প্রশ্ন:-মুছলিমসকল আজি বিভিন্ন দলত বিভক্ত। সকলোৱেই নিজৰ দলক শ্রেষ্ঠ বুলি ভাৱে। ইছলামত এনেদৰে দলে দলে বিভক্ত হোৱা জায়েজ নে?

#প্রশ্ন:-মুছলিমসকল আজি বিভিন্ন দলত বিভক্ত। সকলোৱেই নিজৰ দলক শ্রেষ্ঠ বুলি ভাৱে। ইছলামত এনেদৰে দলে দলে বিভক্ত হোৱা জায়েজ নে?

#উত্তৰ:-নিজৰ দলক শ্রেষ্ঠ দল বুলি ভৱাটো এটি মাৰাত্মক ভুল। ইছলামত কুৰআন আৰু ছহীহ হাদিছ মানি চলা প্ৰতিজন মুছলিমৰ ওপৰত ফৰজ। কোনো মাজহাব বা দলক নহয়। আনহাতে ইছলামত দলে দলে বিভক্ত হোৱা হাৰাম। আল্লাহে কৈছে-

يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَرَسُولَهُ وَلَا تَوَلَّوْا عَنْهُ وَأَنْتُمْ تَسْمَعُونَ

হে মুমিনসকল! তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ আনুগত্য কৰা আৰু তোমালোকে যেতিয়া তেওঁৰ কথা শুনা তেতিয়া তাৰ পৰা মুখ ঘূৰাই নলবা। (ছুৰা আনফাল: ২০)

وَاعْتَصِمُوا بِحَبْلِ اللَّهِ جَمِيعًا وَلَا تَفَرَّقُوا ۚ

আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহবা; (ছুৰা আলে ইমৰান: ১০৩)

إِنَّ الَّذِينَ فَرَّقُوا دِينَهُمْ وَكَانُوا شِيَعًا لَسْتَ مِنْهُمْ فِي شَيْءٍ ۚ إِنَّمَا أَمْرُهُمْ إِلَى اللَّهِ ثُمَّ يُنَبِّئُهُمْ بِمَا كَانُوا يَفْعَلُونَ

নিশ্চয় যিসকলে নিজৰ দ্বীনক বিচ্ছিন্ন কৰিছে আৰু বিভিন্ন দলত বিভক্ত হৈছে, সিহঁতৰ লগত তোমাৰ কোনো সম্পৰ্ক নাই; সিহঁতৰ বিষয়টো আল্লাহৰ ওচৰত, তাৰ পিছত তেৱেঁই সিহঁতক সিহঁতৰ কৃতকৰ্ম সম্পৰ্কে অৱগত কৰাব। (ছুৰা আনআম: ১৫৯)

يَا أَيُّهَا الَّذِينَ آمَنُوا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَأُولِي الْأَمْرِ مِنْكُمْ ۖ فَإِنْ تَنَازَعْتُمْ فِي شَيْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ إِنْ كُنْتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْآخِرِ ۚ ذَٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا

হে মুমিনসকল! তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰাছুলৰ আনুগত্য কৰা লগতে আনুগত্য কৰা তোমালোকৰ মাজৰ ক্ষমতাশীলসকলৰ, তাৰ পিছত তোমালোকৰ মাজত কোনো বিষয় লৈ মতভেদ ঘটিলে সেয়া উপস্থাপন কৰা আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ওচৰত, যদি তোমালোকে আল্লাহ আৰু আখিৰাতক বিশ্বাস কৰা। এই পন্থাই উত্তম আৰু পৰিণামত প্ৰকৃষ্টতৰ। (ছুৰা নিছা: ৫৯)

فَلْيَحْذَرِ الَّذِينَ يُخَالِفُونَ عَنْ أَمْرِهِ أَنْ تُصِيبَهُمْ فِتْنَةٌ أَوْ يُصِيبَهُمْ عَذَابٌ أَلِيمٌ

… এতেকে যিসকলে তেওঁৰ বিৰুদ্ধাচৰণ কৰে সিহঁতে সতৰ্ক হোৱা উচিত যে, সিহঁতে ফিতনাত পতিত হ’ব নাইবা যন্ত্ৰণাদায়ক শাস্তিয়ে সিহঁতক আক্ৰমণ কৰিব। (ছুৰা নুৰ: ৬৩)

فَلَا وَرَبِّكَ لَا يُؤْمِنُونَ حَتَّىٰ يُحَكِّمُوكَ فِيمَا شَجَرَ بَيْنَهُمْ ثُمَّ لَا يَجِدُوا فِي أَنْفُسِهِمْ حَرَجًا مِمَّا قَضَيْتَ وَيُسَلِّمُوا تَسْلِيمًا

কিন্তু নহয়, তোমাৰ প্ৰতিপালকৰ শপত! সিহঁত মুমিন হ’ব নোৱাৰে যেতিয়া লৈকে সিহঁতে সিহঁতৰ মাজত সৃষ্টি হোৱা বিবাদ-বিসম্বাদৰ বিচাৰ কাৰ্যত তোমাক মীমাংসাকাৰী হিচাপে মানি নলয়; (ছুৰা নিছা: ৬৫)

قُلْ إِنْ كُنْتُمْ تُحِبُّونَ اللَّهَ فَاتَّبِعُونِي يُحْبِبْكُمُ اللَّهُ وَيَغْفِرْ لَكُمْ ذُنُوبَكُمْ ۗ وَاللَّهُ غَفُورٌ رَحِيمٌ

কোৱা, ‘তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা, আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধ ক্ষমা কৰিব। আল্লাহ অত্যন্ত ক্ষমাশীল, পৰম দয়ালু’। (ছুৰা আলে ইমৰান: ৩১)

নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, “মোৰ উম্মত ৭৩ ভাগত বিভক্ত হ’ব, এটাৰ বাহিৰে অৱশিষ্ট সকলোৱেই জাহান্নামত যাব। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামক প্ৰশ্ন কৰা হ’ল, ইয়া ৰাছুলুল্লাহ! সেই নাজাতপ্রাপ্ত দল কোনটো? নবী চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে, যিসকলে সেই পথত থাকিব, যি পথত মই আৰু মোৰ চাহাবাসকল আছোঁ।
(তিৰমিযী: ১৭১)

Leave a comment