প্রশ্ন:- মৃত ব্যক্তিৰ নামত কুৰবানী কৰা জায়েজ নে?
===========================
উত্তৰ:- মৃত ব্যক্তিৰ নামত কুৰবানী দিয়াৰ বিধান নাই। কিন্তু মৃত ব্যক্তিক কুৰবানীৰ ছাওৱাবত শ্বৰীক কৰিব পাৰে। এটা গৰু বা ছাগলী কুৰবানী দিলে, আপোনাৰ পৰিবাৰৰ জীৱিত মৃত সকলোকে ছাওৱাবত শ্বৰীক কৰিব।

নিয়তৰ সময়ত কব, হে আল্লাহ! এই কুৰবানী মোৰ পক্ষৰ পৰা আৰু মোৰ পৰিবাৰৰ জীৱিত আৰু মৃত সকলোৰে তৰফৰ পৰা¸ তেনে কৰিলে পৰিয়ালৰ সকলোৱে ছাওৱাবত শ্বৰীক হৈ যাব।
পৃথকভাৱে মৃতৰ নামত কুৰবানী কৰা বিধেয় নহয়। এতিয়া যদি কোনোবাই কৰিব বিচাৰে¸ তেনেহ’লে ছদকা হব। তেতিয়া সম্পূৰ্ণ মাংস ছদকা কৰিব লাগিব। মিছকিনসকলক দিব লাগিব। নিজে খাব নোৱাৰিব। এইটো হব ছদকা।
——উত্তৰ দিছে শ্বাযইখ আব্দুল হামীদ ফাইযী মাদানী