প্রশ্ন : মৃত্যুৰ আগত বা পিছত দেহ দান কৰা বা অংঙ্গদান কৰা ইছলামত জায়েয আছে নেকি? এই বিষয়ে ইছলামি চৰিয়তে কি কয় ?

প্রশ্ন : মৃত্যুৰ আগত বা পিছত দেহ দান কৰা বা অংঙ্গদান কৰা ইছলামত জায়েয আছে নেকি? এই বিষয়ে ইছলামি চৰিয়তে কি কয় ? উত্তৰ: ইছলামৰ মতে , কোনো বস্তু দান কৰিবলৈ হলে তাৰ প্রকৃত মালিক হব লাগিব। মানুহক সৃষ্টি কৰিছে মহান সৃষ্টিকৰ্তা আল্লাহে। গতিকে তেৱেই মালিক। ডাক্তৰী পৰীক্ষা-নিৰীক্ষা ও কটা – চিটা কৰাৰ বাবে মৰনোত্তৰ দেহ দান কৰা হাৰাম। কোনোবাই মৃত্যুৰ আগতে ইয়াৰ ওচিয়ত কৰি গলেও সেয়া আমল কৰা নাযাব । কিয়নো , হাদীছত আহিছে :- মৃতৰ হাড় ভঙ্গা জীবিতৰ হাড় ভঙ্গাৰ দৰেই । (মুছলিম,মুআত্ত্বা মালেক-৪৫,আবুদাউদ-৩২০৭,ইবনে মাযা-১৬১৭ ) যি ব্যক্তিয়ে নিজেৰ কোনো অঙ্গৰ ক্ষতি কৰে, তাক শাস্তি দিয়া হব। (ফাতহুল বাৰী ১১/৫৩৯) আল্লাহে কৈছে :- আৰু অৱশ্যে আমি আদম সন্তানক মৰ্যাদা দান কৰিছো, আমিয়েই সিহঁতক স্থলত আৰু সাগৰত চলাচল কৰিবলৈ বাহন দিছো; আৰু সিহঁতক উত্তম জীৱিকা দান কৰিছো আৰু আমাৰ সৃষ্টিৰ বহুতৰে ওপৰত সিহঁতক শ্ৰেষ্ঠত্ব প্ৰদান কৰিছো।(১৭:৭০) আদম সন্তানৰ মর্যাদা বা শ্রেষ্ঠত্বৰ কাৰণে তাৰ অমর্যাদা কৰা জায়েয নহয়। ফাতওয়ায়ে শ্বামীৰ দ্বিতীয় খন্ডৰ ২৪৫ পৃষ্ঠাত কোৱা হৈছে, মৃত্যুৰ পূর্বে দেহ বা চক্ষু দান কৰা জায়েজ নহয়। কাৰণ সেই ব্যক্তি তাৰ দেহৰ মালিক নহয় । না, মৃত্যুৰ আগতে না, মৃত্যুৰ পিছতে। গতিকে বুজা গ’ল যে , মৰনোত্তৰ দেহ দান কৰা জায়েজ নহয়। আনকি মৃত্যুৰ আগতেও নহয়। কাৰণ মানুহ তাৰ দেহৰ মালিক নিজে নহয়। বৰং ইয়াৰ মালিকানা কেৱল আল্লাহ তাআলাৰ। (ফাতওয়ায়ে মাদানিয়া ২য় খন্ড, পৃষ্ঠা ২৫৯) যি বস্তু মৌলিকভাবে মাল বা সম্পদ নহয় সেইটো ও দান কৰা বা বিক্রি কৰা বৈধ নহয়, যেনে স্বাধীন মানুহ ও মানুহৰ বিভিন্ন অঙ্গ (বাদাইউচচানায়ে-৬/১১৯) গতিকে মৰণোত্তৰ দেহ বা চক্ষু অথবা অন্য কোনো অঙ্গ দান কৰা জায়েজ নহয়। তেনেকৈ গবেষণা বা নিজৰ মহত্ত্ব প্রকাশ কৰিবলৈ কোনো দাতব্য প্রতিষ্ঠান বা মেডিকেলত দান কৰাও একেবাৰেই জায়েয নহয়। আৰু এই ক্ষেত্রত আনজনৰ বাবে সেইটো সংগ্রহ ও ব্যবহাৰ কৰাও জায়েজ নহয়।

Leave a comment