প্রশ্ন (১৩৭৭): শিক্ষক শ্রেণীকক্ষত প্রৱেশ কৰিলে শিক্ষার্থীসকলৰ বাবে থিয়হৈ ছালাম দিয়া চৰীয়ত সম্মত হবনে?

প্রশ্ন (১৩৭৭): শিক্ষক শ্রেণীকক্ষত প্রৱেশ কৰিলে শিক্ষার্থীসকলৰ  বাবে  থিয়হৈ ছালাম দিয়া  চৰীয়ত  সম্মত হবনে?
——————–
উত্তৰ : এইভাৱে ছালাম দিয়া চৰীয়ত সম্মত নহয়।
বৰং শিক্ষক শ্রেণী কক্ষত প্রৱেশ কৰি শিক্ষার্থী সকলৰ  উদ্দেশ্যে ছালাম দিব।
(বুখাৰী হা/৬২৩১; মিচকাত হা/৪৬৩৩)
আৰু সিহঁতে  উত্তৰ দিব।

ৰাছুলুল্লাহ (ছাঃ) এৰশাদ কৰে,
‘যদি কোনোবাই  ইয়াত  আনন্দবোধ কৰে যে, লোকসকলে  তেওঁক দেখি স্থিৰ ভাৱে থিয়হৈ থাকক, তেনেহ’লে তেওঁ জাহান্নামত তেওঁৰ  ঠিকনা বনাই ললে।
(তিৰমিযী হা/২৭৫৫; মিচকাত হা/৪৬৯৯)

অন্য বর্ণনাত আহিছে ,
‘ছাহাবী সকলৰ ওচৰত  ৰাছুলুল্লাহ (ছাঃ)- তকৈ  অধিক প্রিয় ব্যক্তি আৰু কোনো  নাছিল ।
কিন্তু তথাপিও  তেওঁলোকৰ  অৱস্থা এনে আছিল যে, যেতিয়া ৰাছুলুল্লাহ (ছাঃ)-ক আগমন কৰা দেখিছিল , তেতিয়া কোনেও  তেওঁৰ  সম্মানার্থে থিয় হোৱা  নাছিল ।
কিয়নো  তেওঁলোকে  জানিছিল  যে, ৰাছুল (ছাঃ) এইটো পছন্দ নকৰে ’।
(তিৰমিযী হা/২৭৫৪; ছহীহাহ হা/৩৫৮; মিচকাত হা/৪৬৯৮)
————————————————–
দাৰুল ইফতা
হাদীছ ফাউন্ডেচন বাংলাদেশ
মাহেকীয়া আত-তাহৰীক প্রশ্নোওৰ

অনুবাদ :- ✍.. তাহেৰা বেগম 

Leave a comment