প্রশ্ন: থার্টি ফাষ্ট নাইট বা নৱবৰ্ষ উদযাপনত মুছলিমসকল অংশ গ্রহণ জায়েয নে?

#প্রশ্ন: থার্টি ফাষ্ট নাইট উদযাপনত মুছলিমসকল অংশ গ্রহণ জায়েয নে?

#উত্তৰ: কোনো মুছলিমৰ কাৰণে হিন্দু বা বিজাতীয়সকলৰ কোনো উৎসৱ, পুজা-পার্বন তথা কাফিৰ-মুশ্বৰিকৰ যিকোনো উৎসৱত অংশ গ্রহণ কৰা বৈধ নহয়।

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে: “যিয়ে যি জাতিৰ অনুসৰণ কৰে সি তাৰেই অন্তর্ভুক্ত হ’ব।”

থার্টি ফাষ্ট নাইট মূলতঃ মুশ্বৰিকসকলে উদ্ভাৱন কৰা বেহায়াপনা উৎসৱ। নৃত্য-গীত¸ বাজনা¸ নিৰ্লজ্জতা¸ নগ্নতাৰ দ্বাৰাই এই উৎসৱৰ সূচনা। মুশ্বৰিকসকলৰ উৎসৱত যোগদান কৰা মানে সিহঁতৰ কুফুৰি কৰ্মক সমর্থন কৰা আৰু সহযোগিতা কৰাৰ লগত চামিল। মুছলিম হৈও যিসকলে এইবোৰ উৎসৱত সিহঁতৰ বন্ধু ও পৰিবাৰ পৰিজনৰ সৈতে যোগ দিয়ে সিহঁতে জাহান্নামৰ জুইৰ ফালে নিজকে ঠেলি দিছে আৰু সভ্যতাৰ নামত বিশ্বৰ নিৰ্লজ্জ অসভ্য বর্বৰ জাতি হিচাবে নিজকে আৰু সিহঁতৰ সন্তানসকলক গঢ়ি তুলিছে। আল্লাহ তা‘আলাই কৈছে:

সিহঁতে এইটোৱেই কামনা কৰে যে, সিহঁতে যেনেকৈ কুফৰী কৰিছে তোমালোকেও তেনেকৈ কুফৰী কৰা, যাতে তোমালোকে সিহঁতৰ সমান হ’ব পাৰা।” (ছুৰা নিছা: ৮৯)

কেৱল নামত মুছলিম হ’লে জান্নাত পোৱা নাযায় আৰু জাহান্নামৰ পৰাও পৰিত্রাণ পোৱা নাযাব। বৰং নামাজ¸ ৰোজা¸ যাকাত¸ হজ্জ ইত্যাদি যাৱতীয় নেক আমল আদায় কৰাৰ লগতে যাৱতীয় পাপাচাৰ¸ কবিৰা গুনাহসমূহ ও কুফুৰি কাজ-কৰ্ম পৰিত্যাগ কৰিলে¸ ইছলামৰ হালাল হাৰামৰ বিধান মানি চলিলেই জান্নাত লাভৰ আশা কৰিব পাৰি।

যিসকল মুছলিমে মুশ্বৰিকসকলৰ উৎসৱত যোগদান কৰে সিহঁতক প্ৰশ্ন কৰিব যে¸ কোনো মুশ্বৰিকে মুছলিমসকলৰ ঈদগাহত, মছজিদৰ নামাজত অংশ গ্রহণ কৰেনে? তেনেহ’লে কি বিবেকৰ বশৱৰ্তী হৈ কিছু মুছলিমে মুশ্বৰিকসকলৰ কুফুৰি উৎসৱত যোগ দান কৰে? ইব্রাহীম আলাইহিচ ছালামক মূর্তি পূজা অনুষ্ঠানত অংশ গ্রহণ কৰিবলৈ দাওৱাত দিলে তেওঁ লগে লগে তাক অস্বীকাৰ কৰি আঁতৰি যায়। সেয়ে মুছলিমসকৰ কাৰণে ইব্রাহীম (আ.)ৰ সেই আদর্শ অনুসৰণ কৰা উচিত।

কোনো নৱবর্ষৰ আৰম্ভণিতে কোনো প্রকাৰ অনুষ্ঠান কৰাৰ অনুমতি ইছলামত দিয় নাই। অন্যান্য দিনৰ দৰেই এইটো এটা দিন। সর্বক্ষণতে অতীতৰ গুনাহৰ কাৰণে তাওবা কৰা ও ভৱিষ্যতত নেক আমলৰ সিদ্ধান্ত লোৱা ও আল্লাহৰ ওচৰত দোৱা কৰাই মুছলিমসকলৰ কাম। কিন্তু যিসকলে তাকে নকৰি কুফুৰি কৰে ও কুফুৰি উৎসৱত যোগদান কৰে সিহঁতৰ কাৰণে ইহকাল ও পৰকালত কঠিন শাস্তি আছে।

আল্লাহ তা‘আলাই আমাক সঠিক মুছলিম হোৱাৰ ও কুফুৰি কামৰ পৰা বিৰত থকাৰ তাওফিক দান কৰক আৰু মুছলিমসকলক সঠিক পথত পৰিচালিত কৰাৰ, দাওৱাত দিয়াৰ মন মানসিকতা দান কৰক। আমীন।
– ড. আবু বকৰ মুহাম্মাদ যাকাৰিয়া

Leave a comment