কামনা কৰা ডাঙৰ শ্বিৰ্কৰ অন্তর্ভুক্ত।
আল্লাহে কৈছে, ‘(হে নবী!) কোৱা, ‘নিশ্চয় মই তোমালোকৰ কোনো ক্ষতি আৰু কল্যাণৰ মালিক নহয়’। (জ্বিন ৭২/২১)।
ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে নিজ কন্যা ফাতিমা (ৰাঃ)-ক উদ্দেশ্য কৰি ক’লে, হে ফাতিমা বিনতে মুহাম্মাদ! তুমি নিজকে জাহান্নামৰ জুইৰ পৰা বচোঁৱা। মই ক্কিয়ামতৰ দিনা আল্লাহৰ শাস্তিৰ পৰা তোমাক ৰক্ষা কৰাৰ কাৰণে একোৱেই কৰিব নোৱাৰিম’ (মুছলিম হা/২০৪; মিশকাত হা/৫৩৭৩)।
আল্লাহে কৈছে, (হে নবী!) কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ উপকাৰ-অপকাৰৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’। (আল-আৰাফ ৭/১৮৮)।
যিজন ৰাছুলৰ নিজৰ কোনো উপকাৰ কৰাৰ ক্ষমতা নাই, মৃত্যুৰ পিছত তেওঁৰ পক্ষে আনৰ উপকাৰ কৰা কেনেকৈ সম্ভৱ? তেনেহ’লে তো নিশ্চয় তেওঁ জোৱায়েক ‘আলী (ৰাঃ) আৰু নাতি হাছান ও হুছাইন (ৰাঃ)ক নিহত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিলেহেঁতেন।
উমাৰ ফাৰুক (ৰাঃ)য়ে কৈছে, হে আল্লাহ! আমি তোমাৰ নবীৰ অছীলাত বৃষ্টি প্রার্থনা কৰিছিলোঁ আৰু তুমি আমাক বৃষ্টি দান কৰিছিলা। এতিয়া (তেওঁৰ মৃত্যুৰ পিছত) নবীৰ চাচা (আব্বাছ ৰাঃ)-ৰ অছীলাত বৃষ্টি প্রার্থনা কৰিছোঁ। এতেকে তুমি আমাক বৃষ্টি দান কৰা! ইয়াৰ পিছত বৃষ্টি আহিছিল। (বুখাৰী হা/১০১০; মিশকাত হা/১৫০৯)
ইয়াৰ দ্বাৰা স্পষ্টকৈ বুজা গ’ল যে, জীৱিত মানুহৰ অছীলা ধৰিব পৰা যায়। কিন্তু মৃত মানুহৰ নহয়। লাগিলে তেওঁ নবী-ৰাছুল বা যিকোনোৱেই নহওঁক কিয়। সেই কাৰণেই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আব্দুল্লাহ্ ইবনু আব্বাছ (ৰাঃ)ক উদ্দেশ্য কৰি ক’লে, ‘তুমি কিবা বিচাৰিলে আল্লাহৰ ওচৰতেই বিচৰা, সাহায্য প্রার্থনা কৰিলে আল্লাহৰ ওচৰতেই প্রার্থনা কৰা’ (আহমাদ, তিৰমিযী, মিশকাত হা/৫৩০২)।
কিছুমানে যঈফ আৰু জাল হাদীছৰ দ্বাৰা ছূফীসকলৰ অছীলা সাব্যস্ত কৰাৰ চেষ্টা কৰি থাকে মাত্র।
(দ্রঃ আলবানী, আত-তাওৱাচ্ছুল পৃঃ ১০১-০৩)।