প্রশ্ন (২২/২২) : জনৈক আলিমে কৈছে, সকলো হাদীছেই তো ৰাছূলৰ। সেইটো আকৌ ছহীহ বা যঈফ হয় কেনেকৈ?

প্রশ্ন (২২/২২) : জনৈক আলিমে কৈছে, সকলো হাদীছেই তো ৰাছূলৰ। সেইটো আকৌ ছহীহ বা যঈফ হয় কেনেকৈ?

উত্তৰ : এনেকুৱা কথা কোৱা অজ্ঞতাৰ পৰিচায়ক। কাৰণ যিসকলে হাদীছ সংকলন কৰি গৈছে তেওঁলোকেই ছহীহ, যঈফ বা জাল ইত্যাদি উল্লেখ কৰিছে আৰু ইয়াৰ কাৰণ চিহৃিত কৰিছে। আনহাতে এই বিষয়ে শত শত গ্রন্থও ৰচিত হৈছে। তাৰোপৰি একশ্রেণীৰ মানুহে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত যে নতুন হাদীছ তৈয়াৰ কৰিব তেৱেঁই তাৰ ইঙ্গিত দি গৈছে। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যি ব্যক্তিয়ে মোৰ ওপৰত ইচ্ছাকৃতভাৱে মিথ্যাৰোপ কৰিলে, সি তাৰ স্থান জাহান্নামত তৈয়াৰ কৰি ললে (বুখাৰী মিশকাত, হা/১৯৮)।

প্রশ্ন (৩২/৩২) : বহুতে ব্যৱসায়ৰ স্বার্থত বিভিন্ন আলিমৰ জাল আৰু যঈফ হাদীছ ভিত্তিক বক্তব্য ও কিতাপ-পত্ৰ বিক্রী কৰি থাকে। এই ব্যৱসায়ৰ ৰূযী হালাল হব নে?

উত্তৰ : শ্বৰী‘আতত যাক হাৰাম কৰিছে, তাৰ দ্বাৰা ব্যৱসায় কৰাও হাৰাম (আবুদাঊদ হা/৩৪৮৮)। জানি বুজি জাল ও যঈফ হাদীছ ভিত্তিক বক্তব্য প্রচাৰ কৰা আৰু এইবোৰ বিক্রী কৰা অবৈধ। ‘ইয়াৰ দ্বাৰা যিমান লোক অজ্ঞতা বশতঃ পথভ্রষ্ট হব, সিমান লোকৰ পাপৰ বোজা সেই ব্যক্তিয়ে বহন কৰিব লাগিব’ (নাহল ২৫)।

ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, যি ব্যক্তিয়ে ইছলামত কোনো বেয়া ৰীতি প্ৰচলন কৰিলে, তাৰ ওপৰত উক্ত পাপৰ বোজা দিয়া হব আৰু যিসকলে তাৰ ওপৰত আমল কৰিব, সিহঁত সকলোৰে পাপৰ বোজা সেই ব্যক্তিয়ে বহন কৰিব লাগিব। যদিও সিহঁতৰ কাৰো পাপ হ্ৰাস কৰা নহব। (মুছলিম, মিশকাত হা/২১০)।

গতিকে ইয়াৰ কাৰণে লেখক, প্রকাশক, প্রচাৰক, বিক্রেতা ও আমলকাৰী সকলোৱে দায়ী হব।

Leave a comment